তথ্য পৰীক্ষা: বিমানত সাপ পোৱাৰ এই পুৰণি ফটোবোৰ এয়াৰ ইণ্ডিয়াৰ নহয়, এয়োৰোমেক্সিকো বিমানৰ
- By Vishvas News
- Updated: December 24, 2022

নতুন দিল্লী (বিশ্বাস নিউজ): শেহতীয়াকৈ, এয়াৰ ইণ্ডিয়াৰ কাৰ্গো হোল্ড বিমানত এটা সাপ পোৱাৰ খবৰ লাভ কৰা হৈছিল। তাকে লৈ ছ’চিয়েল মিডিয়াত দুখন ফটো ভাইৰেল হৈ আছে। সেইবোৰত সাপ দেখা পোৱা গৈছে। এইবোৰ শ্বেয়াৰ কৰি, কিছুমান ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এই ফটোবোৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত পোৱা সাপৰ।
বিশ্বাস নিউজে নিজা অনুসন্ধানত বিচাৰি পাইছে যে ভাইৰেল ফটোবোৰ পুৰণি। এই ফটোবোৰ 2016 চনত এয়োৰোমেক্সিকো বিমানৰ ভিতৰত পোৱা এটা সাপৰ। সেই সময়ত, বিমানখনত উপস্থিত যাত্ৰীয়ে তেওঁৰ কেমেৰাত সাপটো বন্দী কৰিছিল।
ভাইৰেল পোষ্টটোত কি আছে?
ফেচবুক ব্যৱহাৰকাৰী Aircraft Engineering (আৰ্কাইভ লিঙ্ক) য়ে 13 ডিচেম্বৰত ফটোবোৰ শ্বেয়াৰ কৰিছিল আৰু লিখিছিল,
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত সাপ পোৱা গৈছে, ডিজিচিএয়ে তদন্তৰ নিৰ্দেশ দিছে
অনুসন্ধান
ভাইৰেল দাবীৰ অনুসন্ধান কৰিবলৈ, আমি প্ৰথমে গুগল ৰিভাৰ্চ ইমেজৰ সহায়ত ফটোখন অনুসন্ধান কৰিছিলো। এই ছবিবোৰ 8 নৱেম্বৰ, 2016 তাৰিখে ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে বৰ্তমানৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই। বাতৰি অনুসৰি, এয়োৰোমেক্সিকো বিমানত এটা সেউজীয়া সাপ দেখা গৈছিল। বিমানখন টৰিয়নৰ পৰা মেক্সিকো চিটিলৈ গৈ আছিল। সাপটো লাগেজ কম্পাৰ্টমেণ্টৰ পিছফালে থকা চিলিংত দেখা গৈছিল। বিমানখনত থকা যাত্ৰী ইণ্ড’লেচিঅ মদিনাই তেওঁৰ কেমেৰাত সাপটোৰ ভিডিঅ’ বন্দী কৰিছিল।

ঘটনাটোৰ এটা ভিডিঅ’ ইণ্ড’লেচিঅ মেডিনা (আৰ্কাইভ লিঙ্ক) নামৰ এটা টুইটাৰ একাউণ্টতো দেখা যায়। 7 নৱেম্বৰ, 2016 তাৰিখে আপলোড কৰা 27 ছেকেণ্ডৰ ভিডিঅ’টো চাব পাৰি। এইকথাও লিখা হৈছে যে এই অনন্য অভিজ্ঞতাটো টৰিয়নৰ পৰা মেক্সিকোলৈ এৰোমেক্সিকো ফ্লাইট 231 ত লাভ কৰা হৈছিল।
ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ইউটিউব চেনেলতো বিমানখনত সাপৰ ভিডিঅ’ দেখা যায়। এই অনুসৰি, টৰিয়নৰ পৰা মেক্সিকো চিটিলৈ যোৱা এয়োৰোমেক্সিকো বিমানত সাপটো পোৱা গৈছিল। ভিডিঅ’টো 9 নৱেম্বৰ, 2016 তাৰিখে আপলোড কৰা হৈছিল।
আমি এই বিষয়ে ফেচবুকৰ জৰিয়তে ইণ্ড’লেচিঅ মদিনাৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ এইদৰে মতামত দিছিল, “এই ছবিবোৰ এয়োৰোমেক্সিকো বিমানৰ আৰু বহুপুৰণি।’
ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে ভাইৰেল ফটোবোৰ নৱেম্বৰ 2016-ৰ, শেহতীয়াকৈ তোলা নহয়। ইয়াৰ পিছত, আমি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত সাপ পোৱাৰ ঘটনাৰ বিষয়ে অনুসন্ধান কৰিছিলো। ইণ্ডিয়া টুডে’ ত 10 ডিচেম্বৰ, 2022 তাৰিখে এটা বাতৰি প্ৰকাশিত হৈছে। এই অনুসৰি, ডুবাই অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখনৰ কাৰ্গো হোল্ডত এটা সাপ পোৱা গৈছে। শনিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (DXB) বিমানখন অৱতৰণ কৰাৰ পিছত সাপটো পোৱা গৈছিল। জ্যেষ্ঠ বিষয়াসকলৰ মতে, অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধান ডিচিজিএয়ে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। কেৰালাৰ কালিকটৰ পৰা উৰা মৰা বিমান বি737-800 ৰ সকলো যাত্ৰীয়ে সুৰক্ষিতভাৱে অৱতৰন কৰিছিল। ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে ডিএক্সবি বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত বিমানখনৰ কাৰ্গো হোল্ডত সাপটো পোৱা গৈছিল।

আমি পুৰণি ফটোখন শ্বেয়াৰ কৰা ফেচবুক পৃষ্ঠা ‘এয়াৰক্ৰাফ্ট ইঞ্জিনীয়াৰিং’ স্কেন কৰিছিলো। 26 মাৰ্চ, 2017 তাৰিখে সৃষ্টি কৰা এই পৃষ্ঠাটোৰ 25 হাজাৰৰো অধিক অনুসৰণকাৰী আছে।
উপসংহাৰ: শেহতীয়াকৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানএখনৰ কাৰ্গো হোল্ডত এটা সাপ পোৱা গৈছিল। ডুবাইত অৱতৰণ কৰাৰ পিছত, এই সাপটো দেখা গৈছিল। ডিজিচিএ-য়েও ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে, কিন্তু বিমানখনত থকা সাপটোৰ ভাইৰেল ছবিবোৰ এয়োৰোমেক্সিকো বিমানৰ। ঘটনাটো 2016 চনৰ নৱেম্বৰত সংঘটিত হৈছিল।
- Claim Review : এই ছবিবোৰ এয়াৰ ইণ্ডিয়াৰ বিমানত পোৱা এটা সাপৰ।
- Claimed By : এফবি ব্যৱহাৰকাৰী- এয়াৰক্ৰাফ্ট ইঞ্জিনীয়াৰিং
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com