X

Fact Check: মঙ্গল গ্ৰহত মঙ্গলনাথ মন্দিৰ দেখুওৱা এই ছবিখন সম্পাদিত কৰি ভাইৰেল কৰা হৈছে

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে নাছাই তেনে কোনো ছবি মুকলি কৰা নাই। ভাইৰেল দাবীটো ভুৱা।

  • By Vishvas News
  • Updated: November 22, 2021

নতুন দিল্লী (বিশ্বাস নিউজ)। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ছবিত মঙ্গলগ্ৰহৰ দৰে দেখা এখন ঠাইত এটা মন্দিৰ দেখুওৱা হৈছে। পোষ্টটো মঙ্গলনাথ মন্দিৰৰ বুলি দাবী কৰা হৈছে আৰু নাছাৰ কিউৰিঅ’চিটি ৰোভাৰে মঙ্গল গ্ৰহত এই ছবিখন তুলিছে বুলিও উল্লেখ কৰা হৈছে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি নাছাই তেনে কোনো ছবি মুকলি কৰা নাই। ভাইৰেল দাবীটো ভুৱা।

কি এই ভাইৰেল পোষ্ট?

ভাইৰেল ফটোখন Alagiri Swamy নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল। ভাইৰেল ফটোখনৰ ওপৰত লিখা হৈছে, “Mangalnath Temple on Mars is more than 32000 years old, NASA scientists found it now by help of Curiosity rover. The technology western world has reached now, we Hindus had it thousands of years ago.. This is the beauty of Sanatan Dharma ”

ইয়াৰ অসমীয়া অনুবাদ, “৩২,০০০ বছৰতকৈও অধিক পুৰণি এয়া মঙ্গলনাথ মন্দিৰ, কিউৰিঅ’চিটি ৰোভাৰৰ সহায়ত এতিয়া নাছাৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে। প্ৰযুক্তি এতিয়াহে পশ্চিমীয়া দেশবোৰত উপনীত হৈছে, আমি হিন্দুসকলে সেয়া হাজাৰ হাজাৰ বছৰ আগতেই কৰি থৈছিলো। এয়া হৈছে সনাতন ধৰ্মৰ সৌন্দৰ্য”

অনুসন্ধান

আমি এই পোষ্টটো পৰীক্ষা কৰিবলৈ প্ৰথমেই গুগল ৰিভাৰ্চ ইমেজৰ সহায়ত এই ছবিখন পৰীক্ষা কৰিছিলো। আমি এই ছবিখন deccanherald.com ৰ এটা প্ৰতিবেদনত পাইছিলো। ইয়াত কিন্তু ক’তো মন্দিৰ বা ৰ’ভাৰ দেখা যোৱা নাছিল।

আমি ছবিখন phys.org তো পাইছিলো, কিন্তু এই ছবিখনত আকৌ কোনো মন্দিৰ নাছিল।

আমি ইয়াৰ বিষয়ে কী-ৱৰ্ডৰ জৰিয়তে অনুসন্ধান আৰম্ভ কৰিছিলো, কিন্তু আমি কোনো প্ৰামাণিক মিডিয়া হাউচৰ দ্বাৰা প্ৰকাশিত এনে কোনো বাতৰি পোৱা নাছিলো। মঙ্গল গ্ৰহত এনে ধৰণৰ ধৰ্মীয় নিৰ্মাণ বা গাঁথনি বিচাৰি পোৱাটো এটা ডাঙৰ খবৰ হ’লহেঁতেন। যদি তেনে হ’লহেঁতেন, তেন্তে এইটোৱে নিশ্চয় সংবাদ শিৰোনাম দখল কৰিলেহেতেন।

আমি এই সন্দৰ্ভত কীৱৰ্ডৰ সৈতে নাছাৰ ৱেবছাইট আৰু ছ’চিয়েল একাউণ্টবোৰো স্কেন কৰিছিলো। আমি ক’তো তেনে কোনো খবৰ পোৱা নাই।

আমি বিষয়টো সন্দৰ্ভত মেইলযোগে নাছাৰ সৈতে যোগাযোগ কৰিছিলো। আমাৰ মেইলৰ উত্তৰ দি নাছা কৰ্তৃপক্ষই আমাক জনাইছিল, “এই তথ্যটো NASA.gov ৱেবছাইটৰ নহয়, আমি ইয়াৰ সত্যতা নিশ্চিত কৰিব নোৱাৰো।” পোষ্টটো Alagiri Swamy নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল। ব্যৱহাৰকাৰীজন কইম্বাটুৰৰ লোক।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে নাছাই তেনে কোনো ছবি মুকলি কৰা নাই। ভাইৰেল দাবীটো ভুৱা।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later