X
X

Fact Check : ব্ৰাজিলত মুকলি ঠাইত হোৱা হত্যাৰ ঘটনাৰ ভিডিঅ উত্তৰাখণ্ডৰ নামত ভাইৰেল কৰা হৈ আছে

বিশ্বাস নিউজে ভাইৰেল পোষ্ট অনুসন্ধান কৰি চাইছে। তেতিয়া এয়া ভুৱা বুলি প্ৰমাণিত হৈছে। ব্ৰাজিলৰ ভিডিঅ’ক উত্তৰাখণ্ডৰ বুলি মিছা কথা প্ৰচাৰ কৰা হৈ আছে। উত্তৰাখণ্ডৰ এই ঘটনা সংঘটিত হোৱাই নাই।

নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াৰ বেলেগ বেলেগ প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। 36 ছেকেণ্ডৰ এই ভিডিঅ’ত দেখা পোৱা গৈ আছে, এজন ব্যক্তিক বেয়াকৈ পিটি থকা হৈ আছে। ছ’চিয়েল মিডিয়াত কেইজন মান ইউজাৰে এই ঘটনাক উত্তৰাখণ্ডৰ বুলি কৈ বিজেপি-ৰ বিৰুদ্ধে কথা কৈ আছে।

বিশ্বাস নিউজে ভাইৰেল পোষ্ট অনুসন্ধান কৰি চাইছে। তেতিয়া এয়া ভুৱা বুলি প্ৰমাণিত হৈছে। ব্ৰাজিলৰ ভিডিঅ’ক উত্তৰাখণ্ডৰ বুলি মিছা কথা প্ৰচাৰ কৰা হৈ আছে। উত্তৰাখণ্ডৰ এই ঘটনা সংঘটিত হোৱাই নাই।

কি ভাইৰেল হৈ আছে

ফেচবুক পেজ স্বৰ্গ ছে সুন্দৰ অপনা উত্তৰাখণ্ডে 29 মে তাৰিখত এটা ভিডিঅ’ পোষ্ট কৰি এই দাবী কৰিছে, “এই ল’ৰাজনৰ কি নো দোষ আছিল যে তাক ইমান বেয়াকৈ পিটন দিয়া হৈছে? 2025 এই কাৰণেই আহিছে নে? সাধাৰণ মানুহৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই নে? উত্তৰাখণ্ড দেৱভূমিক বিজেপি-য়ে উচ্ছৃংখল মানুহৰ গড় বনাই পেলাইছে। প্লিজ শ্বেয়াৰ এণ্ড ফলো কৰক।”

ভাইৰেল পোষ্টৰ কনটেণ্টক ইয়াত যথাযথ ভাৱে লিখা হৈছে। এই কথাক সঁচা বুলি ভাবি ইউজাৰসকলে শ্বেয়াৰ কৰি আছে। পোষ্টৰ আৰ্কাইভ ইয়াত ভাৰ্ছন চাব পাৰে।

অনুসন্ধান

বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট সম্বন্ধে অনুসন্ধান চলাবলৈ সদৌ প্ৰথমতে ভিডিঅ’ক ভাল দৰে স্কেন কৰিছোঁ। ভিডিঅ’ চোৱাৰ পাছত এয়া স্পষ্ট যে ভিডিঅ’টো ভাৰতৰ নহয়।

তাৰ পাছত ভিডিঅ’টোৰ বহু কেইখন কী-ফ্ৰেম উলিয়াইছিলোঁ। তাৰ পাছত সেইবোৰক গুগল লেন্স-ৰ সহায়ত ছাৰ্চ কৰি চাইছোঁ। তদুপৰি, ইয়ানডেক্স টুল ব্যৱহাৰ কৰা হৈছে। আমি এই ভিডিঅ’ সম্বন্ধীয় বাতৰি বহু কেইখন বিদেশী নিউজ ৱেবছাইট আৰু ইউটিউব চেনেলত দেখা পাইছোঁ।

GazetaNewsAL নামৰ এটা ইউটিউব চেনেলে ভাইৰেল ভিডিঅ’ ব্যৱহাৰ কৰি নিজৰ ৰিপোৰ্টত কৈছে যে, ব্ৰাজিলৰ কেম্পো এলেগ্ৰেত ব্যক্তিক হত্যা কৰা হৈছে। সেই গোটেই ঘটনাটো কেমেৰাত ৰেকৰ্ড হৈ গৈছে।

ছাৰ্চ কৰি থাকোঁতে আমি নীড টু নো নামৰ এটা ৱেবছাইটতো সেই ঘটনা সম্বন্ধীয় বাতৰি দেখা পাইছোঁ। তাত কোৱা হৈছে যে, ব্ৰাজিলত এজন ব্যক্তিক হত্যা কৰা হৈছে। পাঁচ বছৰীয়া নাতিনীৰ অভিভাৱকত্ব লাভ কৰাক লৈ পৰিয়ালৰ মানুহৰ মাজতে চলি থকাৰ বিবাদৰ পৰিণামতে এই হত্যাকাণ্ড সংঘটিত হৈছে।

বিশ্বাস নিউজে অনুসন্ধান আগুৱাই লৈ যোৱাৰ কাৰণে গুগল অ’পেন ছাৰ্চ টুল ব্যৱহাৰ কৰিছে। তেতিয়া আমি এনেকুৱা কোনো বাতৰিয়ে বিচাৰি পোৱা নাই, যাৰ দ্বাৰা নিশ্চিত হ’ব পৰা যায় উত্তৰাখণ্ডৰ ভাইৰেল ভিডিঅ’ৰ দৰে কোনো ঘটনা সংঘটিত হৈছে।

অনুসন্ধানৰ শেষত আমি উত্তৰাখণ্ডৰ ৰাজধানী দেৰাদুনৰপৰা প্ৰকাশিত হৈ থকা দৈনিক জাগৰণৰ চিটি ডেস্ক টীমৰ সুনীল নেগিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কৈছে যে, ভাইৰেল ভিডিঅ’ত যেনেকৈ দেখুওৱা হৈছে তেনেকুৱা কোনো ঘটনা এই ৰাজ্যত সংঘটিত হোৱা নাই। এই ভাইৰেল ভিডিঅ’ বিদেশৰ হয়।

সদৌ শেষত আমি সেই জন ইউজাৰৰ বিষয়ে অনুসন্ধান চলাইছোঁ যিজনে ভুৱা পোষ্টটো কৰিছিলে। তেতিয়া গম পোৱা গ’ল যে এই জন ইউজাৰ গুৰুগ্ৰামৰ মানুহ হয়। তেওঁৰ ফেচবুকৰ সৈতে পাঁচ হাজাৰৰ অধিক মানুহ যুক্ত হৈ আছে। 

সিদ্ধান্ত : বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে ভাইৰেল পোষ্ট ভুৱা হয়। ভাইৰেল পোষ্টত যি দাবী কৰা হৈছে, তেনেকুৱা কোনো ঘটনা উত্তৰাখণ্ডত সংঘটিত হোৱা নাই। ব্ৰাজিলৰ ভিডিঅ’ক উত্তৰাখণ্ডৰ বুলি মিছা কথা প্ৰচাৰ কৰা হৈ আছে।

  • Claim Review : ছ’চিয়েল মিডিয়াত কেইজন মান ইউজাৰে এই ঘটনাক উত্তৰাখণ্ডৰ বুলি কৈ বিজেপি-ৰ বিৰুদ্ধে কথা কৈ আছে।
  • Claimed By : ফেচবুক পেজ স্বৰ্গ ছে সুন্দৰ
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later