Fact Check: পথচাৰী দলংৰ এই ছবিখন চীনৰ, ভাৰতৰ আগৰতলাৰ নহয়
ছ’চিয়েল মিডিয়া ইউজাৰসকলে আগৰতলাৰ স্মাৰ্টচিটি বুলি উল্লেখ কৰি ভাইৰেল কৰা ফটোখন চীনৰ কুনমিংৰ।
- By Vishvas News
- Updated: January 11, 2022

গুৱাহাটী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এখন ফটোত পথচাৰীৰ এখন ধুনীয়া উৰণীয়া সেঁতু দেখা যায়। এই ফটোখন ভাৰতৰ আগৰতলাৰ বুলি দাবী কৰা হৈছে। ছ’চিয়েল মিডিয়া ইউজাৰসকলে এয়া আগৰতলাৰ স্মাৰ্টচিটি বুলি উল্লেখ কৰি ভাইৰেল কৰি তুলিছে। পিছে বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা ফটোখন চীনৰ কুনমিংৰ।
কি এই ভাইৰেল পোষ্ট?
ছ’চিয়েল মিডিয়া ইউজাৰ Amar Sarkar এ এই ভাইৰেল ফটোখন শ্বেয়াৰ কৰি (আৰ্কাইভ লিংক) লিখিছে, ”আগরতলা স্মার্ট সিটি”। ফটোখনত দেখা গৈছে এখন আটকধুনীয়া পথচাৰীৰ উৰণীয়া সেঁতু।
অনুসন্ধান
এই ভাইৰেল ফটোখনৰ উৎস অনুসন্ধান কৰিবলৈ আমি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুলছৰ লগতে য়াণ্ডেক্স টুলৰ সহায় ললো। ইয়াতে আমি ভাইৰেল ফটোখন থকা বহু প্ৰতিবেদন আৰু পুৰণি পোষ্ট দেখিবলৈ পালো। ছবিখন ৱিকিমিডিয়াত উপলব্ধ য’ত ইয়াক ইনষ্টিটিউট ফৰ ট্ৰান্সপোৰ্টেচন এণ্ড ডেভেলপমেণ্ট পলিচী (ITDP)য়ে ইয়াৰ Flickr একাউণ্টৰ পৰা আপলোড কৰিছিল। ই সূচায় যে ফটোখন ২৮ নৱেম্বৰ ২০০৯ ত তোলা হৈছিল।
ইয়াৰ উপৰি আমাৰ অনুসন্ধানত প্ৰখ্যাত ফটো সংস্থা ‘ALEMY’- ৰ ফটো গেলেৰীতো এই ফটোখন দেখা গৈছে। ইয়াৰ কেপশ্যনত লিখা হৈছে – Street view of Kunming city. ফটোখন ইয়াত ক্লিক কৰি চাব পাৰিব।

ইয়াৰ লগতে আমাৰ অনুসন্ধানত www.engineeringandarchitecture.com ৱেবছাইটত থকা এটা প্ৰতিবেদনতো এই ফটোখন দেখিবলৈ পাইছিলো। প্ৰতিবেদনটো ইয়াত ক্লিক কৰি চাব পাৰিব।

আমাৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি জনপ্ৰিয় প্ৰতিষ্ঠান Reddit.com তো প্ৰকাশ পোৱা এই ফটোখন চীনৰ কুনমিংৰ পথচাৰীৰ উৰণীয়া সেঁতু বুলি উল্লেখ কৰা হৈছে। ইয়াত ক্লিক কৰি সেয়া চাব পাৰিব।

ইয়াৰ পিছতে আমি আগৰতলা স্মাৰ্ট চিটি প্ৰজেক্টৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰো। আগৰতলা স্মাৰ্ট চিটি প্ৰজেক্টৰ অধীনত সম্পন্ন হোৱা বিভিন্ন প্ৰকল্পৰ ফটো এই ৱেবছাইটত উপলব্ধ হৈছে যদিও এই ভাইৰেল ফটোখন নাই।
এইবাৰ বিশ্বাস নিউজে আগৰতলাৰ স্থানীয় সাংবাদিক অভিজিৎ নাথৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ নিশ্চিত কৰিছিল যে ভাইৰেল ফটোখনৰ সৈতে আগৰতলাৰ কোনো সম্পৰ্ক নাই। মিছা দাবীৰ সৈতে ভাইৰেল ফটো শ্বেয়াৰ কৰা ইউজাৰগৰাকীৰ ছ’চিয়েল স্কেনিং কৰাত জানিব পাৰিলো যে এই লোকগৰাকী ত্ৰিপুৰাৰ আগৰতলা নিবাসী। নিজৰ ফে’চবুক প্ৰ’ফাইলত লোকজনে অধিক তথ্য উল্লেখ কৰা নাই।
নিষ্কৰ্ষঃ ছ’চিয়েল মিডিয়া ইউজাৰসকলে আগৰতলাৰ স্মাৰ্টচিটি বুলি উল্লেখ কৰি ভাইৰেল কৰা ফটোখন চীনৰ কুনমিংৰ।
- Claim Review : আগরতলা স্মার্ট সিটি
- Claimed By : Amar Sarkar
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com