Fact Check :এই ভিডিঅ’খন পহলগাম সন্ত্ৰাসী আক্ৰমণত নিহত বিনয় নৰৱালৰ নহয়, অইন দম্পতীৰ হয়
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ' লেফ্টিনেন্ট বিনয় নৰৱাল আৰু তেঁওৰ পত্নী হিমাংসীৰ নহয়। প্ৰকৃততে এই ভিডিঅ'খন অইন এহাল দম্পতী আশিষ চহৰাৱত আৰু তেঁওৰ পত্নী ইয়াছিকা শৰ্মাৰ হয়। আশিষ চহৰাৱত আৰু তেঁওৰ পত্নী ইয়াছিকা শৰ্মাই তেঁওলোকৰ ইনষ্টাগ্ৰাম একাউন্টত ভাইৰাল ভিডিঅ'ৰ খণ্ডন সন্দৰ্ভত পোষ্ট শেয়াৰ কৰিছে। ভিডিঅ'খনক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।
- By: Jyoti Kumari
- Published: Apr 28, 2025 at 11:22 AM
- Updated: Apr 29, 2025 at 06:24 PM
নতুন দিল্লী(বিশ্বাস নিউজ)। জম্মু কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসী আক্ৰমণত নিহত লেফ্টিনেন্ট বিনয় নৰৱালৰ লগত যুক্ত কৰি এখন ভিডিঅ’ ভাইৰাল হৈ আছে। এই ভিডিঅ’খন শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, এই ভিডিঅ’খন তেঁওৰ সন্ত্ৰাসী আক্ৰমণত নিহত হোৱাৰ আগমুহুৰ্তৰ ভিডিঅ’ হয়। ভিডিঅ’ত দম্পতীক নাচি থকা অৱস্থাত দেখা পোৱা যায়।
বিশ্বাস নিউজৰ তদন্তত ভাইৰাল দাবি ভুল বুলি প্ৰমানিত হৈছে। প্ৰকৃততে এই ভিডিঅ’খন অইন এহাল দম্পতী আশিষ চহৰাৱত আৰু ইয়াছিকা শৰ্মাৰ হয়। ইয়াছিকা আৰু আশিষে ভাইৰাল দাবি খণ্ডন কৰি নিজৰ ইনষ্টাগ্ৰামত এখন পোষ্ট শ্বেয়াৰ কৰিছে। তাত আকৌ কেইবাটাও নিউজ পোৱা গ’ল যত বিনয় নৰৱালৰ ভণ্টিয়েও ভাইৰাল দাবি খণ্ডন কৰিছে।মানুহে সামাজিক মাধ্যমত ভুল দাবি শ্বেয়াৰ কৰি আছে।
কি ভাইৰাল হৈ আছে?
ফেচবুক ব্যৱহাৰকাৰী বিপিণ শুকলাই 24 এপ্ৰিল 2025 তাৰিখে ভাইৰাল ভিডিঅ’খন শ্বেয়াৰ কৰি লিখিছে যে, “বিশ্বত ইমান হিংসা বিয়পিছে, বিনয় নৰৱাল আৰু তেঁওৰ পত্নীৰ শেষ মুহুৰ্তৰ শেষ ভিডিঅ’!! হিন্দু হোৱাটোৱে এঁওলোকৰ ভুল আছিল নে বাৰু #PahalgamTerroristAttack # এৰেষ্ট,_পপ্পু_সন্ত্ৰাসী”
সামাজিক মাধ্যমত বহুত ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টোক একে দাবিৰ সৈতে শ্বেয়াৰ কৰিছে। পোষ্টৰ আৰ্কাইভ লিঙ্ক ইয়াত চাওক।

তদন্ত
ভাইৰাল ভিডিঅ’ৰ তদন্তৰ বাবে আমি সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে গুগ’লত বিছাৰিলোঁ। yashikashishsehrawat নামৰ ইনষ্টাগ্ৰাম একাউন্টত ভিডিঅ’ সন্দৰ্ভত তথ্য পোৱা গ’ল। ভিডিঅ’খন 24 এপ্ৰিল 2025 তাৰিখত শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’ত এজন মহিলা আৰু যুৱকক দেখা পোৱা গৈছে। ভিডিঅ’ত মহিলাগৰাকীয়ে কৈছে যে, ”ভিডিঅ’ত তেঁও আৰু তেঁওৰ স্বামী আছে। কিছুসংখ্যক লোকে তেঁওৰ ভিডিঅ’টোক লেফ্টিনেন্ট বিনয় নৰৱাল আৰু তেঁওৰ পত্নীৰ বুলি দাবি কৰি শ্বেয়াৰ কৰি আছে। এয়া ঠিক নহয়, আমি জীৱিত। আৰক্ষীয়ে এনে পোষ্টৰ ৰিপোৰ্ট কৰক”
ভিডিঅ’ৰ লগত ইংৰাজীত কেপচন লিখা আছে যে, “ENGLISH DELETED ”(অসমীয়া অনুবাদ: নমস্কাৰ বন্ধুসকল, আমি জীৱিত আৰু সাম্প্ৰতিক কালত পোষ্ট কৰা এখন ভিডিঅ’ৰ বিষয়ে কথা পাতিবলৈ লইছো, যাৰ জৰিয়তে বহুত হিংসা বিয়পাই দিয়া হৈছে, যাৰ কাৰণে আমি ভিডিঅ’খন আঁতৰাবলৈ বাধ্য হৈছো।দুখৰ বিষয় যে, এই ভিডিঅ’খনক বহুত পেজে আৰু সংবাদ মাধ্যমে অপব্যৱহাৰ কৰিছে আৰু ভুল দাবি কৰিছে যে, ভিডিঅ’খন পৰলোকগামী বিনয় নৰৱাল আৰু তেঁওৰ পত্নীৰ শেষ ভিডিঅ’। আমি তেঁওৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।আমি আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জঁনাইছো যে, আমাৰ ভিডিঅ’ক অপব্যৱহাৰ কৰা যিকোনো পেজৰ ৰিপোৰ্ট কৰক, কাৰণ বাস্তৱত এয়া অত্যন্ত দুখৰ বিষয়। এয়া চাই দুখ লাগিছে যে, প্ৰতিষ্ঠিত সংবাদ মাধ্যমসকলেও ভালকৈ তদন্ত নকৰাকৈ এইবোৰ ভিডিঅ’ ব্যৱহাৰ কৰিছে।যাৰ ফলত সংবাদ মাধ্যম বিলাকৰ ওপৰত বিশ্বাস ৰখাটো কঠিন হৈ পৰে। ”)

অনুসন্ধান প্ৰক্ৰিয়া আগবঢ়াই নিঁওতে চিটি তহলকাৰ কৰ্তৃত্বাধীন ইউটিউব চেনেলত এখন ভিডিঅ’ পোৱা গ’ল। 24 এপ্ৰিল 2025 তাৰিখে আপল’ড কৰা ভিডিঅ’ত বিনয় নৰৱালৰ ভণ্টি সৃষ্টি নৰৱালৰ ভাষ্য পোৱা গ’ল। ভিডিঅ’ত সৃষ্টি নৰৱালক এয়া কৈ থকা শুনা যায় যে, যিটো নৃত্যৰ ভিডিঅ’ ভাইৰাল হৈ আছে সেয়া বিনয় নৰৱাল আৰু তেঁওৰ পত্নী হিমাংসীৰ নহয়। তেঁও আৰু কয় যে, ইয়াৰ ওপৰিও এনে বহুত বস্তু ভাইৰাল হৈ আছে, যিবিলাক সঠিক নহয়। ” ভিডিঅ’ ইয়াত চাব পাৰিব।
শেষত আমি ভিডিঅ’ শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল স্কেন কৰিলোঁ। জানিব পৰা গ’ল যে, ব্যৱহাৰকাৰীক 5 হাজাৰ মানুহে অনুসৰণ কৰে।ব্যৱহাৰকাৰীয়ে নিজক মুম্বাইৰ বাসিন্দা বুলি দাবি কৰিছে।
সামৰণি: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ লেফ্টিনেন্ট বিনয় নৰৱাল আৰু তেঁওৰ পত্নী হিমাংসীৰ নহয়। প্ৰকৃততে এই ভিডিঅ’খন অইন এহাল দম্পতী আশিষ চহৰাৱত আৰু তেঁওৰ পত্নী ইয়াছিকা শৰ্মাৰ হয়। আশিষ চহৰাৱত আৰু তেঁওৰ পত্নী ইয়াছিকা শৰ্মাই তেঁওলোকৰ ইনষ্টাগ্ৰাম একাউন্টত ভাইৰাল ভিডিঅ’ৰ খণ্ডন সন্দৰ্ভত পোষ্ট শেয়াৰ কৰিছে। ভিডিঅ’খনক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।
- Claim Review : ভিডিঅ' লেফ্টিনেন্ট বিনয় নৰৱাল আৰু তেঁওৰ পত্নীৰ হয়।
- Claimed By : ফেচবুক ব্যৱহাৰকাৰী-বিপিন শুকলা
- Fact Check : Misleading
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











