X

Quick Fact Check: ভগত সিঙৰ ভগ্নীৰ 2014 চনত মৃত্যু হৈছিল, বিভ্ৰান্তিকৰ পোষ্টটো পুনৰ ভাইৰেল

বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। ভগত সিংৰ ভগ্নী বিবি প্ৰকাশ কৌৰৰ ২০১৪ চনতে মৃত্যু হৈছিল।

  • By Vishvas News
  • Updated: September 21, 2021

নতুন দিল্লী (বিশ্বাস টীম)। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত এটা পোষ্ট পুনৰ ভাইৰেল হৈ পৰিছে য’ত ভগত সিঙৰ ভগ্নী বিবি প্ৰকাশ কৌৰৰ এখন ফটো দেখা গৈছে। ভাইৰেল পোষ্টটোত দাবী কৰা হৈছে যে প্ৰকাশ কৌৰ এতিয়া আমাৰ মাজত নাই, আৰু আজি তেওঁৰ মৃত্যু হৈছে। বিশ্বাস নিউজৰ দলটোৱে এই পোষ্টটো পূৰ্বেও পৰীক্ষা কৰিছিল। ভগত সিঙৰ ভগ্নী বিবি প্ৰকাশ কৌৰৰ ২০১৪ চনতে মৃত্যু হৈছিল। আমাৰ অনুসন্ধানত, আমি ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ পাইছিলোঁ।

কি এই ভাইৰেল পোষ্ট?

এই ছবিখন ফেচবুকত শ্বেয়াৰ কৰি Om Choudhary নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে: : “चली गई एक शेर की बहन भगत सिंह की छोटी बहन प्रकाश कौर 96 वर्ष की आयु मैं आज हमारे बीच नहीं रही नमन है वीर भाई की वीरांगना बहन को 😰😰।” ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – এগৰাকী সিংহপুৰুষ ভগৎ সিংৰ সৰু ভগ্নী প্ৰকাশ কৌৰ আজি ৯৬ বছৰ বয়সত মৃত্যু হয়। আজি তেওঁ আমাৰ মাজত নাই, আমাৰ শ্ৰদ্ধা বীৰ ভাতৃৰ বীৰাঙ্গনা ভগ্নীলৈ 😰😰

এই পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে এই পোষ্টটো পূৰ্বেও পৰীক্ষা কৰিছিল। সেই সময়ত, ভাইৰেল পোষ্টটো অনুসন্ধান কৰোতে, আমি প্ৰথমে কীৱৰ্ড অনুসন্ধানৰ আশ্ৰয় লৈছিলো আৰু এই সংক্ৰান্তীয় বাতৰি গুগলত পাইছিলো। আমি ৩০ ছেপ্টেম্বৰ, ২০১৪ তাৰিখে প্ৰকাশিত জাগৰণ জোশৰ পৰা শিৰোনামৰ সৈতে এই দাবী সন্দৰ্ভত এটা বাতৰি পাইছিলো (হিন্দী অনুবাদ: ভগত সিঙৰ ভগ্নী বিবি প্ৰকাশ কৌৰৰ মৃত্যু) এই বাতৰি অনুসৰি: প্ৰকাশ কৌৰৰ ৯৪ বছৰ বয়সত কানাডাত মৃত্যু হৈছে। শ্বহীদ ভগত সিঙৰ ১০৭ তম জন্ম জয়ন্তীত বিবি প্ৰকাশ কৌৰৰ মৃত্যু হয়।

ইয়াৰ পিছত আমি শ্বহীদ ভগত সিঙৰ ভগ্নী অমৰ কৌৰৰ পুত্ৰ অধ্যাপক জগমোহন সিঙৰসৈতে যোগাযোগ কৰিছিলো। জগমোহন সিঙে আমাক কৈছিল যে ভাইৰেল পোষ্টটোৱে মানুহক বিপথে পৰিচালিত কৰিছিল। বিবি প্ৰকাশ কৌৰৰ ২০১৪ চনতে মৃত্যু হৈছে।

এই দাবীটো ছ’চিয়েল মিডিয়াত বহু ইউজাৰে শ্বেয়াৰ কৰি আছে আৰু এইসকলৰ মাজৰে এগৰাকী হৈছে Rajiv Dixit – ৰাজীৱ দীক্ষিত Belgaum/স্বদেশী/ Swadeshi
নামৰ এটা ফে’চবুক পেজ। এই পেজটোত ৭৮.২ হাজাৰ সদস্য আছে।

সম্পূৰ্ণ অনুসন্ধান ইয়াত পঢ়িব পাৰিব।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। ভগত সিংৰ ভগ্নী বিবি প্ৰকাশ কৌৰৰ ২০১৪ চনতে মৃত্যু হৈছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later