Fact Check: ফ্ৰাঞ্চৰ আৰক্ষীক শিল দলিয়াই মাৰাৰ পুৰণি ঘটনাক ‘ছাৱা’ নামৰ বোলছবিৰ সৈতে যুক্ত কৰি সাম্প্ৰদায়িক দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে
বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টোক লৈ অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে ভিডিঅ’টো আচলতে 2021-ত ফ্ৰাঞ্চৰ এটা পুৰণি ঘটনাৰ হয়। সেইটো ভিডিঅ’ক ‘ছাৱা’ নামৰ বোলছবিখনৰ লগত যুক্ত কৰি ভুৱা দাবীৰ সৈতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈ আছে। ভিডিঅ’টো ফ্ৰাঞ্চৰ পেণ্টিন অঞ্চলত হোৱা এটা ঘটনাৰ হয়। তাত আৰক্ষীৰ উপৰত শিল দলিওৱা হৈছিল। পুৰণি ঘটনাৰ এই ভিডিঅ’টোক ‘ছাৱা’ বোলছবিৰ সৈতে যুক্ত কৰি ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।
- By: Umam Noor
- Published: Mar 26, 2025 at 04:13 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। ‘ছাৱা’ নামৰ বোলছবি মুক্তি পোৱাৰ পাছত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈ আছে। তাত দেখা পোৱা গৈ আছে, বাটত কিছুমান মানুহ আৰক্ষীৰ উপৰত আক্ৰমণ চলাই আছে। এই ভিডঅ’টোক শ্বেয়াৰ কৰি কেইজনমান ইউজাৰে দাবী কৰি আছে যে ফ্ৰাঞ্চত ‘ছাৱা’ নামৰ বোলছবি মুক্তি পোৱাৰ পাছত মুছলমান সম্প্ৰদায়ৰ মানুহে উপদ্ৰৱ চলাইছে। প্ৰায় একে ধৰণৰ দাবীৰ সৈতে এইটো ভিডিঅ’ক বেলেগ-বেলেগ প্লেটফৰ্মতো শ্বেয়াৰ কৰা হৈ আছে।
বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টোক লৈ অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে ভিডিঅ’টো আচলতে 2021-ত ফ্ৰাঞ্চৰ এটা পুৰণি ঘটনাৰ হয়। সেইটো ভিডিঅ’ক ‘ছাৱা’ নামৰ বোলছবিখনৰ লগত যুক্ত কৰি ভুৱা দাবীৰ সৈতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈ আছে। ভিডিঅ’টো ফ্ৰাঞ্চৰ পেণ্টিন অঞ্চলত হোৱা এটা ঘটনাৰ হয়। তাত আৰক্ষীৰ উপৰত শিল দলিওৱা হৈছিল। পুৰণি ঘটনাৰ এই ভিডিঅ’টোক ‘ছাৱা’ বোলছবিৰ সৈতে যুক্ত কৰি ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।
ভাইৰেল প’ষ্টত কি আছে?
ফেচবুক ইউজাৰে ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, “#ফ্ৰাঞ্চৰ #ৰাজধানী_পেৰিছতো ‘ছাৱা’ নামৰ বোলছবি #ৰিলিজ হোৱাৰ লগে-লগে কালি ৰাতিয়ে #মুছলমানসকলে_দাংগা কৰি আছিল।”
প’ষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।
অনুসন্ধান
আমি নিজৰ অনুসন্ধান আৰম্ভ কৰি সদৌ প্ৰথমতে ভিডিঅ’টোৰ কী-ফ্ৰেম উলিয়াইছিলোঁ আৰু গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে দেখা পালোঁ ভিডিঅ’টো ডেইলী মোশ্বন-ৰ ৱেবছাইটত আপলোড হৈ আছে। তাত ভিডিঅ’-টোক চাৰি বছৰ আগতে প্ৰকাশ কৰা হৈছিল। ভিডিঅ’টোৰ লগত তাত এই তথ্য দিয়া হৈছিল যে, ফ্ৰাঞ্চৰ পেণ্টিনত আৰক্ষী আৰু তেওঁলোকৰ গাড়িক লক্ষ্য কৰি শিল দলিওৱা হৈছিল।
ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ এই ভিডিঅ’টো ফ্ৰাঞ্চৰ এক্স হেণ্ডল ‘Commissaires de Police SICP’-তো প’ষ্ট কৰা হৈছিল। তাত 25 ফেব্ৰুৱাৰী, 2021-ত এই ভিডিঅ’ প’ষ্ট কৰি লিখা হৈছিল, কালি ক’ৰ্টিলিয়েৰেছ চহৰৰ ৱিলেডেপেণ্টিনত আৰক্ষীৰ এটা দলক কিছুমান মানুহে চাৰিও ফালে দি আগুৰি ধৰি আৰক্ষীসকলৰ উপৰত হিংসাত্মক আক্ৰমণ চলাইছিল।
এই তথ্যৰ ভিত্তিত আমি নিজৰ অনুসন্ধান আগবঢ়ালোঁ আৰু ফ্ৰাঞ্চৰ নিউজ ৱেবছাইটত এই ঘটনাৰ লগত যুক্ত বাতৰি–ৰ সন্ধান পালোঁ। 2021-ৰ জানুৱাৰীৰ বাতৰিত কোৱা হৈছিল, দেওবাৰে দুপৰীয়া পেণ্টিনত আৰক্ষীসকলৰ উপৰত শিল দলিওৱা হৈছিল। আক্ৰমণকাৰীসকলৰ মাজৰপৰা এজনে সেই ঘটনাক নিজৰ স্মাৰ্টফোনত ৰেকৰ্ড কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই আক্ৰমণ তেতিয়া চলোৱা হৈছিল যেতিয়া আৰক্ষীয়ে কোনো এখন গাড়িত তালাচী চলাই আছিল, সেই সময়তে 10-12 জনৰ অধিক যুৱকে সেই আৰক্ষীসকলৰ উপৰত বিভিন্ন ধৰণৰ বস্তু দলিয়াবলৈ আৰম্ভ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত সিঁহতৰ উপৰত কন্দুৱা গেছ এৰি দিয়া হৈছিল আৰু আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত চাৰি জনক গ্ৰেপ্তাৰ কৰিছে।
নিউজ ছাৰ্চ কৰি আমি এনেকুৱা তথ্য পোৱা নাই যে ফ্ৰাঞ্চত ‘ছাৱা’ মুক্তি পোৱাৰ পাছত তাত কোনো উপদ্ৰৱৰ ঘটনা সংঘটিত হৈছে। অৱশ্যে, ভাইৰেল ভিডিঅ’টোক লৈ নিশ্চিত হোৱাৰ কাৰণে আমি ফ্ৰাঞ্চৰ Les Vérificateurs-ৰ ফেক্ট চেকাৰ আলেকজাণ্ডাৰ কেপৰুণৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁৰ লগত ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক জনাইছে যে, সেই ভিডিঅ’টোৰ লগত ‘ছাৱা’ নামৰ বোলছবিখনৰ কোনো সম্বন্ধ নাই।
সদৌ শেষত আমি ভুৱা প’ষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ ‘ৰোহতাশ কুমাৰ বনচল’-ৰ ছ’চিয়েল স্কেনিং কৰিছোঁ। তেতিয়া গম পালোঁ যে, এইজন ইউজাৰক 3.8 হাজাৰ মানুহে ফলো কৰে। আনহাতে এই প্ৰোফাইলৰপৰা বিশেষ ভাৱধাৰাৰ লগত যুক্ত প’ষ্ট শ্বেয়াৰ কৰা হয়।
সিদ্ধান্ত: বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টোক লৈ অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভিডিঅ’টো আচলতে 2021-ত ফ্ৰাঞ্চত সংঘটিত হোৱা এটা পুৰণি ঘটনাৰ হয়। সেই ভিডিঅ’টোক ‘ছাৱা’-ৰ লগত যুক্ত কৰি ভুৱা দাবীৰ সৈতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈ আছে। ভিডিঅ’টো ফ্ৰাঞ্চৰ পেণ্টিন অঞ্চলত সংঘটিত হোৱা এটা ঘটনাৰ হয়। তাত আৰক্ষীৰ উপৰত শিল দলিওৱা হৈছিল। পুৰণি সেই ঘটনাটোক ছাৱা নামৰ বোলছবিৰ লগত যুক্ত কৰি ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।
- Claim Review : ফ্ৰাঞ্চত ‘ছাৱা’ নামৰ বোলছবি ৰিলিজ হোৱাৰ পাছত মুছলমান সম্প্ৰদায়ৰ মানুহে উপদ্ৰৱ চলাইছে।
- Claimed By : FB User- Ayodhya Hanumangadi
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











