X

Fact Check: ফটোত তাইমুৰৰ সৈতে থকা কেঁচুৱাটি ছৈঈফ আলী খান আৰকু কৰীণা কাপুৰৰ নৱজাত সন্তান নহয়

  • By Vishvas News
  • Updated: March 1, 2021

বিশ্বাস নিউজ (নতুন দিল্লী) । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ অভিনেতা ছৈঈফ আলী খান আৰু অভিনেত্ৰী কৰিণা কাপুৰৰ ডাঙৰ ল’ৰা টাইমুৰ আলী খানৰ এখন ছবি ব্যাপকভাৱে ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত তাইমুৰৰ কোলাত এটি কেঁচুৱা বহি আছে। ছ’চিয়েল মিডিয়া ইউজাৰসকলে এই ফটোখন শ্বেয়াৰ কৰি দাবী কৰিছে যে এই কণমানি কেঁচুৱাটি বিগত ২১ ফেব্ৰুৱাৰীত জন্মলাভ কৰা টাইমুৰ আলী খানৰ কনিষ্ঠ ভাতৃ।

বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুৱা বুলি জানিব পৰা গৈছে। টাইমুৰ আলী খানৰ সৈতে থকা নৱজাতক শিশুটি টাইমুৰৰ ভাতৃ নহয়। এই ফটোখন ২০২০ চনৰ নৱেম্বৰ মাহৰ, আনহাতে ছৈঈফ আলী খান আৰু কৰিণা কাপুৰৰ দ্বিতীয়টো সন্তানৰ জন্ম হৈছে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহতহে। 

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Audy Kundra ই “✨ 💫 Zee Magic Séries ✨ 💫” নামৰ এটা ফে’চবুক পেজত টাইমুৰ আলী খান আৰু এটি নৱজাতক শিশুৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘টাইমুৰ আলী খান আৰু তেওঁৰ কনিষ্ঠ ভাতৃ, যাৰ নাম এতিয়ালৈ অজ্ঞাত’

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে এই ভাইৰেল ফটোখন সৰ্বপ্ৰথমে গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ ব্যৱহাৰ কৰি নিজৰ অনুসন্ধান আৰম্ভ কৰিছিল। আমি ইণ্টাৰনেটত এই ফটোখনৰ সৈতে জড়িত বহি ফলাফল লাভ কৰিলো। আমি এই ফটোখন nainas89 নামৰ ইনষ্টাগ্ৰাম একাউণ্টত ২০২০ চনৰ ১২ নৱেম্বৰত আপলোড কৰা বুলি জানিব পাৰিছো। এই ইনষ্টাগ্ৰাম একাউণ্টৰ গৰাকী হৈছে নেইনা চাহানী। জানিব পৰা মতে, নেইনা চাহানী হৈছে কৰিণা কাপুৰৰ মেনেজমেণ্ট দলটোৰ সদস্য। তেওঁ এই ফটোখন আপলোড কৰি লিখিছিল “Thank you for having us Bebo @kareenakapoorkhan ❤️ Sia made her first friend ❤️ love you both @poonamdamania”

আমি এই ছবিখন hindi.desimartini.com ত প্ৰকাশিত এটা প্ৰতিবেদনতো লাভ কৰিছো। ২০২০ চনৰ ১২ নৱেম্বৰত প্ৰকাশিত এই খবৰ অনুসৰি ছৈঈফ আলী খান আৰু কৰিণা কাপুৰ খানৰ প্ৰথমটো সন্তান নবাব টাইমুৰ খানৰ এখন সুন্দৰ ফটোৱে শেহতীয়াকৈ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ৩ বছৰীয়া টাইমুৰৰ এখন নতুন ফটো দেখিবলৈ পোৱা গৈছে, এই ফটোখনত টাইমুৰে এগৰাকী মৰম লগা কন্যা শিশুৰ সৈতে প’জ দি থকা দেখা গৈছে…. এই ফটোখন কৰিণা কাপুৰ খানৰ মেনেজমেণ্ট দলৰ সদস্য নেইনা চাহানীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। প্ৰকৃততে কৰিণা কাপুৰ খানৰ ব্যক্তিগত সহায়ক নেইনা চাহানী অলপতে এগৰাকী কন্যা সন্তানৰ মাতৃত্ব অৰ্জন কৰিছে, সন্তানটিৰ নাম দিছে ছিয়া। অলপতে কৰিণা কাপুৰে নিজৰ দলটোক ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল। এই নিশাৰ আহাৰ গ্ৰহণৰ বাবে কৰিণাৰ মেনেজাৰ আৰু বন্ধু পুনম দমানিয়াও আছিল। নেইনাই নিশাৰ আহাৰ গ্ৰহণৰ পিছত কিছু ফটো নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল। এই ফটোবোৰৰ ভিতৰত টাইমুৰে নেইনাৰ কন্যা ছিয়াৰ সৈতে খেলি থকা ফটোও দেখা গৈছে। নেইনাই কৈছে যে তেওঁৰ সন্চান ছিয়াই তাইৰ প্ৰথমগৰাকী বন্ধু টাইমুৰক পালে।”

এই ভাইৰেল দাবী সন্দৰ্ভত আমি আমাৰ সহযোগী দৈনিক জাগৰণৰ বলীউদ শিতানৰ মুখ্য সংবাদদাতা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰো। আমি তেওঁৰ সৈতে ভাইৰেল দাবী সন্দৰ্ভত আলোচনা কৰো। স্মিতাই কয়, “কৰিণা কাপুৰ খানে ২১ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে নিজৰ দ্বিতীয়টো সন্তান জন্ম দিছে। তেতিয়াৰে পৰা মাক-দেউতাকৰ উপৰিও আন কোনেও এইঅ নৱজাত শিশুটিৰ কোনো ফটো কোনো মাধ্যমতেই ৰাজহুৱা কৰা নাই। সংবাদ মাধ্যমকো তেওঁলোকৰ গোপনীয়তা তথা ব্যক্তিগত চিন্তাধাৰাক সন্মান জনোৱাৰ আহ্বান জনাইছে। ভাইৰেল ফটোত দেখা শিশুটি কৰিণা কাপুৰৰ মেনেজমেণ্ট দলৰ সদস্য নেইনা চাহানীৰ কন্যা সন্তান।

বিশ্বাস নিউজে এই ভাইৰেল দাবীটো শ্বেয়াৰ কৰা ফে’চবুক পেজ Zee Magic Séries ৰ প্ৰ’ফাইল স্কেন কৰি লাভ কৰা তথ্য অনুসৰি ইয়াত সম্প্ৰতি ৫২০.৭ হাজাৰ ফ’ল’ৱাৰ্ছ আছে। 

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টৰ দাবীটো মিছা বুলি জনা গ’ল। টাইমুৰ আলী খানৰ সৈতে ফটো থকা নৱজাত কেঁচুৱাটি টাইমুৰৰ ভাতৃ নহয়। এই ফটোখন ২০২০ চনৰ নৱেম্বৰ মাহত তোলা ফটো, আনফালে ছৈঈফ আলী খান আৰু কৰিণা কাপুৰৰ কনিষ্ঠ পুত্ৰৰ জন্ম হৈছে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later