X

Fact Check : শ্মশানৰ এই ছবি ভূপালৰ, ইয়াক গুজৰাট বুলি ভাইৰেল কৰা হৈছে

  • By Vishvas News
  • Updated: April 25, 2021

বিশ্বাস নিউজ (নতুন দিল্লী)। পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচন চূড়ান্ত পৰ্যায়ত উপনীত হৈছে যদিও ইয়াক লৈ বিভ্ৰান্তিকৰ পোষ্ট ভাইৰেল হোৱাৰ বাতৰি এতিয়াও অব্যাহত আছে। মধ্য প্ৰদেশত, ভূপালৰ শ্মশানৰ এখন আলোকচিত্ৰ গুজৰাটৰ বুলি শেহতীয়াকৈ ভাইৰেল কৰা হৈছে। ইউজাৰসকলে এই ছবিখন ভাইৰেল কৰি কৈছে যে ছবিখন গুজৰাটৰ, য’ত বিজেপিৰ চৰকাৰ আছে। আপুনিয়ো বংগকো এনে এখন ৰাজ্যৰ ৰূপত বিচাৰে নেকি?

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি ধৰা পৰিছে। ভূপালৰ ভদ্ভদা শ্মশানৰ ছবিখন গুজৰাটৰ বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে। অৱশ্যে, কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ পৰা এনেবোৰ ছবি আহি আছে।

কি এই ভাইৰেল পোষ্ট

ফেচবুক ইউজাৰ মহছিন আহমেদ খানে ১৩ এপ্ৰিলত এটা পোষ্ট আপলোড কৰি ইংৰাজীত লিখিছে : ‘Dear People of Bengal…This is Gujarat ruled by bjp for last 25 years, Do you want bjp’s ‘Sonar Bangla’?’

এই বাক্যটো ছবিখনৰ সৈতেও লিখা আছিল। দাবী কৰা হৈছে যে অন্তিম সংস্কাৰৰ এই ছবি গুজৰাটৰ।

ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে গুগল ৰিভাৰ্চ ইমেজ টুলৰ দ্বাৰা ইয়াৰ প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰে। প্ৰথমে ভাইৰেল গ্ৰাফিক্সত ব্যৱহৃত ছবিবোৰৰ অনুসন্ধান আৰম্ভ কৰে বিশ্বাস নিউজে। এই অনুসন্ধানতে আমি এটা ৱেবছাইটত মূল ছবিখন দেখিবলৈ পাও। ছবিখন ১২ এপ্ৰিলত stackumbrella.in নামৰ ৱেবছাইটত প্ৰকাশিত এটা বাতৰি ব্যৱহাৰ কৰা হৈছিল। খবৰটো আছিল ভূপালৰ নিয়ন্ত্ৰণহীন ক’ৰোনাৰ বিষয়ে। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক। বাতৰিটোত ব্যৱহৃত ছবিখনত আমি ১২ এপ্ৰিলৰ তাৰিখটোও দেখিছিলো।

ছবিখনত লিখা থকা তাৰিখক আধাৰ কৰি, আমি ভূপালৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ডিজিটেল সংস্কৰণবোৰ স্কেন কৰিবলৈ আৰম্ভ কৰিলোঁ। যিহেতু ছবিখন ১২ এপ্ৰিলৰ আছিল, গতিকে আমি ১৩ এপ্ৰিলৰ বাতৰি কাকতবোৰ স্কেন কৰিবলৈ ললোঁ। আমি ভূপালৰ পৰা প্ৰকাশিত দৈনিক ভাস্কৰ বাতৰি কাকতত এই ভাইৰেল ছবিখন লাভ কৰিলোঁ। ছবিখন ভদভদা বিশ্ৰাম ঘাটৰ বুলি কোৱা হৈছে।

আমাৰ অনুসন্ধান আগবঢ়াই নি নাইডুনিয়া ভূপালৰ ফটো সাংবাদিক আব্ৰাৰ আহমেদৰ সৈতে যোগাযোগ কৰো। হোৱাটছএপ্পৰ জৰিয়তে আমি তেওঁলৈ এই ভাইৰেল পোষ্টটো প্ৰেৰণ কৰো।  তেওঁ আমাক এই সন্দৰ্ভত জনায় যে এইখন ভূপালৰ ভদভদা বিশ্ৰাম ঘাটৰ ছবি।

অনুসন্ধানত প্ৰকাশ পাইছিল যে দেশৰ সকলো দিশৰ পৰাই এনে প্ৰতিবেদন আহি আছে য’ত ক’ৰোনাৰ ফলত মৃত্যুমুখত পৰা সকলৰ বাবে ইমান বৃহৎ পৰিমাণৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। গুজৰাটৰ নামত ভাইৰেল হোৱা এই ছবি প্ৰকৃততে ভূপালৰ। গুজৰাটৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফেচবুক ইউজাৰ মহছিন আহমেদ খানক তদন্তৰ শেষত সামাজিকভাৱে স্কেন কৰা হৈছিল। ইয়াত আমি লাভ কৰা তথ্য অনুযায়ী ইউজাৰগৰাকীৰ ১৪৪ জন বন্ধু আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। গুজৰাটৰ নামত ভাইৰেল হোৱা শ্মশানৰ এই ছবিখন প্ৰকৃততে মধ্যপ্ৰদেশৰ ভূপালৰহে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later