X
X

Fact Check : নমো ভাৰত ৰেল দুৰ্ঘটনাতগ্ৰস্ত হোৱা নাই, ভাইৰাল ভিডিঅ’ ফ্ৰাঞ্চৰ হয়

সামাজিক মাধ্যমত ৰেলৰ এখন ভিডিঅ' ধুমুহাৰ গতিত ভাইৰাল হৈ আছে। ভিডিঅ'খন শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, ভিডিঅ'খন নমো ভাৰত ৰেল সমূহৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ'।

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ৰেলৰ এখন ভিডিঅ’ ধুমুহাৰ গতিত ভাইৰাল হৈ আছে। ভিডিঅ’খন শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, ভিডিঅ’খন নমো ভাৰত ৰেল সমূহৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’। কিছুমান ব্যৱহাৰকাৰীয়ে ভিডিঅ’খন সঁচা বুলি ভাবি শ্বেয়াৰ কৰি আছে। 

বিশ্বাস নিউজৰ তদন্তত ভিডিঅ’খন ভুল বুলি প্ৰমানিত হৈছে। প্ৰকৃততে ভিডিঅ’খন ফ্ৰাঞ্চৰ এখন চহৰ ষ্ট্ৰাছবাৰ্গৰ এখন সুড়ঙ্গত দুখন ট্ৰামৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’, যিটোক এতিয়া ভাৰতৰ বুলি কৈ ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

ভাইৰাল পোষ্টত কি আছে?

ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী ranjeetpatel357 -এ এখন ভিডিঅ’ পোষ্ট কৰিছে (আৰ্কাইভ লিঙ্ক) আৰু কেপচনত লিখিছে যে, ” নমো ভাৰত metro(মেট্ৰো)-ৰ নিজৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ ৰক্ষা পোৱা মানুহৰ মাজত হুলুস্থুল লাগিছে। ”

ভিডিঅ’ৰ ওপৰত লিখা আছে : Delhi metro নমো ভাৰত metro 25/01/2025  Metro নিজৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ ৰক্ষা পোৱা মানুহৰ মাজত হুলুস্থুল লাগিল।

অনুসন্ধান

ভাইৰাল দাবিৰ তদন্তৰ বাবে আমি সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে গুগ’লত বিছাৰিলোঁ। সাম্প্ৰতিক কালত সংঘটিত হোৱা এনে কোনো দুৰ্ঘটনাৰ সংবাদ পোৱা নগ’ল। যদি এনে ঘটনা সংঘটিত হলে হেঁতেন, তেন্তে এই সন্দৰ্ভত সংবাদ শীৰ্ষ স্থানত থাকিলে হেঁতেন।

তদন্ত আগবঢ়াই নিঁওতে আমি ইনৱিড টুলৰ সহায়ত ভিডিঅ’ৰ কিফ্ৰেম ওলালো আৰু সেইসমূহক ৰিভাৰ্ছ ইমেজৰ সহায়ত বিছাৰিলোঁ। ndtv.com-ৰ ৱেবচাইটত ভাইৰাল ভিডিঅ’ সন্দৰ্ভত তথ্য পোৱা গ’ল। 12 জানুৱাৰি 2025-ত প্ৰকাশিত সংবাদত কোৱা হৈছে যে, “পূৰ্ব ফ্ৰাঞ্চৰ চহৰ ষ্ট্ৰাছবাৰ্গৰ এখন সুড়ঙ্গত দুখন ট্ৰামৰ মুখামুখি সংঘৰ্ষ  হৈছে, যত বহু লোক আহত হৈছে। সংঘৰ্ষ ষ্ট্ৰাছবাৰ্গৰ মুখ্য ৰেল ষ্টেশনৰ ওচৰত সংঘটিত হৈছে, যিটো পেৰিচৰ বাহিৰত ফ্ৰাঞ্চৰ আটাইতকৈ ব্যস্ত ৰেল ষ্টেশনৰ মাজত এখন বুলি গণ্য কৰা হয়।”

অনুসন্ধানত The Sun-ৰ কৰ্তৃত্বাধীন ইউটিউব চেনেলতও ভিডিঅ’ সন্দৰ্ভত তথ্য পোৱা গ’ল। ভিডিঅ’খন 12 জানুৱাৰি, 2025-ত আপলোড কৰা হৈছে। প্ৰদত্ত তথ্য মতে, ফ্ৰাঞ্চৰ এখন ষ্টেশনত দুখন ট্ৰামৰ মুখামুখি সংঘৰ্ষত প্ৰায় 50 জন মানুহ আহত হৈছে।

পাকিস্তানি নিউজ ৱেবচাইট ডন-ত ও এই ভিডিঅ’ সন্দৰ্ভত তথ্য পোৱা গ’ল। 13 জানুৱাৰি 2025ত প্ৰকাশিত প্ৰতিবেদনত এই দুৰ্ঘটনাক ফ্ৰাঞ্চৰ ষ্ট্ৰাৰ্ছবাৰ্গৰ এখন ষ্টেশনত হোৱা দুৰ্ঘটনা বুলি উল্লেখ কৰা হৈছে

ভাইৰাল ভিডিঅ’ সন্দৰ্ভত অন্যান্য সংবাদ ইয়াত দেখা পোৱা যাব।

আমি ভিডিঅ’ সন্দৰ্ভত, এনচিআৰটিচি-ৰ জনসংযোগ বিষয়া পুনীত ৱস্তৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, ভাইৰাল দাবি ভুৱা। নমো ভাৰত ৰেলত এনে কোনো দুৰ্ঘটানা সংঘটিত হোৱা নাই। মানুহে ভুল ভিডিঅ’ শ্বেয়াৰ কৰি আছে। 

জাগৰণ জোশ-ৰ 6 জানুৱাৰি 2025-ত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিজনাল ৰেপিড ট্ৰানজিট(আৰআৰটিএছ)-ৰ আনন্দ বিহাৰ আৰু নিউ অশোক নগৰ ষ্টেশনৰ উদ্ভোদন কৰিলে। এই ৰেলখন ৰেপিড ট্ৰানজিট(আৰআৰটিএছ) ব্যৱস্থাৰ অংশ হয় আৰু ইয়াৰ মাধ্যমে এতিয়া দিল্লীৰ পৰা মেৰাঠৰ যাত্ৰা মাত্ৰ 40 মিনিটত সম্পন্ন হ’ব। দিল্লীৰ পৰা মেৰাঠৰ ভাড়া মানসম্পন্ন শ্ৰেণিৰ বাবে 130 টকা আৰু প্ৰিমিয়াম শ্ৰেণিৰ বাবে 195 টকা হয়। এই ৰেলখন 10টা ষ্টেশনত ৰখিব, যত চাহিবাবাদ, গুলধৰ, দুহাই, দুহাই ডিপ’, মুৰাদনগৰ, মোদীনগৰ দক্ষিণ, মোদীনগৰ উত্তৰ, মেৰাঠ দক্ষিণ অন্তৰ্ভুক্ত। 

শেষত আমি ভিডিঅ’ শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল ষ্কেন কৰিলোঁ। গম পোৱা গ’ল যে, ব্যবহাৰকাৰীক 121 জন মানুহে অনুসৰণ কৰে। 

সামৰণি:  সামাজিক মাধ্যমত দুখন ৰেলৰ সংঘৰ্ষৰ ভিডিঅ’ নমো ভাৰত ৰেলৰ বুলি উল্লেখ কৰি শ্বেয়াৰ কৰা হৈ আছে। বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল প্ৰমানিত হৈছে। প্ৰকৃততে ভিডিঅ’খন পূৰ্ব ফ্ৰাঞ্চৰ চহৰ ষ্ট্ৰাছবাৰ্গৰ এখন সুড়ঙ্গত দুখন ট্ৰামৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’, যিটোক এতিয়া ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

  • Claim Review : নমো ভাৰত metro -ৰ নিজৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ ৰক্ষা পোৱা মানুহৰ হুলুস্থুল।
  • Claimed By : ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী -ranjeetpatel357
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later