Fact Check: প্ৰধানমন্ত্ৰী মোডীৰ মোৰবি পৰিদৰ্শনৰ নামত বিজেপি 30 কোটি খৰচ কৰা বুলি ভাইৰেল হোৱা RTI জবাব মিছা হয়
- By Vishvas News
- Updated: December 17, 2022

নতুন দিল্লী (বিশ্বাস নিউজ)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মোৰবি পৰিদৰ্শনক লৈ বিভিন্ন দাবী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এনেকুৱা এটা দাবী হ’ল, প্ৰধানমন্ত্ৰীৰ পৰিদৰ্শনৰ নামত জিলা প্ৰশাসনে 30 কোটি টকা খৰচ কৰিছে। লগতে এয়াও দাবী কৰা হৈছে যে তথ্য জনাৰ অধিকাৰ (RTI) আইন অনুসৰি আৱেদন দাখিল কৰাৰ পাছত এই তথ্য পোৱা গৈছে।
বিশ্বাস নিউজে ইয়াৰ তদন্ত কৰি গম পাইছে যে এই দাবী মিছা হয় আৰু ভোটাৰসকলক প্ৰভাৱিত কৰাৰ কাৰণে এয়া এক ৰাজনৈতিক অপপ্ৰচাৰ হে আছিল। ভাইৰেল হোৱা পোষ্টত যিটো RTI-ৰ কথা উল্লেখ কৰা হৈছে সেয়া মিছা হয়। মোৰবি জিলা প্ৰশাসনে কৈছে যে এনেকুৱা কোনো RTI আৱেদন জমা পৰা নাই আৰু তেওঁলোকেও এনেকুৱা কোনো আৱেদনৰ উত্তৰ দিয়া নাই। আনহাতে, স্ক্ৰীণশ্বট এটা ভাইৰেল কৰি কোৱা হৈছে যে এইটো গুজৰাতি বাতৰি কাকতত ওলোৱা খবৰ হয়। কিন্তু এইটোও ডিজিটেল পদ্ধতিত মিছাকৈ তৈয়াৰ কৰা হৈছে। গুজৰাতি বাতৰি কাকতত এনেকুৱা কোনো বাতৰি ওলোৱা নাই।
দাবী
ছ’চিয়েল মিডিয়া ইউজাৰ ‘ৰাধেশ্যাম যাদৱ’ এটা পোষ্ট (আৰ্কাইভ হোৱা লিংক) শ্বেয়াৰ কৰিছে। সেইটোত তৃণমূল কংগ্ৰেছ নেতা সাকেত গোখলেৰ এটা টুইটৰ স্ক্ৰীণশ্বটো দিয়া হৈছে। তাত দাবী কৰা হৈছে যে, RTI অনুসন্ধান কৰি এই পোষ্ট পোৱা গৈছে। এই পোষ্টত বিতং ভাৱে কোৱা হৈছে যে, নৰেন্দ্ৰ মোডীৰ মোৰবি পৰিদৰ্শনৰ নামত কেনেকৈ 30 কোটি টকা খৰচ কৰা হৈছে। তাৰে 5.5 কোটি টকা খৰচ কৰা হৈছে কেৱল আদৰণি, অনুষ্ঠান পৰিচালনা আৰু ফটোগ্ৰাফিৰ নামত।
বহু কেইজন ইউজাৰে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই একে দাবী পোষ্ট কৰি আছে।
তদন্ত
সাকেত গোখলেৰ টুইট (আৰ্কাইভ লিংক) এতিয়াও টুইটাৰত সক্ৰিয় হৈ আছে। ইফালে, এজন ইউজাৰে এই টুইটাৰ পোষ্টত থকা স্ক্ৰীণশ্বটক লৈ প্ৰশ্ন সুধিছে। ইয়াৰ উত্তৰত আন এজন ইউজাৰ দক্ষ পটেল কৈছে, ‘গুজৰাত সমাচাৰ’।
RTI কৰি গম পোৱা গৈছে যে মোডীৰ মাথোঁ কেই ঘণ্টাৰ মোৰবি ভ্ৰমণৰ নামত 30 কোটি টকা খৰচ কৰৈ হৈছে।
তাৰে 5.5 কোটি টকা খৰচ হৈছে আদৰণি, অনুষ্ঠান পৰিচালনা আৰু ফটোগ্ৰাফিৰ নামত।
দুৰ্ঘটনাত মৃত্যু হোৱা 135 জনৰ পৰিয়ালে 4 লাখ টকাকৈ পাইছে অনুদান হিচাপে। অৰ্থাৎ মুঠ 5 কোটি টকা।
135 জনৰ মানুহৰ জীৱনৰ তুলনাত মোডীৰ অনুষ্ঠান আৰু PR-ৰ মূল্য বহুত অধিক হয়।pic.twitter.com/b4YNi1uB9c
অৱশ্যে, এই টুইটক এতিয়া ডিলিট কৰি দিয়া হৈছে (আৰ্কাইভ লিংক ইয়াত আছে)। ভাইৰেল হোৱা পোষ্টত এখন গুজৰাতি কাকতৰ অংশ আছে। গুগল লেন্সৰ সহায়ত সেইটোক অনুবাদ কৰি চোৱা হৈছে।
ইয়াৰ পাছত, বিশ্বাস নিউজে গুজৰাত সমাচাৰৰ সম্পাদক পৰীক্ষিত যোশীৰ সৈতে ভাইৰেল হোৱা ছবিৰ সন্দৰ্ভত যোগাযোগ কৰিছিল। তেওঁ টুইটৰ দাবী নাকচ কৰি কৈছে যে এনেকুৱা কোনো বাতৰি গুজৰাত সমাচাৰত ওলোৱা নাই। যোশী কৈছে, “এয়া মিছা বাতৰি হয়। এনেকুৱা কোনো বাতৰি গুজৰাত সমাচাৰত ওলোৱা বুলি যি দাবী কৰা হৈছে সেয়া আমি নাকচ কৰিলোঁ।”
তেওঁ কৈছে যে এই দাবীক ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-ও নস্যাত কৰিছে। গুজৰাতত এই দলৰ টুইটাৰ হেণ্ডলত এটা বিবৃতি জাৰি কৰি কোৱা হৈছে, “এয়া মিছা বাতৰি হয়। এনেকুৱা কোনো RTI আৱেদন কৰা হোৱা নাই। এনেকুৱা কোনো বাতৰিও ওলোৱা নাই। এয়া সম্পূৰ্ণ মিছাকৈ বনোৱা কথা হয়। TMC হ’ল মিছলীয়া মানুহৰ দল। ইয়াত @MamataOfficial-ৰপৰা আৰম্ভ কৰি আপোনালোকৰ দৰে তুচ্ছ মুখপাত্ৰ, সকলেই মিছা কথা কয়।”
বাতৰিৰ প্ৰতিবেদন অনুসৰি, গুজৰাতৰ মোৰবিত দলং দুৰ্ঘটনাত 140 জন মানুহৰ মৃত্যু হোৱাৰ পাছত দুৰ্ঘটনা স্থল পৰিদৰ্শনত গৈছিলে প্ৰধানমন্ত্ৰী মোডী। তেওঁ সেই সময়ত আহমেদাবাদ বিষয়ববীয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকো কৰিছিলে।

মোৰবিৰ স্থানীয় প্ৰশাসনে ক’ত কিমান ব্যয় কৰিছে তাৰে এটা হিচাপ দিয়া হৈছে ভাইৰেল হোৱা পোষ্টত। বিশ্বাস নিউজে এই সন্দৰ্ভত মোৰবি জিলাশাসক GT পাণ্ড্যৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ জনাইছে, “জিলা প্ৰশাসনৰ কাৰ্যালয়ত এনেকুৱা কোনো RTI আৱেদন জমা হোৱা নাই। RTI-য়েই যদি জমা হোৱা নাই, তেন্তে তাৰ উত্তৰ দিয়াৰ প্ৰশ্নই নুঠে। এই পোষ্ট মিছাকৈ বনোৱা হয়।”
অৱশ্যে, সোমবাৰ ৰাতি ঘটনা নতুন দিশত আগবাঢ়িছে। অমুক আৰু তমুক মিডিয়া আউটলেটত এই বাতৰি ওলাইছে যে মোৰবি দলং দুৰ্ঘটনাক লৈ টুইট কৰাৰ অভিযোগত গুজৰাত আৰক্ষীয়া সাকেত গোখলেক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য, গুজৰাত বিধানসভা নিৰ্বাচন 2022-ৰ ফলাফল 8 ডিচেম্বৰ, 2022 তাৰিখত প্ৰকাশিত হৈছে।
সিদ্ধান্ত: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মোৰবি পৰিদৰ্শনৰ নামত 30 কোটি টকা খৰচ হোৱা বুলি যি দাবী কৰা হৈছে সেয়া মিছা আৰু বনোৱা হয়। ‘গুজৰাত সমাচাৰ’-ত ওলোৱা বাতৰি বুলি যি স্ক্ৰীণশ্বট দিয়া হৈছে, সেয়াও মিছা হয়। মোৰবি জিলা প্ৰশাসনেও এইবোৰ দাবীক নস্যাত কৰিছে।
- Claim Review : RTI-ত প্ৰকাশ, প্ৰধানমন্ত্ৰী মোডীৰ মোৰবি পৰিদৰ্শনৰ নামত 30 কোটি টকা খৰচ
- Claimed By : Fb ইউজাৰ: ৰাধেশ্যাম যাদৱ
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com