ফেক্ট চেক: এজন ব্যক্তিৰ ইউক্ৰেইনৰ পতাকা সলাই চভিয়েত ইউনিয়নৰ পতাকা লগোৱা ছবিসমূহ নতুন নহয়
বিশ্বাস নিউজৰ তদন্তত, দাবিটো বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। এই ছবিসমূহ সাম্প্ৰতিক সময়ৰ নহয়।
- By Vishvas News
- Updated: May 13, 2022

নিউ দিল্লি (বিশ্বাস নিউজ). ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়চোৱাত, সামাজিক মাধ্যমত এখন মহাবিদ্যালয়ৰ ছবি ভাইৰাল হৈ আছে, যত এজন ব্যক্তিক বিল্ডিং এটাত ইউক্ৰেইনৰ পতাকা সলাই চ’ভিয়েত ইউনিয়নৰ পতাকা লগোৱা দেখা গৈছে।পোষ্টটো এই দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈছে যে এয়া সাম্প্ৰতিক সময়ৰ ছবি। বিশ্বাস নিউজে ইয়াৰ তদন্তত জানিব পাইছে যে এই ছবিসমূহ সাম্প্ৰতিক সময়ৰ নহয়।
কি ভাইৰাল হৈছে?
ভাইৰাল ছবিবোৰ(আৰ্কিভ লিঙ্ক) শ্বেয়াৰ কৰি সামাজিক মাধ্যমৰ পেজ ‘মিৰণা জে মিনকফ’-এ লিখিছে যে, “মাৰিওপল-ৰ লিচ্ প্লান্টত ৰঙা পতাকায় ইউক্ৰেইনৰ পতাকাক সলাই পেলাইছে।”
তদন্ত
ভাইৰাল পোষ্টটো পৰীক্ষা কৰিবলৈ, আমি ছবিসমূহৰ গুগল ৰিভাৰ্ছ ইমেজ বিছাৰিছো। আমি ригада ризрак নামৰ এখন ইউটিউব চেনেলত 2015-ৰ মাৰ্চৰ 3 তাৰিখে আপল’ড হোৱা এখন ভিডিও বিছাৰি পালো। ভাইৰাল হোৱা অংশসমূহ এই 4 মিনিট 23 চেকেণ্ডৰ ভিডিওটোৰ 4 মিনিট 5 চেকেণ্ডৰ পৰা দেখিব পোৱা যায়।
আমি 2015-ৰ 4 মাৰ্চতও আন এখন ইউটিউব চেনেল, ভক্সকম ইণ্টাৰনেচনেলত আপল’ড হোৱা ভিডিও এখনত একে ছবিবোৰ দেখা পাঁও। ভিডিওৰ বিৱৰণত সদৰি কৰা হৈছে “ডনবাচ-ত চভিয়েত পতাকা উত্তলন”
আমি এই সন্দৰ্ভত ইউক্ৰেইনৰ ফেক্ট-চেকাৰহঁতৰ লগত যোগাযোগ কৰিছো।এই নিউজটো তেঁওলোকে প্ৰদান কৰা প্ৰতিক্ৰিয়া অনুসৰি আপডেট কৰা হ’ব।
ব্যৱহাৰকাৰী মিৰণা জে মিনকফ, জোনে এই ভাইৰাল পোষ্টখন এটা অসত্য দাবিৰ সৈতে শ্বেয়াৰ কৰিছে, এজন উৰুগুৱেৰ বাসিন্দা।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত, দাবিটো বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। এই ছবিসমূহ সাম্প্ৰতিক সময়ৰ নহয়।
- Claim Review : ৰঙা বেনাৰে মাৰিওপলৰ লিচ প্লান্টত ইউক্ৰেইনৰ পতাকা সলাই পেলাইছে
- Claimed By : สงครามแห่งความอยู่รอด
- Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com