X
X

Fact Check: পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছলমান আঘাৰ সৈতে সূৰ্যকুমাৰ যাদৱে হাত মিলাই থকা AI ছবি ভাইৰেল

বিশ্বাস নিউজে তদন্ত কৰি সূৰ্যকুমাৰ যাদৱ আৰু ছলমান আঘাৰ ফটো ভুৱা বুলি জানিব পৰা গৈছে। তিলক বৰ্মা আৰু পি এম মোদীৰ ভাইৰেল ফটোও বাস্তৱ নহয়। এই সকলোবোৰ ছবি AI সঁজুলি ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল। ব্যৱহাৰকাৰীসকলে সেইবোৰ শ্বেয়াৰ কৰি আছে, সেইবোৰক বাস্তৱ বুলি বিশ্বাস কৰি।।

নতুন দিল্লী (বিশ্বাস নিউজ)। এছিয়া কাপ ২০২৫ৰ ফাইনেল খেলখন ডুবাইত অনুষ্ঠিত হয়। ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত খেলখনত ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে। ইফালে ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা পোষ্ট। এখন ফটোত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছলমান আঘাৰ সন্মুখত হাত ভাঁজ কৰি থকা দেখা গৈছে। আন এখন ফটোত দুয়োৱে হাত মিলাই থকা দেখা গৈছে। কিছুমান ব্যৱহাৰকাৰীয়ে এই পোষ্টটো সঁচা বুলি বিশ্বাস কৰি শ্বেয়াৰ কৰিছে।

এছিয়া কাপ ২০২৫ৰ ফাইনেলৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তিলক বৰ্মাৰ কিছু কথিত ফটো ভাইৰেল হৈ পৰিছে।বিজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তিলক বৰ্মাৰ সৈতে সাক্ষাৎ কৰি অভিনন্দন জনোৱা বুলি দাবী কৰা হৈছে।

বিশ্বাস নিউজে তদন্ত কৰি ভাইৰেল ছবিবোৰ বাস্তৱ নহয় বুলি জানিব পাৰিছে। এই ছবিসমূহ AI সঁজুলি ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে আৰু ইয়াক বাস্তৱ বুলি ভুৱা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।বাতৰি অনুসৰি ২০২৫ চনৰ এছিয়া কাপত ভাৰত আৰু পাকিস্তানে তিনিবাৰকৈ মুখামুখি হৈছিল, আৰু তিনিওখন খেলতে ভাৰতে জয়লাভ কৰিছিল। অৱশ্যে কোনো এখন খেলতে ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী খেলুৱৈৰ লগত কেতিয়াও হাত মিলাব পৰা নাছিল।

কি ভাইৰেল হৈ আছে?

ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী jeee_lon (archive লিংক) এ ২০২৫ চনৰ ২৮ ছেপ্টেম্বৰত সূৰ্য্যকুমাৰ যাদৱ আৰু ছলমান আঘাৰ কথিত ফটো শ্বেয়াৰ কৰিছিল।

Positive Think নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে পি এম মোডী আৰু তিলক বৰ্মাৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘এছিয়া কাপত পাকিস্তানক পৰাস্ত কৰাৰ পিছত তিলক বৰ্মাই মোডী জীৰ সৈতে চেলফি তুলিবলৈ গৈছিল।

ফেচবুক পেজ Tun Tun Yadav Fanও প্ৰধানমন্ত্ৰী মোডী আৰু তিলক বৰ্মাৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, “এছিয়া কাপত পাকিস্তানক পৰাস্ত কৰাৰ পিছত মোডী জীয়ে তিলক বৰ্মাক অভিনন্দন জনাবলৈ হাত আগবঢ়াইছিল।

তদন্ত

আমি প্ৰথমে Googleত সূৰ্যকুমাৰ যাদৱ আৰু ছলমান আঘাৰ ফটো বিচাৰি অনুসন্ধান কৰিলোঁ। আমি ভাইৰেল ফটোখনৰ সৈতে জড়িত কোনো খবৰ পোৱা নাই। আমি ছবিখনৰ ওপৰত আৰু অধিক ভালদৰে অনুসন্ধান কৰিলোঁ। সূৰ্যকুমাৰ যাদৱ আৰু ছলমান আঘাৰ হাতৰ আকৃতি অদ্ভুত। ছলমান আঘাৰ টি-চাৰ্টৰ লিখনী অস্পষ্ট, আৰু বেকগ্ৰাউণ্ড ম্লান। আমি সন্দেহ কৰোঁ যে এইয়াৰ AI-উৎপন্ন হ’ব পাৰে।

সত্য নিৰ্ণয় কৰিবলৈ আমি AI dictation tools ব্যৱহাৰ কৰি ফটোখন স্কেন কৰিলোঁ। আমি প্ৰথমে ফটোখন হাইভ মডাৰেচনত আপলোড কৰিলোঁ। সঁজুলিটোৱে ফটোখন ধৰা পেলাইছিল আৰু সেইয়া AIৰ দ্বাৰা সৃষ্ট হোৱা বুলি প্ৰায় ১০০% সম্ভাৱনা দিছিল।

আমি ফটোখন আন এটা সঁজুলি চাইট ইঞ্জিনত আপলোড কৰিলোঁ, যিয়ে ছবিখনকো ৯৯% AI- সৃষ্ট বুলি ঘোষণা কৰিছিল।

দ্বিতীয় পোষ্ট

আমি প্ৰধানমন্ত্ৰী মোডী আৰু তিলক বৰ্মাৰ হাত মিলাই থকা ছবি এখন বিচাৰিলোঁ। আমি ছবিখন WasitAI সঁজুলিত আপলোড কৰিলোঁ। সঁজুলিটোৱে ইংগিত দিছিল যে ছবিখন সম্ভৱতঃ AI- সৃষ্ট।

তৃতীয় পোষ্ট

আমাৰ পৰৱৰ্তী তদন্তত আমি প্ৰধানমন্ত্ৰী মোডী আৰু তিলক বৰ্মাই একেলগে চেলফি লোৱা ফটো এখন বিচাৰিলোঁ। আমি Site Engine tool ব্যৱহাৰ কৰি ছবিখন বিচাৰিলোঁ। এই সঁজুলিটোৱে এইটোও নিশ্চিত কৰিলে যে ছবিখন ৯৯% AI-সৃষ্ট।

আমি এই ভাইৰেল ফটোসমূহ AI বিশেষজ্ঞ আজহাৰ মাচ্ৱেৰ সৈতে শ্বেয়াৰ কৰিলোঁ। তেওঁ আমাক ক’লে যে এই ছবিবোৰ AI ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে। এই ছবিসমূহত পিএম মোডীৰ চশমা, আঙুলি, চুলিয়ে স্পষ্টকৈ বুজাইছে যে এই ফটোসমূহ বাস্তৱ নহয়। আনকি সূৰ্যকুমাৰ যাদৱৰ ফটোখনতো আঙুলি আৰু চুলিলৈ চাই স্পষ্ট হৈ পৰে যে AIৰ সহায়ত সেইবোৰ প্ৰস্তুত কৰা হৈছে।

শেষত আমি পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীজনক স্কেন কৰিলোঁ আৰু দেখিলোঁ যে ব্যৱহাৰকাৰীজনৰ ইনষ্টাগ্ৰামত ২০০০ৰো অধিক অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰি সূৰ্যকুমাৰ যাদৱ আৰু ছলমান আঘাৰ ফটো ভুৱা বুলি জানিব পৰা গৈছে। তিলক বৰ্মা আৰু পি এম মোদীৰ ভাইৰেল ফটোও বাস্তৱ নহয়। এই সকলোবোৰ ছবি AI সঁজুলি ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল। ব্যৱহাৰকাৰীসকলে সেইবোৰ শ্বেয়াৰ কৰি আছে, সেইবোৰক বাস্তৱ বুলি বিশ্বাস কৰি।।

  • Claim Review : পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছলমান আঘাৰ সৈতে হাত মিলাই সূৰ্যকুমাৰ যাদৱ।
  • Claimed By : ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী -jeee_lon
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later