X
X

Fact Check : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা পৰিয়ালসকলক বিৰাট কোহলীয়ে 42কোটি টকা দিয়া বুলি ভাইৰেল দাৱী ভুল হয়

বিশ্বাস নিউজে নিজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা ব্যক্তিসকলৰ পৰিয়ালসকলক বিৰাট কোহলীয়ে 42 কোটি টকা দান কৰা বুলি ভাইৰেল দাৱী ভুল হয়। বিৰাট কোহলীয়ে এনেকুৱা কোনো কথা ঘোষণা কৰা নাই, আনকি এনেকুৱা কোনো দান-বৰঙণিও আগবঢ়োৱা নাই। ইয়াৰ আগতেও বিৰাট কোহলীয়ে ধন দান কৰা বুলি ভুৱা দাৱী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীক লৈ এটা পোষ্ট তীব্ৰ গতিত ভাইৰেল হৈ আছে। এই পোষ্টত দাৱী কৰা হৈছে যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত যিসকল ব্যক্তিৰ মৃত্যু হৈছে, তেওঁলোকৰ সকলোৰ পৰিয়ালক বিৰাট কোহলীয়ে 42 কোটি টকা দান কৰিছে। 

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা দাৱী ভুল হয়। বিৰাট কোহলীয়ে এতিয়ালৈ এনেকুৱা কোনো কথা ঘোষণা কৰা নাই, আনকি এতিয়ালৈ এনেকুৱা কোনো দান-বৰঙণিও আগবঢ়োৱা নাই। ইয়াৰ আগতেও বিৰাট কোহলীয়ে ধন দান কৰা বুলি ভুৱা দাৱী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।   

কি ভাইৰেল হৈ আছে?

ইনষ্টাগ্ৰাম ইউজাৰ cricket_lover__6565-য়ে 26 এপ্ৰিল 2025-ত ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “42 কোটি টকাৰ দান কৰিলে বিৰাট কোহলী।”

পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰে।

অনুসন্ধান

ভাইৰেল দাবীৰ সত্যতা জানিবলৈ আমি গুগল-ত সেই দাৱী সম্বন্ধীয় কী-ৱৰ্ড ছাৰ্চ কৰি চাইছিলোঁ। কিন্তু সেই বিষয়ৰ লগত যুক্ত কোনো নিউজ ৰিপোৰ্ট আমি নাপালোঁ। 

আমি অধিক অনুসন্ধান চলাই বিৰাটৰ কোহলীৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টছ চালিজাৰি চাইছিলোঁ। তেতিয়াও আমি ভাইৰেল দাৱী সম্বন্ধীয় কোনো পোষ্ট দেখা নাপালোঁ।  

ভাবিবলগীয়া কথা এয়াই যে, বিৰাট কোহালীয়ে যদি ধন দান কৰাৰ কথা ঘোষণা কৰিলেহেঁতেন বা ধন দান কৰিয়ে দিলে হেঁতেন, তেন্তে সেই বিষয়ক লৈ মিডিয়া ৰিপোৰ্ট অৱশ্যেই থাকিলেহেঁতেন। আমি ক’তো তেনেকুৱা কোনো নিউজ ৰিপোৰ্ট পোষ্ট হোৱা দেখা নাই। অৱশ্যে এনডিটিভি-ৰ ৱেবছাইটত 23 এপ্ৰিল 2025-ত প্ৰকাশ পোৱা এটা ৰিপোৰ্ট দেখা পাইছোঁ। সেই ৰিপোৰ্টত কোৱা হৈছে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ বিৰাট কোহলী নিজৰ হতাশা ব্যক্ত কৰিছে। ইনষ্টাগ্ৰামত তেওঁ এইটো কথা পোষ্ট কৰিছিলে, “পহলগামত নিৰীহ মানুহৰ উপৰত হোৱা জঘন্য আক্ৰমণৰ ঘটনাত মোৰ বহুত দুখ লাগিছে। যিসকলে এই আক্ৰমণৰ বলি হৈছে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা ব্যক্তি কৰিলোঁ। সেই সকলো ব্যক্তিৰ পৰিয়ালসমূহৰ বাবে মই শান্তি ও শক্তি প্ৰাৰ্থনা কৰি আছোঁ। যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ বাবে ন্যায় কামনা কৰিছোঁ আৰু যিসকলে এই নিষ্ঠুৰ কাম কৰিছে সিহঁতৰো বিৰুদ্ধেও সঠিক বিচাৰ হওঁক।”

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা শুভম দ্বিবেদীৰ পিতৃৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনাইছে যে বিৰাট কোহলীৰ পক্ষৰপৰা এতিয়ালৈ ধন দান সম্বন্ধীয় কোনো মেছেজ অহা নাই আৰু তেওঁৰ টীমৰ পক্ষৰপৰাও এনেকুৱা কোনো কথা জনোৱা হোৱা নাই।   

আমি এই বিষয়ক লৈ স্পোৰ্টছ এনালিষ্ট, জাৰ্ণালিষ্ট তথা কমেনট্ৰেটৰ সৈয়দ হুছেইনৰ সৈতে কথা পাতিছিলোঁ। তেওঁ কৈছে যে ভাইৰেল দাৱীটো ভুল হয়। বিৰাট কোহলীৰ পক্ষৰপৰা এতিয়ালৈ এনেকুৱা কোনো কথা শুনিবলৈ পোৱা নাই। 

আমি বিৰাট কোহলীৰ টীমৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ। তাৰ উত্তৰ আহিলে এইটো ষ্টোৰিক আপডেট কৰা হ’ব।

সদৌ শেষত আমি সেইজন ইউজাৰৰ একাউণ্ট স্কেন কৰি চাইছিলোঁ যিজনে ভুল দাৱীৰ সৈতে ভাইৰেল পোষ্টটো কৰিছিলে। তেতিয়া আমি দেখা পালোঁ যে, এইজন ইউজাৰে ক্ৰিকেট সম্বন্ধীয় পোষ্ট শ্বেয়াৰ কৰি থাকে। তেওঁক প্ৰায় পাঁচ হাজাৰ মানুহে ফলো কৰি থাকে।

সিদ্ধান্ত:  বিশ্বাস নিউজে নিজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা ব্যক্তিসকলৰ পৰিয়ালসকলক বিৰাট কোহলীয়ে 42 কোটি টকা দান কৰা বুলি ভাইৰেল দাৱী ভুল হয়। বিৰাট কোহলীয়ে এনেকুৱা কোনো কথা ঘোষণা কৰা নাই, আনকি এনেকুৱা কোনো দান-বৰঙণিও আগবঢ়োৱা নাই। ইয়াৰ আগতেও বিৰাট কোহলীয়ে ধন দান কৰা বুলি ভুৱা দাৱী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

  • Claim Review : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা ব্যক্তিসকলৰ পৰিয়ালসকলক বিৰাট কোহলীয়ে 42 কোটি টকা দান কৰিছে।
  • Claimed By : Inst user cricket_lover__6565
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later