X
X

Fact Check: টিম ইণ্ডিয়াৰ খেলুৱৈসকলৰ নাচি থকাৰ পুৰণি ভিডিঅ’ক চেম্পিয়ন্স ট্ৰফি 2025-ৰ বুলি ভাইৰেল কৰা হৈ আছে

চেম্পিয়ন্স ট্ৰফি 2025-ত পাকিস্তানক পৰাস্ত কৰি টিম ইণ্ডিয়াই একেৰাহে দুইখন খেলত জয়ী হ’ল। 23 ফেব্ৰুৱাৰী 2025-ত হোৱা খেলত টিম ইণ্ডিয়াই পাকিস্তান টিমক 6 উইকেটত পৰাস্ত কৰিছে।

বিশ্বাস নিউজ (নতুন দিল্লী)। চেম্পিয়ন্স ট্ৰফি 2025-ত পাকিস্তানক পৰাস্ত কৰি টিম ইণ্ডিয়াই একেৰাহে দুইখন খেলত জয়ী হ’ল। 23 ফেব্ৰুৱাৰী 2025-ত হোৱা খেলত টিম ইণ্ডিয়াই পাকিস্তান টিমক 6 উইকেটত পৰাস্ত কৰিছে। তাৰে মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। য’ত দেখা পোৱা গৈ আছে যে, অধিনায়ক ৰোহিত শৰ্মাই বিৰাট কোহলীৰ তথা অন্যান্য খেলুৱৈৰ সৈতে নাচি আছে। এতিয়া কেইজনমান ইউজাৰে এই ভিডিঅ’টোক শেহতীয়া বুলি শ্বেয়াৰ কৰি আছে। লগতে এয়া দাবী কৰা হৈছে যে, চেম্পিয়ন্স ট্ৰফিত পাকিস্তানক পৰাস্ত কৰাৰ পাছত আটাইবোৰ খেলুৱৈ নাচি-নাচি আনন্দ উদযাপন কৰিছে।  

বিশ্বাস নিউজে ভাইৰেল হৈ থকা দাবী সম্বন্ধে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে, এই ভিডিঅ’টো 2024-ত হোৱা টি20 বিশ্বকাপৰ হয়। তেতিয়া টিম ইণ্ডিয়াই টি20 বিশ্বকাপ জয় কৰাৰ পাছত আনন্দ উদযাপন কৰিছিলে আৰু ৱাংখেৰে ষ্টেডিয়ামত নাচিছিলে। সেই ভিডিঅ’টোক এতিয়া কিছুমান মানুহে চেম্পিয়ন্স ট্ৰফি 2025-ৰ বুলি কৈ শ্বেয়াৰ কৰি আছে। 

কি ভাইৰেল হৈ আছে ?

ফেচবুক ইউজাৰ ইউজাৰ  ‘Pratosh K Karn’ 23 ফেব্ৰুৱাৰী 2025-ত ভাইৰেল ভিডিঅ’টোক শ্বেয়াৰ কৰি কেপচনত লিখিছে, “ঐতিহাসিক জয়!

চেম্পিয়ন্স ট্ৰফি 2025-ৰ গ্ৰুপ লীগ প্ৰতিযোগিতাত ভাৰতীয় ক্ৰিকেট টিমে শক্তিশালী খেল প্ৰদৰ্শন কৰি পাকিস্তানক পৰাস্ত কৰিছে। টিম ইণ্ডিয়াই এনেকুৱা গৌৰৱশালী প্ৰদৰ্শন কৰাৰ কাৰণে আটাইবোৰ খেলুৱৈ একেলগে মিলি নাচিছে আৰু এই জয় কেৱল এটা খেল নহয়, এয়া আচলতে ক্ৰিকেটত ভাৰতেৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ হয়! আৰু বিৰাট তো বিৰাটে হয় জয় হিন্দ! জয় ভাৰত!”

প’ষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰে।

ছ’চিয়েল মিডিয়াত বহু ইউজাৰে এই ভিডিঅ’টোক উপৰত উল্লেখ কৰা একে ধৰণৰ দাবীৰ সৈতে শ্বেয়াৰ কৰিছে।

অনুসন্ধান

ভাইৰেল প’ষ্টৰ সত্যতা জানিবলৈ আমি ভিডিঅ’টোৰ বহু কেইখন কী-ফ্ৰেম উলিয়াইছিলোঁ আৰু সেইবোৰক গুগল লেঞ্চৰ সহায়তা ছাৰ্চ কৰি চাইছিলোঁ। আমি এই ভিডিঅ’টো BCCI-ৰ অফিচিয়েল এক্স হেণ্ডেলত পাইছোঁ। ভিডিঅ’টোক 5 জুলাই 2024-ত শ্বেয়াৰ কৰা হৈছিল। তাত যুগুত কৰা তথ্য অনুসৰি, ভিডিঅ ‘টো ৱাংখেৰে ষ্টেডিয়ামৰ হয় আৰু টি20 বিশ্বকাপৰ হয়।

https://twitter.com/BCCI/status/1809104736420819417

ছাৰ্চ কৰি থাকোঁতে ভাইৰেল ভিডিঅ’টোৰ লগত যুক্ত বাতৰি এএনআই-ৰ ৱেবছাইট-ত দেখা পালোঁ। সেই ৰিপ’ৰ্ট 5 জুলাই 2024-ত ওলাইছিল। বাতৰি অনুসৰি, টি20 বিশ্বকাপত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি20 বিশ্বকাপৰ খিতাপ দখল কৰিছিল। এই জয়ৰ আনন্দ ৱাংখেৰে ষ্টেডিয়ামত উদযাপন কৰা হৈছিল। য’ত টিমৰ খেলুৱৈসকলে বহুত নাচিছিল। 

ভাইৰেল ভিডিঅ’ৰ লগত যুক্ত অন্যান্য বাতৰি ইয়াত পঢ়ি চাব পাৰে। সেইবোৰত কোৱা হৈছে, ভিডিঅ’টো 2024-ৰ টি20 বিশ্বকাপৰ হয়।

অধিক জানিবলৈ আমি দৈনিক জাগৰণৰ স্প’ৰ্টছ এডিটৰ অভিষেক ত্ৰিপাঠীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, ভাইৰেল ভিডিঅ’টো টি20 বিশ্বকাপৰ হয়।

চেম্পিয়ন্স ট্ৰফি 2025-ত ভাৰতীয় দলে ভাৰতীয় দলে আৰু এটা খেলত জয়ী হৈছে। 23 ফেব্ৰুৱাৰী 2025-ত পাকিস্তানৰ লগত হোৱা খেলত টিম ইণ্ডিয়াই পাকিস্তানক 6 ইউকেটত পৰাস্ত কৰিছে। পাকিস্তান দলে ভাৰতীয় দলৰ সন্মুখত 242 ৰাণৰ লক্ষ্য বান্ধি দিছিলে। টিম ইণ্ডিয়াই সেই ৰাণ 42.3 অ’ভাৰতে কৰি খেলখন জিকিছে।  

সদৌ শেষত সেই ইউজাৰ জনৰ একাউণ্ট স্কেন কৰি চাইছোঁ যিজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, এইজন ইউজাৰক চাৰি হেজাৰ মানুহে ফলো কৰি থাকে। ইউজাৰ জনে নিজক দ্বাৰভাঙাৰ নিবাসী বুলি পৰিচয় দিছে।

সিদ্ধান্ত: বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, টিম ইণ্ডিয়াই নাচি থকাৰ যি ভিডিঅ’ ভাইৰেল হৈছে, সেয়া শেহতীয়া নহয়। সেয়া আচলতে 2024-ত হোৱা টি20 বিশ্বকাপৰ হয়। তেতিয়া ভাৰতীয় দলে ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি20 বিশ্বকাপৰ খিতাপ দখল কৰিছিল। এই জয়ৰ আনন্দ মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত উদযাপন কৰা হৈছিল। সেই ভিডিঅ’টোক হে কেইজনমান ইউজাৰে শেহতীয়া চেম্পিয়ন্স ট্ৰফি 2025-ৰ বুলি কৈ শ্বেয়াৰ কৰি আছে। এই ভিডিঅ’ৰ লগত বৰ্তমান সময়ৰ কোনো সম্বন্ধ নাই।

  • Claim Review : চেম্পিয়ন্স ট্ৰফিত পাকিস্তানক পৰাস্ত কৰি টিম ইণ্ডিয়াই নাচিলে।
  • Claimed By : Fb user- ‘Pratosh K Karn
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later