X

Fact Check: বিশ্ব স্বাস্থ্য সংস্থাই ১০ টা মাৰাত্মক খাদ্যৰ তালিকা প্ৰকাশ কৰা নাই, ভুৱা গ্ৰাফিক্স ভাইৰেল

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত ভাইৰেল পোষ্টত বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্ধৃতি দিয়া দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ১০ টা মাৰাত্মক খাদ্যৰ কোনো তালিকা প্ৰকাশ কৰা নাই। ভাইৰেল গ্ৰাফিক্স ভুৱা।

  • By Vishvas News
  • Updated: July 8, 2021

নতুন দিল্লী (বিশ্বাস নিউজ) শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন গ্ৰাফিক্স শ্বেয়াৰ কৰা হৈছে, য’ত এখন খাদ্যতালিকা আছে। এই তালিকাত থকা উক্ত ১০ টা মাৰাত্মক বা বিষাক্ত খাদ্য বুলি কোৱা হৈছে। গ্ৰাফিক্সবোৰত বিশ্ব স্বাস্থ্য সংস্থাৰ (World Health Organization) ল’গ’ লগোৱা হৈছে। তালিকাখন বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশ কৰা হৈছে বুলি দেখুৱাবলৈ চেষ্টা কৰা হৈছে। বিশ্বাস নিউজৰ তদন্তত ভাইৰেল দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। এই তথ্য পৰীক্ষা কৰাৰ সময়লৈ বিশ্ব স্বাস্থ্য সংস্থাই এনে কোনো তালিকা বা এনে কোনো পৰামৰ্শ জাৰি কৰা নাই।

 কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ MH AY য়ে ভাইৰেল গ্ৰাফিক্স শ্বেয়াৰ কৰিছিল, য’ত WHO ৰ ল’গ’ লগোৱা আছিল। ইয়াত লিখা হৈছে – ‘শীৰ্ষ ১০ টা মাৰাত্মক খাদ্য/ ইয়াৰে ৮ টা পোৱা গৈছে ফিলিপাইনছত / ফ্ৰেন্স ফ্ৰাইজ / বাৰ্গাৰ/ আইচক্ৰীম/ চিপ্পী ৰেড/ ডগনট/ পেকিং কেণ্টন/ ছুইটেণ্ড পৰ্ক’

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে বিশ্ব স্বাস্থ্য সংস্থাৰ অফিচিয়েল ছাইটত ভাইৰেল তালিকাখন বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল। আমি তাত তেনেকুৱা কোনো তালিকা বিচাৰি পোৱা নাছিলো। অৱশ্যে, আমি বিশ্ব স্বাস্থ্য সংস্থাৰ টুইটাৰ হেণ্ডেলত এটা টুইট পাইছিলোঁ। টুইটটোৱে ভাইৰেল দাবীটো খণ্ডন কৰি লিখিছে, “বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়াও ১০ টা বিষাক্ত বা মাৰাত্মক খাদ্যৰ তালিকা প্ৰকাশ কৰা নাই। আমি নিশ্চিতভাৱে এটা স্বাস্থ্যকৰ আহাৰ গ্ৰহণৰ দিশবোৰক উৎসাহিত কৰোঁ আৰু আপুনি ইয়াৰ পৰা অধিক তথ্য সংগ্ৰহ কৰিব পাৰে –  http://goo.gl/gfkos3′। এই সন্দৰ্ভত কৰা টুইটটো তলত চাব পাৰিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটৰ কিছুমান পৰামৰ্শত উল্লেখ কৰা হৈছে যে বিশ্ব স্বাস্থ্য সংস্থাই মানুহক স্বাস্থ্যকৰ আহাৰ অনুসৰণ কৰিবলৈ প্ৰেৰিত কৰে। ইয়াত ক্লিক কৰি সেয়া পঢ়িব পাৰিব।

বিশ্বাস নিউজে ভাইৰেল দাবী সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ এজন মুখপাত্ৰৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ ইয়াক ভুৱা বুলিও অভিহিত কৰিছিল আৰু কৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাই তেনে কোনো গ্ৰাফিক্স মুকলি কৰা নাই।

বিশ্বাস নিউজে ফেচবুক ব্যৱহাৰকাৰী MHAY ৰ প্ৰ’ফাইল স্কেন কৰিছিল যিয়ে ভাইৰেল দাবীটো শ্বেয়াৰ কৰিছিল। ব্যৱহাৰকাৰীজন ফিলিপাইনছৰ লোক।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত ভাইৰেল পোষ্টত বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্ধৃতি দিয়া দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ১০ টা মাৰাত্মক খাদ্যৰ কোনো তালিকা প্ৰকাশ কৰা নাই। ভাইৰেল গ্ৰাফিক্স ভুৱা।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later