X
X

Fact Check: ফাকুৱাৰ সময়ত বিদেশিনীৰ বিৰুদ্ধে অশালীন আচৰণৰ পুৰণি ভিডিঅ’ ভাইৰেল, এই ঘটনাক লৈ পদক্ষেপ কৰা হৈছে

 সমগ্ৰ দেশতে 14 মাৰ্চত ফাকুৱা উদযাপন কৰা হৈছে, সেই সময়তে ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এটা ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈছে। ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈ আছে যে কেইজনমান মানুহে এগৰাকী বিদেশিনীৰ সৈতে আপত্তিজনক ভাৱে ফাকুৱা খেলি ৰং সানি দি আছে।

  • By: Umam Noor
  • Published: Mar 21, 2025 at 04:23 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সমগ্ৰ দেশতে 14 মাৰ্চত ফাকুৱা উদযাপন কৰা হৈছে, সেই সময়তে ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এটা ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈছে। ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈ আছে যে কেইজনমান মানুহে এগৰাকী বিদেশিনীৰ সৈতে আপত্তিজনক ভাৱে ফাকুৱা খেলি ৰং সানি দি আছে। এই ভিডিঅ’টোক এই বছৰৰ ঘটনাৰ বুলি কৈ ইউজাৰসকলে শ্বেয়াৰ কৰি আছে আৰু এই দাবী কৰি আছে যে এয়া শেহতীয়া ঘটনা হয়। 

বিশ্বাস নিউজে নিজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে এই ভিডিঅ’টো 2023-ৰ হয়। এই ভিডিঅ’টো সেই সময়ৰ হয়, যেতিয়া পাহাড়গঞ্জত জাপানৰ এগৰাকী মহিলাক কিছুমান মানুহে ফাকুৱাৰ সময়ত জোৰকৈ ৰং সানি দি অশালীন আচৰণ কৰিছিল। সেই সময়ত আৰক্ষীয়ে ঘটনাৰ বিষয়ে অৱগত হৈ তিনিজন যুৱকক জিম্মাত লৈছিল। এতিয়া পুৰণি সেই ভিডিঅ’টোক হে পুনৰ প্ৰচাৰ কৰা হৈ আছে। 

ভাইৰেল প’ষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, “বেয়া নাপাব ফাকুৱা হয় বুলি কৈ মানুহে এগৰাকী বিদেশিনীক ধৰি ৰং সানি দিছে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে লগতে জোৰকৈ তেওঁৰ শৰীৰক স্পৰ্শও কৰি আছে। কোনো ব্যক্তিৰ শৰীৰক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে স্পৰ্শ কৰাৰ অৰ্থ ধৰ্ষণৰ প্ৰথম খোজ হয় আৰু এই মানুহবোৰ পাছলৈ এনেকুৱা ঘটনাহে সংঘটিত কৰে।”

প্ৰায় একে ধৰণৰ দাবীৰ সৈতে এই ভিডিঅ’টোক এক্স-তো ইউজাৰসকলে শ্বেয়াৰ কৰি আছে।

অনুসন্ধান

নিজৰ অনুসন্ধান আৰম্ভ কৰি আমি পোন প্ৰথমতে ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেম উলিয়াই সেইবোৰক গুগল লেঞ্চৰ সহায়ত ছাৰ্চ কৰি চাইছিলোঁ। ছাৰ্চ কৰি থাকোঁতে দেখা পালোঁ, এই ভিডিঅ’টোক 10 মাৰ্চ 2023-ত মোজো ষ্টোৰিৰ ইউটিউব চেনেলত আপলোড কৰা হৈছিল। তাত উল্লেখ থকা তথ্য অনুসৰি, ভাৰত ভ্ৰমণত অহা জাপানী মহিলাক ফাকুৱাৰ সময়ত হাৰাশাস্তি কৰা হৈছে।

এই তথ্যৰ ভিত্তিত আমি অনুসন্ধানক আগুৱাই লৈ গ’লোঁ। 10 মাৰ্চ 2023-ত এবিপি লাইভৰ ৱেবছাইটত এটা ৰিপ’ৰ্ট পালোঁ। ৰিপ’ৰ্টত কোৱা গৈছে যে, বুধবাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দেখা পোৱা গৈছে। তাত দেখা পোৱা গৈ আছে যে, ফাকুৱা উদযাপনৰ সময়ত দিল্লীত কেইজনমান মানুহে এগৰাকী জাপানী মহিলাক জোকাইছে, উৎপীড়ন কৰিছে আৰু তেওঁৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰিছে। তাৰ পাছত দিল্লী আৰক্ষীয়ে ঘটনাৰ বিষয়ে অৱগত হৈ জাপানী দূতাবাস এটা ই-মেইল প্ৰেৰণ কৰি সেই মহিলা গৰাকীৰ বিৱৰণ বিচাৰিছিল।   

এই ঘটনাক লৈ দি হিন্দুত প্ৰকাশ পোৱা বাতৰি অনুসৰি, “ফাকুৱাৰ সময় এগৰাকী জাপানী মহিলাক কেইজনমান মানুহে জোকাই থকাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছত দিল্লী আৰক্ষীয়ে পাহাড়গঞ্জৰপৰা তিনিজনক জিম্মাত লৈছে। সেই তিনিজনৰ ভিতৰত এজন নাবালক হয়। আৰক্ষীয় বিষয়াৰ মতে, যিসকল অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে সিহঁতৰ পৰিচয় অবিনাশ (18), তুষাৰ (20) আৰু এজন 13 বছৰীয়া কিশোৰ বুলি জানিবলৈ পোৱা গৈছে। তিনিও জনে স্বীকাৰ কৰিছে যে সিহঁতে সেই আচৰণ কৰিছে। দিল্লীৰ আৰক্ষীৰ উপ আয়ুক্ত (চেণ্ট্ৰাল) সঞ্জয় কুমাৰ সেনে কৈছে যে ঘটনাটো বুধবাৰে মধ্য দিল্লীৰ পাহাড়গঞ্জ অঞ্চলত সংঘটিত হৈছিল। আক্ৰান্ত মহিলা গৰাকী পাহাড়গঞ্জতে আছিল আৰু শুৰুৰবাৰে তেওঁ বাংলাদেশৰ উদ্দেশ্যত যাত্ৰা আৰম্ভ কৰি দিছে। অৱশ্যে তেওঁ নিজে আনুষ্ঠানিক ভাৱে কোনো অভিযোগ দাখিল কৰা নাছিল। কিন্তু ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত আৰক্ষীয়ে দিল্লী আৰক্ষী আইন অনুসৰি ঘটনাটো সম্বন্ধে পদক্ষেপ কৰিছিল।” 

ভাইৰেল ভিডিঅ’টোৰ লগত যুক্ত ঘটনা সম্বন্ধে নিশ্চিত হোৱাৰ কাৰণে আমি দৈনিক জাগৰণ, দিল্লীৰ ছিনিয়ৰ ক্ৰাইম ৰিপ’ৰ্টাৰ ৰাকেশ কুমাৰ সিঙৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁৰ লগত ভাইৰেল প’ষ্টটো শ্বেয়াৰো কৰিছিলোঁ। তেওঁ আমাক নিশ্চিত কৰি জনাইছে যে, এই ভিডিঅ’টো পুৰণি হয়। এই ঘটনাক লৈ মহিলা গৰাকীয়ে কোনো এজাহাৰ দাখিল কৰা নাছিল।

ইয়াৰ পাছত ভুৱা প’ষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰা হ’ল। ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পালোঁ যে, এই ইউজাৰ জনক ছয় হাজাৰৰ অধিক মানুহে ফলো কৰি থাকে। 

সিদ্ধান্ত: বিশ্বাস নিউজে নিজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো 2023-ৰ হয়। এই ভিডিঅ’টো সেই সময়ৰ হয়, যেতিয়া দিল্লীৰ পাহাড়গঞ্জত জাপানৰ এগৰাকী মহিলাক কেইজনমান মানুহে জোৰকৈ ৰং সানি দি দুৰ্ব্যৱহাৰ কৰিছিল। সেই সময়ত আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে অৱগত হৈ তিনিজন যুৱকক জিম্মাত লৈছিল। এতিয়া সেই পুৰণি ভিডিঅ’টোক পুনৰ প্ৰচাৰ কৰা হৈ আছে।

  • Claim Review : ফাকুৱাৰ সময়ত বিদেশিনীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ শেহতীয়া ভিডিঅ’ হয় এয়া।
  • Claimed By : FB User- Dravidian Balabanth Suna
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later