
নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট ভাইৰেল হৈ আছে, যিটো পোষ্টৰ দ্বাৰা দাবী কৰা হৈছে যে এই বছৰৰ ফেব্ৰুৱাৰী মাহটো অন্যন্ত বিশেষ মাহ। এইবাৰ ফেব্ৰুৱাৰী মাহত সপ্তাহৰ প্ৰতিটো দিনেই চাৰিবাৰকৈ পৰিছে। এই ঘটনা ৮২৩ বছৰৰ মূৰে মূৰে হয়।
বিশ্বাস নিউজে এই ঘটনাৰ তদন্ত কৰি গম পায় যে এই ভাইৰেল হোৱা পোষ্টটোৰ সৈতে কৰা দাবী মিছা বা ভুল।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক ইউজাৰ Aksi Mythree Alis ই পোষ্ট শ্বেয়াৰ কৰি ইংৰাজী ভাষাত এটা কেপশ্যন লিখিছে, যাৰ অসমীয়া অনুবাদ হৈছে – আপুনি ২০২১ চনৰ কেলেণ্ডাৰখন মন দি চাইছেনে? এইবাৰৰ ফেব্ৰুৱাৰী আপোনাৰ সম্পূৰ্ণ জীৱনকালত আৰু কেতিয়াও নাহে, কিয়নো এইবাৰৰ ফেব্ৰুৱাৰী মাহত ৪টা ৰবিবাৰ, ৪টা সোমবাৰ, ৪টা মঙলবাৰ, ৪টা বুধবাৰ, ৪টা বৃহস্পতিবাৰ, ৪টা শুক্ৰবাৰ, আৰু ৪টা শনিবাৰ আছে। এই পৰিঘটনা ৮২৩ বছৰত এবাৰকৈ হয়। এইবাৰৰ ফেব্ৰুৱাৰী মাহটো সেইবাবেই পৃথক।
ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই সৰ্বপ্ৰথমে কেলেণ্ডাৰখন তন্ন তন্নকৈ বিচাৰ কৰে আৰু এই কথাৰ সত্যতা লাভ কৰে যে এইবাৰৰ ফেব্ৰুৱাৰী মাহত প্ৰতিটো বাৰেই চাৰিবাৰকৈ আহিছে।
আমি ইয়াৰ আঁৰৰ কাৰণ বিচাৰ কৰোতে লাভ কৰা তথ্য অনুসৰি আমি যদিহে লীপ-ইয়েৰটো বাদ দিও তেন্তে প্ৰতিবছৰে ফেব্ৰুৱাৰী মাহত ২৮ টা দিন থাকে, অৰ্থাৎ সপ্তাহটোত প্ৰতিটো দিনেই চাৰি দিনকৈ থাকিবই।
আনফালে লীপ-ইয়েৰত ফেব্ৰুৱাৰী মাহটোত ২৯ টা দিন থাকে, যাৰ বাবে সপ্তাহত কোনো এটা দিন পাচ দিন থাকে আৰু বাৰী বাৰসমূহ চাৰিবাৰকৈ আহে।
পোষ্টটোত দাবী কৰা হৈছে যে এই পৰিঘটনা ৮২৩ বছৰৰ মূৰে মূৰে এবাৰহে সংঘটিত হয়। এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি নিউমেৰোল’জিষ্ট বা সংখ্যাতত্ববিদ সঞ্জয় শৰ্মাৰ সৈতে যোগাযোগ কৰো। তেওঁ কয় যে এনে কোনো পৰিঘটনা বা সংযোগৰ কথা নাই, লীপ-ইয়েৰৰ বাদে প্ৰতিবছৰৰ ফেব্ৰুৱাৰী মাহটোত সপ্তাহৰ প্ৰতিটো দিনেই চাৰিবাৰকৈ আহে। অৰ্থাৎ ভাইৰেল হোৱা এই পোষ্ট ভুল বা মিছা।
এইবাৰ আমি ফে’চবুকৰ এই পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ Aksi Mythree Alis ৰ বিষয়ে জানিবলৈ বিচৰাত আমি তথ্য লাভ কৰো যে এই লোকগৰাকী ইণ্ডোনেছিয়াৰ ৱানডংৰ নিবাসী।
নিষ্কৰ্ষঃ লীপ-ইয়েৰক বাদ দি প্ৰতিবছৰেই ফেব্ৰুৱাৰী মাহটোত ২৮ টাকৈ দিন থাকে আৰু সপ্তাহটোৰ প্ৰতিটো দিনেই চাৰিবাৰকৈ আহে, এয়া কোনো দুৰ্লভ পৰিঘটনা নহয়, আৰু এই ভাইৰেল পোষ্ট ভুৱা।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.