X

Fact Check : ৰে’ল চলাচল বন্ধ হোৱাৰ ভাইৰেল খবৰ এবছৰ পুৰণি

  • By Vishvas News
  • Updated: March 25, 2021

বিশ্বাস নিউজ (নতুন দিল্লী) । যিসময়ত সমগ্ৰ বিশ্বই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ অব্যাহত ৰাখিছে, ঠিক তেনে সময়তে এচাম লোকে আকৌ ভুৱা খবৰ বিয়পাই দিয়াৰ স্বভাৱ এৰিব পৰা নাই। এতিয়া শেহতীয়াকৈ এটা এবছৰ পুৰণি বাতৰি এতিয়াৰ বুলি ভাইৰেল কৰিবলৈ লৈছে।

ছ’চিয়েল মিডিয়াত এবিপি নিউজৰ এটা ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ থকা দেকা গৈছে। এই ভিডিঅ’টো ভাইৰেল কৰি তাৰ লগতে দাবী কৰা হৈছে যে অহা ৩১ মাৰ্চলৈ সকলো ৰে’ল বাতিল কৰা হৈছে।

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ সত্যতা বিচাৰ কৰি অনুসন্ধান আৰম্ভ কৰে। এই অনুসন্ধানত আমি জানিব পাৰো যে ২২ মাৰ্চ, ২০২০ তাৰিখৰ এটা বিশেষ বাতৰি এতিয়া ইচ্ছাকৃতভাৱেই ভাইৰেল কৰা হৈছে। আমাৰ অনুসন্ধানত এই বাইৰেল পোষ্ট ভুৱা বুলি প্ৰতিপন্ন হৈছে।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক পেজ মুদচ্ছৰ মালিক অফিচিয়েলে ১৫ মাৰ্চ, ২০২১ তাৰিখে এটা বাতৰি আপলোড কৰি লিখিছে – ‘Indian Railways Cancels All Passenger Trains Till March 31 | ABP News’

এই খবৰটো শেহতীয়া খবৰ বুলি ধৰি লৈ আন একাংশ ইউজাৰেও ভাইৰেল কৰিবলৈ লৈছে। উল্লেখ্য যে এই খবৰটো ফে’চবুকৰ উপৰিও টুইটাৰতো ভাইৰেল হৈছে। বিশ্বাস নিউজৰ ফেক্ট চেকিং হোৱাটছএপ্প চাটব’টত তো (+91 95992 99372) এই দাবীৰ সত্যতা নিৰূপণৰ বাবে অনুৰোধ লাভ কৰা গৈছে। এগৰাকী ইউজাৰে ভাইৰেল হৈ থকা এই ভিডিঅ’টো আমাৰ সৈতে শ্বেয়াৰ কৰি এই সন্দৰ্ভত সত্যতা জানিবলৈ বিচাৰিছিল।

ফে’চবুক পোষ্ট ৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে ৫:৫৮ মিনিটৰ ভাইৰেল ভিডিঅ’টো তন্নতন্নকৈ পৰীক্ষা কৰে। ভিডিঅ’টো চায়েই এই কথা জানিব পৰা যায় যে এই বাতৰি শেহতীয়া নহয়, বৰঞ্চ বিগত বৰ্ষৰহে।

ইয়াৰ পিছতে বিশ্বাস নিউজে ভাইৰেল পোষ্টত দাবী কৰা দিশবোৰ গুগল ছাৰ্ছ কৰিবলৈ লয়। ইয়াৰ বাবে আমি ‘Indian Railways Cancels All Passenger Trains Till March 31’ টাইপ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰো। আমি এই সন্দৰ্ভত কোনো খবৰ লাভ নকৰিলো, যিয়ে এই কথা প্ৰমাণ কৰে যে এই ভাইৰেল পোষ্ট শেহতীয়া খবৰৰ অংশ।

আমাৰ অনুসন্ধান অব্যাহত ৰাখি ইউটিউবত সংশ্লিষ্ট খবৰৰ সৈতে জড়িত বিভিন্ন ভিডিঅ’ পৰীক্ষা বিচাৰিবলৈ ললো।  প্ৰকৃত ভিডিঅ’টো আমি এবিপি নিউজৰ ইউটিউব চেনেলত লাভ কৰিলো। ২২ মাৰ্চ ২০২০ তাৰিখে আপলোড কৰা এই খবৰটো দেখি এই কথা প্ৰমাণিত হৈছে যে বিগত বছৰৰ এক বিশেষ বাতৰি কিছুসংখ্যক লোকে শেহতীয়া বাতৰি বুলি উল্লেখ কৰি ভাইৰেল কৰি আছে।

অনুসন্ধানৰ পৰৱৰ্তী পৰ্যায়ত আমি ভাৰতীয় ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ সৈতে যোগাযোগ স্থাপন কৰো। তেওঁ এই বাইৰেল পোষ্ট ভুৱা বুলি আমাক জনায়।

ইয়াৰ পিছতে আমি এই ভুৱা পোষ্ট কৰা ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰিবলৈ লও। আমি জানিব পাৰো যে মুদচ্ছৰ মালিক অফিচিয়েল নামৰ এই ফে’চবুক পেজটো ৭০ হাজাৰৰো অধিক লোকে ফ’ল’ কৰে। ইউজাৰগৰাকী জম্মু নিবাসী বুলিও জানিব পৰা গৈছে।  

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত সংশ্লিষ্ট ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰতিপন্ন হৈছে। ৰে’ল চলাচল বাতিল হোৱা এবছৰ পুৰণি খবৰ এতিয়া এচাম লোকে ভাইৰেল কৰি আছে। সেয়ে এই পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later