
নতুন দিল্লী (বিশ্বাস টীম)। চচিয়ল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। এই পোষ্টটোত দাবী কৰা হৈছে যে আমেৰিকাৰ বৈজ্ঞানিকে কৰ’না ভাইৰাচৰ সংক্ৰমণ চিকিৎসাৰ বাবে এক প্ৰতিষেধক বেজী আৱিষ্কাৰ কৰিছে। এই পোষ্টটোত আৰু দাবী কৰা হৈছে যে, আমেৰিকাক ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে ৰৌচ্চ (Roche) মেডিকেল কোম্পেনীয়ে ৰবিবাৰে এই ভেকচিন প্ৰাৰম্ভ কৰিব। বিশ্বাস নিউজৰ সম্পৰীক্ষাত ই এক উৰা বাতৰি বুলি জানিব পৰা হৈছে। বহুল প্ৰচাৰিত ফটোখন কৰ’না ভেকচিনৰ নহয়, সেইখন Civid-19 ৰ টেষ্ট আহিলাৰহে ফটো বুলি প্ৰমান হৈছে।
কি আছে পোষ্টত
ফেচবুকত বাচ্চা বাবু যাদব নামৰ ব্যক্তিয়ে এই ভাইৰেল ভিডিঅ টো শ্বেয়াৰ কৰিছে।
ইয়াত লিখা আছে, ‘ ভাল খবৰ! কৰ’না ভাইৰাচৰ ভেকচিন তৈয়াৰ। ইঞ্জেক্সনৰ লোৱাৰ তিনি ঘন্টা ভিতৰত ৰোগীক সুস্থ কৰি তুলিবলৈ সক্ষম। আমেৰিকাৰ বৈজ্ঞানিকক অভিনন্দন। এতিয়া ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে অহা ৰবিবাৰে ৰৌচ্চ কোম্পানীয়ে এই প্ৰতিষেধকৰ প্ৰয়োগ আৰম্ভ কৰিব, আৰু ইয়াৰ কেইবা লাখ বেজী ইতিমধ্যে তৈয়াৰ হৈছে।
এই পোষ্টৰ আৰৰ্কাইড ভাৰচনত ইয়াত ক্লিক কৰি চাব পৰা যায়।
তদন্ত
বিশ্বাস নিউজে google reverse image search পদ্ধতি ব্যৱহাৰ কৰি নিজৰ অনুসন্ধান আৰম্ভ কৰিছিল। তাত এইয়া যে কৰ’না টেষ্টৰ সঁজুলি সেইয়া ধৰা পৰে। এই অনুসন্ধানৰ সময়ত আমি surgentech ৰ ৱেবচাইটলৈ গৈ জানিবলৈ সক্ষম হওঁ যে ফটোত দেখুওৱা সামগ্ৰীৰ উৎপাদক সেইটো কোম্পানী। এই সামগ্ৰীৰ বিৱৰণীত লিখা আছে SGTi-flex COVID- 19 lgM/lgG। ই গল্ড নেন’ পাৰ্টিকল আধাৰিত immiuno ইমিউনু ক্ৰোমোটোগ্ৰাফিক টেষ্ট কিট যাৰ
যাৰ দ্বাৰা মানুহৰ তেজ (আঙুলি বা সিৰৰ পৰা লোৱা), সীৰাম বা প্লাজমাত
covid- 19 lgM আৰু lgG এন্টিবডীৰ বিষয়ে জানিব পাৰি। এই সামগ্ৰী সঠিক আৰু ব্যৱহাৰ সহজ, ইয়াৰ পৰা ১০ মিনিটত ভিতৰতে ফলাফল লাভ কৰিব পাৰি। আমি যেতিয়া Surgentech ৰ পেজত about us ত ক্লিক কৰিলো তেতিয়া দেখা গ’ল এইটো এটা কোৰিয়ান কোম্পানী।এই কোম্পানীয়ে বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় পৰীক্ষাৰ সামগ্ৰী উৎপাদন কৰে আৰু বিক্ৰী কৰে।
বিশ্বাস নিউজে ইন্দ্ৰপ্ৰস্থ হস্পিটলৰ পাল্মনোলজিষ্ট ডা: নিখিল মোদীৰ লগত কথা পাতিছিল। তেওঁক দেখুওৱা ফটোখন চাই তেওঁ ক’লে যে এইটো এটা কোৰিয়ান কোম্পানীয়ে তৈয়াৰ কৰা কৰ’না ভাইৰাচৰ পৰীক্ষা কৰা সামগ্ৰী। ই প্ৰতিষেধক নহয়। কৰ’না ভাইৰাচৰ কোনো প্ৰতিষেধক এতিয়াও ওলোৱা নাই। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্চেও
ব্যৱসায়িক ব্যৱহাৰৰ বাবে এই সামগ্ৰীৰ অনুশংসা কৰিছে।
চেন্টাৰ্চ ফৰ ডিজিজ কন্ট্ৰোল এণ্ড প্ৰিভেঞ্চনৰ মতে, বৰ্তমান 2019-n-CoV ৰ সংক্ৰামণত বাধা দিব পৰাকৈ কোনো ভেকচিন ওলোৱা নাই। কিন্তু শ্বাস প্ৰশ্বাসৰ দ্বাৰা সংক্ৰমণ হোৱা এই ব্যাধি ৰোধৰ চেষ্টা নিশ্চয় কৰিব পাৰি।
ইয়াৰ আগতেও বিশ্বাস নিউজে কৰ’না ভাইৰাচৰ বিষয়ে প্ৰচাৰিত উৰা বাতৰিৰ বিষয়ে সত্য উদ্ঘাটন কৰিছে।এই সত্যৰ বিষয়ে হেলথ্ ফেক্ট চেক্ পেজলৈ গৈ চাব পৰা যায়।ন
নিষ্কৰ্ষঃ ফটোত দেখা বস্তু টো ভেকচিন নহয়, বৰং ই covid-19 ৰ পৰীক্ষা সামগ্ৰী হয়।ভাইৰেল খবৰবোৰ সচক্বিজ খোলক আৰু ষ্টোৰী ফেক্ট চেক কৰাৰ পদ্ধতি জানক।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.