X

ফেক্ট চেক: ৰটলামত তেতেলি গছত উঠা মহিলাৰ ভিডিও ‘ অসমত ভুত’ নামেৰে ভাইৰেল

  • By Vishvas News
  • Updated: November 28, 2019

নতুন দিল্লী (বিশ্বাস নিউজ)|ছচিয়েল মিডিয়াত এটা ভিডিও ভাইৰেল হৈ পৰিছে|তাত এগৰাকী মহিলাক গছত উঠা দেখা যাব পাৰে|ইউজাৰে দাবী কৰিছে যে অসমৰ কৰিমগঞ্জত ভুত দেখিছে|বিশ্বাস নিউজে যেতিয়া এই পোষ্টটোৰ অনুসন্ধান কৰিলে ,তেতিয়া গম পোৱা গ’ল যে এই দাবী পুৰা ফৰ্জী|ভাইৰেল ভিডিওটো মধ্যপ্ৰদেশৰ ৰটলাম জিলাৰ আটোলৰ|তাত এটা দৰগাহৰ ওচৰত স্থিত তেতেলি গছত এগৰাকী মহিলা উঠিছিল|সেই ভিডিও টোক এতিয়া অসমৰ বুলি কৈ ভাইৰেল কৰা হৈছে|

কি আছে ভাইৰেল পোষ্টত

ফেচবুক ইউজাৰ কল্পনাই 8 চেপ্তেম্বৰত এটা ভিডিও আপলোড কৰি দাবী কৰিছিল : ASSAM, KARIMGANJPATHARKANDIRAJAGAON VILLAGE BHUT”
(অসম, কৰিমগঞ্জ ,পথাৰকাণ্ডি ৰাজাগাঁও ভুত)

অনুসন্ধান

বিশ্বাস নিউজে পোন প্ৰথমে ভাইৰেল ভিডিও টো মনোযোগেদি চালে|তাত কিছু লোকে হিন্দীতে কথা পাতা শুনা বলৈ পোৱা গ’ল|অৰ্থাৎএই ভিডিও টো কোনো হিন্দী প্ৰদেশৰ হ’ব পাৰে|তাৰ পাচত আমি গছত উঠা মহিলা কীবৰ্ডত টাইপ কৰি গুগুলত চাৰ্চ কৰিলোঁ|আমি নিউজ 24 নামৰ এটা ইউটিউৱ চেনেলত এই ভিডিওটো পালোঁ| 5 চেপ্তেম্বৰত আপলোড কৰা এই ভিডিওত জনোৱা গৈছে যে মধ্যপ্ৰদেশৰ ৰতলামৰ এক দৰগাহৰ ওচৰত স্থিত এজোপা তেতেলি গছত এগৰাকী মহিলা উঠিছে|ইয়াৰ পিচত পৰাই এই ভিডিওটো ভাইৰেল হয়|

অনুসন্ধান কৰোঁতে এই ভিডিওটো আমি টিভি 9 ভাৰতবৰ্ষ নামৰ এটা চেনেলত পালোঁ এইটো 4 চেপ্তেম্বৰত আপলোড কৰা গৈছিল|এইটোত মহিলা গৰাকীক ৰতলাম ৰ বুলি কোৱা হৈছিল|ঘটনাটো ৰতলাম জিলাৰ আলোটৰ বুলি জনাইছিল|

ইয়াৰ পিচত বিশ্বাস নিউজে মধ্যপ্ৰদেশৰ নইদুনিয়া ৰ ডিজিটেল এডিটৰ সুধীৰ মোৰেৰ লগত সম্পৰ্ক কৰে|তেখেতে নিউদুনিয়া নেটৱৰ্কৰ পৰা গম লৈ জনালে যে, ” ভাইৰেল ভিডিওটোত যি গৰাকী মহিলা আছে তেওঁ ৰতলাম জিলাৰ আলোটৰ ওচৰৰ গাঁওৰ বাসিন্দা|ঘটনা মধ্যপ্ৰদেশৰ| “

নই দুনিয়াৰ আলোটৰ সংবাদদাতা সুনীন চোপ্ৰাৰ মতে ,” ভাইৰেল ভিডিওটোত দেখা মহিলা গৰাকী আলোটৰ কাষৰ ভীম গাঁৱৰ বাসিন্দা ৰামকন্যা বাই|তেওঁ যোৱা এবছৰৰ পৰা পূৱা-গধুলী স্থানীয় আগাশ দৰগাহত হাজিৰা দিয়ে|কেইবাবাৰো ওচৰৰ তেতেলি গছৰ ওপৰত উঠি নাচে| “

অন্তত আমি কল্পনাৰ ফেচবুক একাউন্ট স্কেন কৰিলোঁ|এই একাউন্টৰ পৰাই ভিডিওটো ভাইৰেল কৰা গৈছিল|আমাৰ পৰীক্ষাত গম পোৱা গ’ল যে এই পেজটো 26 জানুৱাৰী 2019 ত বনোৱা গৈছিল|এইটো 1693 জনে ফলো কৰে|

নিষ্কৰ্ষ ঃ বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গ’ল যে যিটো ভিডিও অসমৰ কৰিমগঞ্জৰ বুলি কৈ ভাইৰেল কৰি আছিল ,সেইটো মধ্যপ্ৰদেশৰ পুৰনা ভিডিও|ৰতলাম জিলাৰ আলোট গাৱত স্থিত এক দৰগাহৰ ওচৰৰ এজোপা নীম গছ আছে|ভাইৰেল ভিডিওত দেখুৱা মহিলা সেই গছ জোপাত উঠিছিলে|

  • Claim Review : ;দাবী কৰা গৈছিল অসমৰ কৰিমগঞ্জৰ ভুত দেখিছে
  • Claimed By : FB User-Kalpana
  • Fact Check : False
False
    Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later