Fact Check: হাৰ্দিক পাণ্ডিয়া আৰু অনন্যা পাণ্ডেৰ এই ছবিবোৰ AI জেনাৰেটেড হয়
বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে এয়া ভুল দাবী হয়। আচলতে এই ছবিবোৰক এআই টুল্সৰ সহায়ত বনোৱা কৰা হৈছে।
- By: Pallavi Mishra
- Published: Mar 15, 2025 at 02:05 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। টীম ইণ্ডিয়াই চেম্পিয়ন্স ট্ৰফি 2025-ৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক 4 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। এতিয়া সেই খেলখনৰ সৈতে যুক্ত কৰি ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী অনন্যা পাণ্ডেৰ কেইখনমান ছবি ভাইৰেল হৈ আছে। সেই ছবিবোৰত দেখা পোৱা গৈ আছে যে, তেওঁলোকে দুয়োজনে দুয়োজনক আলিংগন কৰি আছে। প’ষ্টত দাবী কৰা হৈছে যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনত জয়ী হোৱাৰ পাছত হাৰ্দিক পাণ্ডিয়াই খেলপথাৰতে অনন্যা পাণ্ডেক লগ ধৰিছে আৰু তেওঁক আলিংগন কৰিছে।
বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে এয়া ভুল দাবী হয়। আচলতে এই ছবিবোৰক এআই টুল্সৰ সহায়ত বনোৱা কৰা হৈছে।
কি ভাইৰেল হৈ আছে ?
ফেচবুক ইউজাৰ AR Raftaar Media 4 মাৰ্চ 2025-ত ভাইৰেল ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, “ভাৰত বনাম অষ্ট্ৰেলিয়া খেলখনত জয়ী হোৱাৰ পাছত হাৰ্দিক পাণ্ডিয়াই অনন্যা পাণ্ডেক লগ ধৰিছে আৰু আলিংগন কৰিছে।”
বহু কেইজন ইউজাৰে এই ছবিখনক সঁচা বুলি ভাবি শ্বেয়াৰ কৰিছে। প’ষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰে।

অনুসন্ধান
ভাইৰেল প’ষ্টৰ সত্যতা গম পাবলৈ আমি ছবিবোৰ মনোযোগ দি চাইছোঁ। দুয়োখন ছবিৰে বেকগ্ৰাউণ্ড অস্পষ্ট আৰু ইয়াৰ ৰং চাই ইয়াক আচল যেন লগা নাছিল। এনেতে আমাৰ সন্দেহ হ’ল এয়া এআই ছবি হয়।
আমি অনুসন্ধানক আগুৱাই লৈ এই টুল্সৰ সহায়ত অনুসন্ধান কৰিলোঁ যিবোৰ ব্যৱহাৰ কৰি এআই-ৰ সহায়ত বনোৱা মাল্টিমিডিয়াক অনুসন্ধান কৰি চোৱা হয়। আমি হাইভ মডাৰেচন টুলৰ সহায়ত দুয়োখন ছবি ছাৰ্চ কৰি চালোঁ। এই টুলত কোৱা হ’ল যে প্ৰথম ছবিখন শতকৰা 98.6 ভাগ এআই জেনাৰেটেড হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, হাইভ মডাৰেচন টুলত এয়াও কোৱা হ’ল যে দ্বিতীয় ছবিখনৰ এআই জেনাৰেটেড হোৱাৰ সম্ভাৱনা শতকৰা 99.4 ভাগ।

আমি আন টুলৰ সহায়তো এই ছবিবোৰক আকৌ এবাৰ ছাৰ্চ কৰি চাইছিলোঁ। আমি ছাইট ইঞ্জিনৰ সহায়ত ছবিবোৰ ছাৰ্চ কৰিছিলোঁ। এই টুলতো কোৱা হ’ল যে ছবিবোৰ শতকৰা 99 ভাগ এআই জেনাৰেটেড হোৱাৰ সম্ভাৱনা আছে।

আমি ভাইৰেল প’ষ্টটো আজহাৰ মাচৱেৰ সৈতেও শ্বেয়াৰ কৰিছিলোঁ। তেওঁ এআই আৰু ইমাৰ্জিং টেকনলজিক লৈ কাম কৰি আছে। তেওঁ জনাইছে যে ছবিবোৰ এআই জেনাৰেটেড হয়। তেওঁ কৈছে যে, ছবিখনত যি বেকগ্ৰাউণ্ড দেখা পোৱা গৈ আছে সেয়া অস্পষ্ট আৰু দুয়োখন ছবিত থকা চেহেৰাবোৰৰ গঠন বেলেগ হয়। ইয়াতে স্পষ্ট যে এই ছবিবোৰক এআই ব্যৱহাৰ কৰি বনোৱা গৈছে।
সদৌ শেষত আমি ভুল দাবীৰ সৈতে প’ষ্টটো শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ AR Raftaar Media-ৰ একাউণ্টক স্কেন কৰি চালোঁ। তেতিয়া গম পালোঁ যে এইজন ইউজাৰক প্ৰায় 10 হাজাৰ মানুহ ফলো কৰি থাকে।
সিদ্ধান্ত: বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে হাৰ্দিক পাণ্ডিয়া আৰু অনন্যা পাণ্ডেৰ ভাইৰেল ছবিবোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (এআই) দি বনোৱা হৈছে। সেই ছবিবোৰকে সঁচা বুলি ভাবি মানুহে শ্বেয়াৰ কৰি আছে।
- Claim Review : ভাৰত বনাম অষ্ট্ৰেলিয়া খেলখনত জয়ী হোৱাৰ পাছত হাৰ্দিক পাণ্ডিয়াই অনন্যা পাণ্ডেক লগ ধৰিছে আৰু আলিংগন কৰিছে।
- Claimed By : FB User AR Raftaar Media
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











