ফেক্ট চেক: ৰোনাল্ড’য়ে কোৱা নাই যে তেঁওক আটাইতকৈ বেছি ইচলামক ভাল পায়, ভাইৰাল হোৱা বক্তব্য ভুৱা
- By Vishvas News
- Updated: February 28, 2023

নতুন দিল্লী (বিশ্বাস নিউজ) সামাজিক মাধ্যমত ক্ৰিষ্টিয়ান’ ৰোনাল্ড’ৰ এখন ছবি ভাইৰাল হৈ আছে, য’ত তেঁওক বুৰ্খা পিন্ধা এজন মহিলাৰ লগত মঞ্চত বহি থকা অৱস্থাত দেখা পোৱা গৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, তেঁও সাক্ষাৎকাৰ এটাত কৈছে যে, তেঁও আটাইতকৈ বেছি ইচলামক ভাল পায়।
বিশ্বাস নিউজে ভাইৰাল হোৱা দাবিৰ তদন্ত কৰি এই তথ্য লাভ কৰিছে যে, ৰোনাল্ড’য়ে এনে কোনো মন্তব্য কৰা নাই। দুবাই এক্সপ’ 2020 ত হোৱা এখন আলোচনা চক্ৰত তেঁও সেই স্থানৰ সংস্কৃতি আৰু মানুহৰ বিষয়ে কৈছিল যে, তেঁও এইবিলাক ভাল পায়। ইচালাম সন্দৰ্ভত কৰা যিটো মন্তব্য ভাইৰাল কৰা হৈ আছে এয়া ভুল।
ভাইৰাল পোষ্টত কি আছে?
ফেচবুক ব্যৱহাকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, চৌদি আৰবৰ এই মুচলিম মহিলায় ক্ৰিষ্টিয়ান’ ৰোনাল্ড’ক প্ৰশ্ন সুধিলে। # ৰোনাল্ড’ আপুনি কাক আটাইতকৈ বেছি ভাল পায়, “ক্ৰিষ্টিয়ান’ ৰোনাল্ড’য়ে ক’লে যে মই #ইচলামক ভাল পাঁও।’
পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।
তদন্ত
আমাৰ তদন্ত কাৰ্যৰ আৰম্ভণিত আমি পুনপ্ৰথমতে সংবাদখন বিছাৰিলো, কিন্তু আমি এনে কোনো সংবাদ নাপালোঁ। যদি এনে কোনো সংবাদ সঁচা হ’লে হেঁতেন, কোৰবাত নাই কোৰবাত নিশ্চয় থাকিলে হেঁতেন। তদন্ত আগবঢ়াই নিঁওতে গুগল লেঞ্চৰ জৰিয়তে আমি ছবিখন বিছাৰিলো। এই খোঁজ প্ৰক্ৰিয়াত ছবিখন বহুত নিউজ ওৱেবচাইটত আপল’ড হোৱা পালো।

খলিজ টাইমচ-ৰ 28 জানুৱাৰী 2022 ৰ খবৰ অনুসৰি, ‘দুবাই এক্সপ’ 2020 ত ৰোনাল্ড’য়ে অংশগ্ৰহণ কৰিছিল আৰু তেঁওক লগ পাবলৈ হাজাৰ হাজাৰ মানুহ দুবাইত গোট খাইছিল।’ এই সংবাদটোত ৰোনাল্ড’ৰ লগত হোৱা কথপোকথনৰ কিছু বক্তব্যও উল্লেখ কৰা আছিল। যদিও ভাইৰাল দাবি সন্দৰ্ভত একো নাছিল।

এক্সপ’ দুবাইৰ ওৱেবচাইটত আমি ৰোনাল্ড’ৰ সম্পূৰ্ণ প্ৰশ্নত্তৰ পৰ্ব পালোঁ। 18 মিনিটৰ এই ভিডিঅ’খনত আমি কত’ ‘মই ইচলামক ভাল পাঁও’- ৰ দৰে কোনো মন্তব্য নাপালোঁ। যদিও
‘আপোনাৰ দুবাই কেনে পালে?’ এই প্ৰশ্নৰ উত্তৰে ৰোনাল্ড’য়ে কৈছিল,
‘যেনে ইয়াৰ মানুহে গম পায় যে মই দুবাইক ভাল পাঁও, কাৰণ এঁওলোকে মোৰ লগত অসাধাৰণ ব্যৱহাৰ কৰে। মই ইয়াৰ মানুহক ভাল পাঁও, এই সংস্কৃতিক ভাল পাঁও আৰু মই প্ৰতি বছৰ ইয়াত আঁহো, আৰু এই বাবে ইয়াত আহি ভাল পাঁও।
আমি নিশ্চিতিকৰণৰ বাবে চিনিয়ৰ খেল সাংবাদিক বিনীত ৰামকৃষ্ণণৰ লগত যোগাযোগ কৰিলোঁ আৰু তেঁও আমাক জঁনালে যে, ৰোনাল্ড’য়ে ইচলামক লৈ এনে কোনো মন্তব্য কৰা নাই।
ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুকৰ ছ’ছিয়াল ষ্কেণিঙত এই তথ্য পোহৰলৈ আহিল যে, এই পেজ পশ্চিম বঙ্গৰ পৰা পৰিচালনা কৰা হয়।
উপসংহাৰ: বিশ্বাস নিউজে ভাইৰাল হই থকা দাবিৰ তদন্তত এই তথ্য লাভ কৰিলে যে, ৰোনাল্ড’য় এনে কোনো মন্তব্য কৰা নাই। দুবাই এক্সপ’ 2020 ত হোৱা এই আলোচনা পৰ্বত তেঁও কৈছিল যে তেঁও দুবাইৰ মানুহ আৰু সংস্কৃতিক ভাল পায়। ইচলাম সন্দৰ্ভত ভাইৰাল হৈ থকা মন্তব্য ভুল।
- Claim Review : ৰোনাল্ড’ৰ সাক্ষাৎকাৰ এটাত কৈছে যে, তেঁও আটাইতকৈ বেছি ইচলামক ভাল পায়।
- Claimed By : Viral social media clips
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com