X
X

Fact Check: বাইকত শৱদেহ লৈ যোৱা ব্যক্তিৰ ভিডিঅ’ পুৰণি হয়, বিভ্ৰান্তিকৰ দাবীৰ সৈতে সেয়া ভাইৰেল

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে বাইকত যুৱতীৰ শৱদেহ উঠাই লৈ যোৱাৰ ভিডিঅ’টোক লৈ যি দাবী ভাইৰেল কৰা হৈ আছে সেয়া ভুল হয়। ভিডিঅ’টো কোনো শেহতীয়া ঘটনাৰ নহয়। 2023-ৰ এটা ঘটনাৰ হয়। সেই সময়ত বিদ্যুৎস্পৃষ্ট হৈ এজনী যুৱতীৰ মৃত্যু হৈছিল। তাইৰ মৃত্যুৰ পাছত এম্বুলেঞ্চ নোপোৱাৰ কাৰণে তাইৰ শৱদেহক তাইৰ ভায়েকে বাইকত উঠাই লৈ গৈছিল। কেইজনমান ইউজাৰে সেই পুৰণি ভিডিঅ’টোকহে শেহতীয়া বুলি কৈ শ্বেয়াৰ কৰি আছে।  

নতুন দিল্লী (বিশ্বাস নিউজ)। এজন ব্যক্তি এজনী ছোৱালীৰ শৱদেহ বাইকত লৈ গৈ আছে। ছ’চিয়েল মিডিয়াত এনেকুৱা এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভিডিঅ’ক শ্বেয়াৰ কৰি দাবী কৰা হৈ আছে উত্তৰ প্ৰদেশৰ ঔৰৈয়াৰ হস্পিটেলত এম্বুলেঞ্চ নোপোৱাৰ কাৰণে এজন ভায়েকে নিজৰ ভনীৰ শৱদেহক বাইকত উঠাই লৈ যাবলৈ বাধ্য হৈছে। ভিডিঅ’টোক শ্বেয়াৰ হৈ থকাৰ সময়ৰপৰাহে এনেকুৱা লাগি আছে যে এয়া শেহতীয়া কোনো ঘটনা নহয়।

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল ভিডিঅ’টো 2023-ৰ হয়। সেই সময়ত বিদ্যুৎস্পৃষ্ট হৈ এজনী ছোৱালীৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পাছত এম্বুলেঞ্চ নোপোৱাৰ কাৰণে তেওঁৰ শৱদেহটো তেওঁৰ ভায়েকে বাইকত উঠাই লৈ গৈছিল। ভিডিঅ’টো সেই সময়ৰ হয়। সেইটোকহে এতিয়া শেহতীয়া বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে।  

কি ভাইৰেল হৈ আছে ?

ফেচবুক ইউজাৰ  ‘Dharmendra Kumar’ 11 এপ্ৰিল 2025-ত ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি কেপচনত লিখিছে, “এয়াই হ’ল নতুন ভাৰত। উত্তৰ প্ৰদেশৰ ঔৰৈয়াত এজন ভায়েকে নিজেৰ ভনীৰ শৱদেহক কান্দি কান্দি বাইকত উঠাই লৈ গৈ আছে। কাৰণ চৰকাৰী হস্পিটেলৰপৰা তেওঁ এম্বুলেঞ্চ পোৱা নাছিল। যিজনী কনমাণিৰ মৃত্যু হ’ল চাওঁক তাইৰ মুখখন কেনেকৈ শৱ হৈ সেমেকা পৰি আছে। তাইৰ ঘৰৰ মানুহে যি কোনো প্ৰকাৰে তাইৰ শৱদেহক বাইকত উঠাই লৈ যোৱাৰ চেষ্টা কৰি আছে। ইপিনে এজন চইতানে নিলাজ ভাৱে চেনেলত বহি কৈ থাকে যে উত্তৰ প্ৰদেশত ৰামৰাজ্য চলি আছে। সেই নিলাজে অলপো লাজ নাপায়…”

পোষ্টৰ আৰ্কাইভ লিংক ইয়াত  চাওঁক।

অনুসন্ধান

ভাইৰেল দাবীৰ সত্যতা গম পোৱা কাৰণে আমি ভিডিঅ’টোৰ স্ক্ৰীণ শ্বট উলিয়াই সেইবোৰক গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰিছিলোঁ। এই দাবীৰ লগত যুক্ত ৰিপোৰ্ট দৈনিক জাগৰণৰ ৱেবছাইট –ত দেখা পাইছিলোঁ। ৰিপোৰ্টটো 8 নৱেম্বৰ 2023-ত প্ৰকাশ পাইছিল। সেই ৰিপোৰ্ট অনুসৰি, “বিধুনা উপনগৰীৰ শীতলাপুৰমৰ নিবাসী প্ৰবল প্ৰতাপৰ জীয়ৰী গা ধুই থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ বেহুঁচ হৈ পৰিছিল। তাৰ পাছত পৰিয়ালৰ মানুহে তাইক হস্পিটেলত লৈ গৈছিল। তাত চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰি কৈছিল শৱদেহৰ পোষ্ট মৰ্টেম কৰাব লাগিব। তেতিয়া তাইৰ ভায়েকে আৰু পৰিয়ালৰ অন্যান্য সদস্যই পোষ্ট মৰ্টেম নকৰায় বুলি কৈছিল। ভায়েকে ভনীৰ শৱদেহক ওৰণি এখনেৰে বাইকত বান্ধি ঘৰলৈ লৈ গৈছিল।”

ছাৰ্চ কৰি থাকোঁতে ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত বাতৰি এবিপি লাইভৰ ৱেবছাইট-ত দেখা পালোঁ। 8 নৱেম্বৰ 2023-ত প্ৰকাশ পোৱা বাতৰিত কোৱা হৈছে, ”এই ঘটনাটো বিধুনাৰ চৰকাৰী হস্পিটেলৰ হয়। তাত এগৰাকী যুৱতীক বাইকত উঠাই লৈ অহা হৈছিল। তাই বিদ্যুৎস্পৃষ্ট হৈছিল। তাত চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰিছিলে। তাৰ পাছত তাইৰ ভায়েকে তাইৰ শৱদেহক বাইকত উঠাই লৈ ঘৰলৈ উভতি গৈছিল। শুনিবলৈ পোৱা গৈছে যে, শৱদেহক ঘৰলৈ উভতাই লৈ যোৱাৰ কাৰণে হস্পিটেলৰ ফালৰপৰা কোনো গাড়ীৰ ব্যৱস্থা কৰি দিয়া হোৱা নাছিল। সেই কাৰণে তাইৰ শৱদেহক বাইকত উঠাই লৈ আহিবলগীয়া হৈছিল।”

বাতৰিত এয়াও কোৱা হৈছে, ”ভাইৰেল হোৱাৰ পাছত জিলা প্ৰশাসন পদক্ষেপ কৰিবলৈ বাধ্য হৈ বিধুনা CHC ইন চাৰ্জ আৰু এজন কৰ্মচাৰীক অপসাৰণ কৰিছে।”

ছাৰ্চ কৰি থাকোঁতে ABP Ganga-ৰ অফিচিয়েল ইউটিউব চেনেলতো এই ঘটনাৰ ভিডিঅ’ পোৱা গৈছে। ভিডিঅ’টোক 8 নৱেম্বৰ 2023-ত আপলোড কৰা হৈছিল।

ভাইৰেল ভিডিঅ’ সম্বন্ধীয় আন বাতৰি ইয়াত  পঢ়ি চাব পাৰে।

এই ভিডিঅ’ সম্বন্ধে দৈনিক জাগৰণৰ ঔৰৈয়াৰ জিলা ইন চাৰ্জ তথা ছিনিয়ৰ ৰিপোৰ্টাৰ শশাংক সিঙৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, ভিডিঅ’টো পুৰণি হয়। ঘটনাটো 7 নৱেম্বৰ 2023-ত ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ বিধুনা ঔৰৈয়াৰ হয়। এয়া শেহতীয়া কোনো ঘটনা নহয়।

সদৌ শেষত আমি ভিডিঅ’টো শ্বেয়াৰ কৰা ইউজাৰৰ প্ৰোফাইল স্কেন কৰিছিলোঁ। তেতিয়া গম পালোঁ যে এইজন ইউজাৰক ফেচবুকত 6 হাজাৰৰ অধিক মানুহে ফলো কৰি থাকে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে বাইকত যুৱতীৰ শৱদেহ উঠাই লৈ যোৱাৰ ভিডিঅ’টোক লৈ যি দাবী ভাইৰেল কৰা হৈ আছে সেয়া ভুল হয়। ভিডিঅ’টো কোনো শেহতীয়া ঘটনাৰ নহয়। 2023-ৰ এটা ঘটনাৰ হয়। সেই সময়ত বিদ্যুৎস্পৃষ্ট হৈ এজনী যুৱতীৰ মৃত্যু হৈছিল। তাইৰ মৃত্যুৰ পাছত এম্বুলেঞ্চ নোপোৱাৰ কাৰণে তাইৰ শৱদেহক তাইৰ ভায়েকে বাইকত উঠাই লৈ গৈছিল। কেইজনমান ইউজাৰে সেই পুৰণি ভিডিঅ’টোকহে শেহতীয়া বুলি কৈ শ্বেয়াৰ কৰি আছে।  

  • Claim Review : বাইকত শৱদেহ লৈ যোৱা ব্যক্তিৰ এই ভিডিঅ’ শেহতীয়া ঘটনাৰ হয়।
  • Claimed By : ফেচবুক ইউজাৰ -Dharmendra Kumar
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later