Fact Check: পতন হোৱা বিমানখনৰ AI-উৎপন্ন ছবিখন আহমেদাবাদ বিমান পতনৰ সৈতে জড়িত বুলি ভাইৰেল হৈছে
বিশ্বস্ত নিউজে নিজৰ পুংখানুপুংখ অনুসন্ধানত পাইছে যে এই দাবী ভুৱা। এই ছবিখন মূলতে এআইৰ দ্বাৰা নিৰ্মিত।
- By: Pallavi Mishra
- Published: Jun 17, 2025 at 12:56 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। আহমেদাবাদত এয়াৰ ইণ্ডিয়া বিমানখন পতন হোৱাৰ পিছত ছ’চিয়েল মিডিয়া ত ক্রেচ হোৱা বিমানৰ এটা ছবি ভাইৰেল হৈ আছে। ফটোখন এই দাবী সৈতে আপলোড কৰা হৈছে যে এইয়া আহমেদাবাদত ক্রেচ হোৱা বিমান। বিশ্বস্ত নিউজে নিজৰ পুংখানুপুংখ অনুসন্ধানত পাইছে যে এই দাবী ভুৱা। এই ছবিখন মূলতে এআইৰ দ্বাৰা নিৰ্মিত।
ভাইৰেল পোষ্টটো কি?
ফেচবুক ব্যৱহাৰকাৰী হ’ছটন ডেছিছ 13 মে 2025 তাৰিখে ভাইৰেল ছবিটো (আর্কাইভ লিংক) এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাৰ সৈতে সংযোগ কৰি শ্বেয়াৰ কৰিছে, আৰু লগত লিখিছে “জীৱন ইমান চুটী যে, কেতিয়া কি হয়, একো ক’ব নোৱাৰি। এই দুৰ্ঘটনাই সকলোকে দুখী কৰিছে আৰু আমি মৃতকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিছো।”

পুংখানুপুংখ সন্ধান
এই প’ষ্টৰ পঢ়াৰ পিছত, আমি প্ৰথমে ছবিখন মনোযোগে চাইছিলোঁ। ছবিখনত সম্পূৰ্ণ বিমানখন এটা বিল্ডিংত আঘাত কৰা দেখা গৈছে, যেতিয়া আহমেদাবাদত হোৱা ঘটনাত বিমানখনে বিল্ডিঙৰ লগত আঘাত কৰি তাৰ ওচৰত পৰিছিল। আমাৰ সন্দেহ হৈছে যে এই ক্লিপটো AI দ্বাৰা উৎপন্ন হ’ব পাৰে। আমি ভিডিঅ’ৰ স্ক্ৰীনগ্রেবছবোৰক AIৰ সহায়ত নাটাত্মিকতাৰ পৰীক্ষা কৰা হাইভ ম’ডাৰেচন টুলছৰ পৰা বিচাৰি পাইছো। টুলটোৱে ইয়াৰ AI উৎপন্ন হ’বৰ সম্ভাৱনা 99.8 শতাংশলৈ ব্যাখ্যা কৰিছিল।
এটা টুল ছাইট ইঞ্জনে AI-উৎপন্ন হোৱাৰ সম্ভৱনাৰ বিষয়ে 99 শতাংশ বুজাইছে।

অন্য এটা টুল ‘ইজ ইট AI-উৎপন্ন হোৱাৰ সম্ভৱনাৰ বিষয়ে 99 শতাংশ বুজাইছে।

আমি ভাইৰেল পোষ্টটো AI আৰু উদীয়মান প্ৰযুক্তিত কাম কৰি থকা আজহৰ মাছৱেৰ সৈতে চেয়াৰ কৰিছে। তেওঁ ছবিখনক AI উৎপন্ন বুলি জনাইছে।

এই ক্ষেত্ৰত নিশ্চিততাৰ বাবে বিশ্বাস নিউজে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কভাৰ কৰা দৈনিক জাগৰণ, গুজৰাটৰ জ্যেষ্ঠ সংবাদদাতা শত্রুঘ্ন শৰ্মাৰ সৈতে যোগাযোগ কৰিছে। তেওঁ কৈছিল যে বিমানটো মেডিকেলৰ ছাত্ৰবোৰৰ বাবে তৈয়াৰ কৰা হোষ্টেলৰ সৈতে সাঙুৰ খোৱাই লৈছে আৰু বিমানখনৰ এটা অংশ বিল্ডিঙৰ ভিতৰত ভাঙি পৰিছিল কিন্তু সম্পূৰ্ণ বিমান খনে বিল্ডিঙৰ ভিতৰত ভাইৰেল ছবিৰ দৰে সোমাই পৰা নাই।
ভাইৰেল ছবিখন শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী হ’ছটন ডেছিছ ক 63 হাজাৰৰ পৰা অধিক ব্যৱহাৰকাৰী অনুসৰণ কৰে।
উপসংহাৰ: বিশ্বাস নিউজৰ নিজৰ তদন্তত পাইছে যে আহমেদাবাদৰ ঘটনাৰ সৈতে জড়িত হোৱা এই ছবিখন AI দ্বাৰা উৎপন্ন কৰা হৈছে।
- Claim Review : এই আহমেদাবাদত দুৰ্ঘটনা হোৱা বিমান।
- Claimed By : FB ব্যৱহাৰকাৰী হ’ছটন ডেছিছ
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











