X
X

Fact Check: সৈফ আলী খানৰ লগত হসপিটালত চলমান খানে লগ কৰি থকা ছবিখন এআই দ্বাৰা প্ৰস্তুত কৰা 

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল দাবি ভুল। ভাইৰাল ছবিসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰে(এআই) প্ৰস্তুত কৰা হৈছে, যিবিলাকক এতিয়া সঁচা ভাবি লই ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

নতুন দিল্লী(বিশ্বাস নিউজ)। কেইদিনমান আগত সৈফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত, তেঁওক চিকিৎসাৰ বাবে মুম্বাইৰ লীলাৱতী হসপিটালত ভৰ্তি কৰোৱা হৈছিল। এতিয়া কিছুসংখ্যক মানুহে ইয়াৰ লগত সংযুক্ত কৰি এখন কোলাজ ভাইৰাল কৰি আছে, যত সৈফ আলী খানৰ লগত কৰিনা কাপুৰ আৰু চলমান খানকও দেখা পোৱা গৈছে। ব্যৱহাৰকাৰীসকলে ছবিসমূহক সঁচা ভাবি লই শ্বেয়াৰ কৰি দাবি কৰি আছে যে, চলমান খান সৈফৰ লগত লগ কৰিবলৈ হসপিটালত উপস্থিত হৈছেহি। 

সামাজিক মাধ্যমত শাহৰুখ খান, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ছবিও একে দাবিৰ সৈতে ভাইৰাল কৰা হই আছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল দাবি ভুল। ভাইৰাল ছবিসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰে(এআই) প্ৰস্তুত কৰা হৈছে, যিবিলাকক এতিয়া সঁচা ভাবি লই ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

ভাইৰাল পোস্টত কি আছে ?

ফেচবুক পেজ খবৰ পাঞ্জাব (আৰ্কাইভ লিঙ্ক) ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে, হসপিটালৰ পৰা সৈফ আলী খানৰ ছবি পোহৰলৈ আহিছে, চলমান খানও হসপিটালত উপস্থিত হৈছে।#BollywoodActor #SaifAliKhan #PicturesViral #HospitalSurface #KareenaKapoorKhan #salmankhan”

মুফিদ খান নামক ফেচবুক ব্যৱহাৰকাৰীয়ে শাহৰুখ খানৰ ছবি শ্বেয়াৰ কৰি লিখিছে যে, “সৈফ আলী খানক লগ কৰিবলৈ হসপিটালত উপস্থিত হৈছে  #suhanakhan Suhanakhan -ৰ লগত”

খবৰ পাঞ্জাবৰ পেজে  অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ  ছবি শ্বেয়াৰ কৰি দাবি কৰিছে যে, ”বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা সৈফ আলী খানক হসপিটালত লগ কৰিবলৈ উপস্থিত হৈছে।”

তদন্ত

চলমান খান হসপিটালত যোৱা বুলি কৰা দাবিৰ সত্যতা জানিবলৈ আমি সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে গুগ’লত বিছাৰিলোঁ। আমি ভাইৰাল দাবি সন্দৰ্ভত কোনো বিশ্বাসযোগ্য মিডিয়া ৰিপোৰ্ট নাপালোঁ।

তদন্ত আগবঢ়াই নিঁওতে আমি ছবিখনক ভালদৰে চালো। কৰিনা কাপুৰৰ এখন ছবিত আঙুলিৰ গঠন সঠিক পোৱা নগ’ল, তাত আকৌ চলমান খনৰ এখন ছবিত তেঁওৰ হাতত মাত্ৰ চাৰিটা আঙুলিহে দেখা পোৱা গ’ল। যত স্পষ্ট হৈ যায় যে ভাইৰাল ছবিখন আচল নহয়। এইসমূহক এআই-ৰ দ্বাৰা বনোৱা হৈছে।

ছবিত ‘Grok’  নামৰ ল’গ’ দেখা পোৱা গ’ল। আমি গুগ’লত বিছাৰিলোঁ। অনুসন্ধানত গ’ল পোৱা গ’ল যে, গ্ৰক  এখন আৰ্টিফিচিয়েল ইন্টালিজেঞ্চ চেটব’ট হয়, যিটোক xAI দ্বাৰা বিকশিত কৰা হৈছে।

ছবিখনক আমি এআই সহায়ত প্ৰস্তুত হোৱা মাল্টিমিডিয়াৰ তদন্ত কৰা সঁজুলীৰ মাধ্যমে বিছাৰিলোঁ। ছবিসমূহক হাইব মডাৰেশন টুলত আপলোড কৰিলো। টুলে প্ৰথম ছবিখনক 67%, দ্বিতীয় ছবিখনক 54%, তৃতীয় ছবিখনক 99% আৰু চতুৰ্থ ছবিখনক 90% শতাংশ পৰ্যন্ত এআই-ৰ দ্বাৰা নিৰ্মিত হোৱাৰ সম্ভাৱনাৰ তথ্য প্ৰকাশ কৰিছে।  

অইন এখন সঁজুলী, এআই সাইট ইঞ্জনৰ জৰিয়তেও কোলাজৰ সন্ধান কৰিলো। এই সঁজুলীয়ে কোলাজখনক 90 শতাংশ এআই দ্বাৰা নিৰ্মিত হোৱাৰ তথ্য প্ৰকাশ কৰিছে। 

শাহৰুখ খান

আমি সাইট ইঞ্জিনৰ মাধ্যমে শাহৰুখ খানৰ ছবি বিছাৰিলোঁ।সঁজুলীয়ে ছবিখনক 87 শতাংশ এআই দ্বাৰা নিৰ্মিত বুলি জনাইছে। 

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা

আমি ছবিসমূহক  hivemoderation.com টুলৰ জৰিয়তে বিছাৰিলোঁ। টুলে প্ৰথম ছবিখনক 99 শতাংশ, দ্বিতীয় ছবিখনক 99 শতাংশ আৰু তৃতীয় ছবিখনক 97 শতাংশ এআই দ্বাৰা নিৰ্মিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

ভাইৰাল পোষ্টক এআই বিশেষজ্ঞ আজাহাৰ মাচৱে-ক পঠোৱা হ’ল। ছবিসমূহ এআই দ্বাৰা নিৰ্মিত বুলি নিষ্চিত কৰি তেঁও জঁনালে যে, “এই ছবিখন আচল নহয়, আৰু ইয়াত এআই দ্বাৰা নিমিৰ্ত ছবিৰ অসমানতাবোৰ স্পষ্ট দেখা পোৱা গৈছে।”

শেষত আমি পোষ্ট শ্বেয়াৰ কৰা পেজৰ সামাজিক স্কেনিং কৰিলো। গম পোৱা গ’ল যে এই পেজখনক এক হাজাৰৰও অধিক মানুহে অনুসৰণ কৰে। 

সামৰণি: সৈফ আলী খানক হসপিটালত লগ কৰিব যোৱা চলমান খানৰ ছবি আচল নহয়। বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিখন কৃত্ৰিম বুদ্ধিমত্তাৰে(এআই) বনোৱা হৈছে।যিবিলাকক এতিয়া ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। 

  • Claim Review : সৈফ আলী খানক হসপিটালত লগ কৰিবলৈ উপস্থিত হ'ল চলমান খান
  • Claimed By : ফেচবুক পেজ-খবৰ পাঞ্জাব
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later