Fact Check: এটা পথ ডুব যোৱাৰ এই ভিডিঅ’ ভাৰতৰ নহয়, থাইলেণ্ডৰ।
সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে এটা ভিডিঅ', য’ত দেখা গৈছে যে, এটা পথ গাতত সোমাই যোৱাৰ পিছত ডাঙৰ ছিংকহ'ল সৃষ্টি হৈছে।
- By: Jyoti Kumari
- Published: Oct 10, 2025 at 04:37 PM
নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে এটা ভিডিঅ’, য’ত দেখা গৈছে যে, এটা পথ গাতত সোমাই যোৱাৰ পিছত ডাঙৰ ছিংকহ’ল সৃষ্টি হৈছে। এতিয়া ব্যবহাৰকাৰীসকলে এই ভিডিঅ’টো ভাৰতৰ বুলি দাবী কৰি শ্বেয়াৰ কৰি আছে। অভিযোগ কৰা হৈছে যে, এই ভিডিঅ’টো দিল্লীৰ, য’ত মাটিৰ তলত মেট্ৰ’ নিৰ্মাণৰ বাবে এই ঘটনা সংঘটিত হৈছে।
বিশ্বাস নিউজৰ তদন্তত এই ভাইৰাল দাবী ভুৱা বুলি জানিব পৰা গৈছে আৰু এই ভিডিঅ’ৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। বাস্তৱত, 2025 চনৰ চেপ্টেম্বৰ মাহত থাইলেণ্ডৰ বেংককত মাটিৰ তলৰ ৰেল ষ্টেচন নিৰ্মাণৰ সময়ত ব্যস্ত পথত এই দুৰ্ঘটনা সংঘটিত হৈছিল।একেটা ভিডিঅ’ এতিয়া দিল্লীৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈ আছে।
কি ভাইৰাল হৈ আছে?
ফেচবুক ব্যবহাৰকাৰী অভিনাছ শৰ্মা ভাইৰাল ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে, “দিল্লীত মাটিৰ তলৰ মেট্ৰ’ চলোৱাৰ ফলাফল”
পোষ্টৰ আৰ্কাইভ লিঙ্ক ইয়াত চাব পাৰিব।

তদন্ত
ভাইৰাল ভিডিঅ’ৰ তদন্তৰ স্বাৰ্থত, আমি ভিডিঅ’টোৰ পৰা বহুত কিফ্ৰেম উলিয়ালো আৰু সেইসমূহ গুগল লেঞ্চ ব্যৱহাৰ কৰি অনুসন্ধান কৰিলোঁ। এই প্ৰক্ৰিয়াত আমি দৈনিক জাগৰণৰ-ৰ ৱেবচাইটত 2025 চনৰ 24 চেপ্টেম্বৰ তাৰিখে প্ৰকাশিত এখন প্ৰতিবেদন পালো, য’ত উক্ত ভিডিঅ’ৰ পৰা স্ক্ৰীনশ্বট ব্যৱহাৰ কৰা হৈছে। প্ৰদত্ত তথ্য মতে, ভিডিঅ’টো থাইলেণ্ডৰ বেংককৰ, য’ত মাটিৰ তলৰ ৰেল ষ্টেচন বনাই থকাৰ সময়ত এখন ব্যস্ত পথত হঠাতে এখন 50 মিটাৰৰ গভীৰ ছিংকহ’ল মুকলি হৈ তিনিখন গাড়ি আৰু কেইহাটাও বিদ্যুতৰ খুঁটা আগুৰি ধৰিলে।
আমি 2025 চনৰ 24 চেপ্টেম্বৰত আপলোড কৰা ‘দ্য চান’-ৰ অফিছিয়েল ইউটিউব চেনেলতও এই সম্পৰ্কীয় প্ৰতিবেদন পাইছিলোঁ। প্ৰদান কৰা তথ্য অনুসৰি “বেংককত প্ৰায় 50 মিটাৰ দ এটা ছিংকহ’ল মুকলি হোৱাৰ ফলত ব্যস্ত পথৰ এটা অংশ ভাঙি যায়। বিদ্যুতৰ খুঁটা আৰু কিছুমান বাহনও তাত পড়ি যায়।”
ভিডিঅ’টোৰ সৈতে জড়িত তথ্যও 2025 চনৰ 25 চেপ্টেম্বৰত প্ৰকাশিত ইণ্ডিয়া টিভি এক বাতৰিৰ প্ৰতিবেদনত পোৱা গৈছে, য’ত লিখা আছিল, “ঠাইলেণ্ডৰ ৰাজধানী বেংককত হঠাতে 4-লেন যুক্ত পথ ভাঙি পথত এটা ডাঙৰ ক্ৰেটাৰৰ সৃষ্টি হয়। এই ঘটনাত তিনিখন গাড়িৰ ক্ষতিসাধন হয় আৰু ওচৰৰ অট্টালিকাবোৰ খালি কৰা হৈছিল। কোৱা হৈছিল যে, মাটিৰ তলত ৰেল ষ্টেচন নিৰ্মাণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে”
ভিডিঅ’ৰ সৈতে জড়িত অইন বাতৰিবোৰ ইয়াত পঢ়িব পাৰিব
অধিক সত্যাসত্য নিৰুপনৰ বাবে আমি দিল্লীৰ দৈনিক জাগৰণৰ সাংবাদিক উদয় যোগতাপৰ সৈতে যোগাযোগ কৰিলোঁ, যিয়ে নিশ্চিত কৰিলে যে, ভিডিঅ’টো দিল্লীৰ নহয় আৰু ভাইৰাল দাবীটো বিভ্ৰান্তিকৰ।
শেষত আমি ভিডিঅ’ শেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল স্কেন কৰিলো আৰু জানিব পৰা গ’ল যে, ব্যৱহাৰকাৰীজনৰ 379 অনুসৰণকাৰী আছে।
সামৰণি:বিশ্বাস নিউজৰ তদন্তত এই পথ ভাঙি পড়াৰ ভাইৰাল দাবী ভুল বুলি জানিব পৰা গৈছে আৰু এই ভিডিঅ’ৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। বাস্তৱত, এই ঘটনাটো 2025 চনৰ চেপ্টেম্বৰ মাহত থাইলেণ্ডত সংঘটিত হৈছিল, যেতিয়া বেংককত মাটিৰ তলৰ ৰেল ষ্টেচন নিৰ্মাণৰ সময়ত হঠাতে 4-লেন যুক্ত পথ ভাঙি ডাঙৰ ছিংকহ’লৰ সৃষ্টি হয়।একেটা ভিডিঅ’ এতিয়া দিল্লী মেট্ৰ’ৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈ আছে।
- Claim Review : দিল্লীত ছিংকহ'ল
- Claimed By : Facebook user Avinash Sharma
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











