X
X

Fact Check: সন্ত্ৰাসবাদী গ্ৰেপ্তাৰৰ পুৰণি ভিডিঅ’ক পেহেলগাম আক্ৰমণৰ সৈতে যুক্ত কৰি ভাইৰেল কৰা হৈ আছে

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে সন্ত্ৰাসবাদী গ্ৰেপ্তাৰৰ ভাইৰেল ভিডিঅ’ক লৈ যি দাবী কৰা হৈ আছে সেয়া ভুল হয়। এই ভিডিঅ’ৰ সৈতে পেহেলগাম আক্ৰমণৰ কোনো সম্বন্ধ নাই। ভিডিঅ’টো প্ৰায় আঠ বছৰ আগৰ হয়, সেইটোক এতিয়া অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যৰে পেহেলগাম আক্ৰমণৰ সৈতে যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰৰ ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈ আছে। এই ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈ আছে যে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত এজন হিন্দু সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল দাবী ভুল হয়। ভিডিঅ’টোৰ লগত পেহেলগাম আক্ৰমণৰ কোনো সম্বন্ধ নাই। এই ভিডিঅ’টো প্ৰায় আঠ বছৰ আগৰ হয়, সেইটোক এতিয়া অপপ্ৰচাৰৰ কৰাৰ উদ্দেশ্যৰে পেহেলগাম আক্ৰমণৰ সৈতে যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে। 

কি ভাইৰেল হৈ আছে ?

ফেচবুক ইউজাৰ ‘বাৰিছ পাঠান’ ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “ব্ৰেকিং নিউজ… কাশ্মীৰৰ পেহেলগামৰ প্ৰথম জন ব্ৰাহ্মণ সন্ত্ৰাসবাগী #সন্দীপ_শৰ্মা,, আৰক্ষীৰ জালত।”

पोस्ट के आर्काइव लिंक को यहां पर देखें। এই পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰে।

অনুসন্ধান  

ভাইৰেল পোষ্টৰ সত্যতা জানিবলৈ আমি ভিডিঅ’টোক স্কেন কৰিছিলোঁ। তেতিয়া দেখা পালোঁ, ভিডিঅ’টোত পুৰণি এবিপি নিউজৰ লোগো আছে। অনুসন্ধান আগবঢ়াই আমি এবিপি নিউজৰ অফিচিয়েল ইউটিউব চেনেলক চালিজাৰি চাবলৈ আৰম্ভ কৰিছিলোঁ। তেতিয়া ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ দেখা পালোঁ 17 জুলাই 2017-ত আপলোড কৰা হৈছিল। প্ৰাপ্ত তথ্য মতে, ভিডিঅ’টো 2017-ত অনন্তনাগত হোৱা গ্ৰেপ্তাৰৰ ঘটনাৰ হয়। 

দৈনিক জাগৰণৰ ৱেবছাইটত 13 জুলাই 2017-ত প্ৰকাশ পোৱা ৰিপোৰ্ট অনুসৰি, “জম্মু-কাশ্মীৰৰপৰা গ্ৰেপ্তাৰ হোৱা সন্দীপ শৰ্মা ওৰফে আদিলে স্বীকাৰ কৰিছে যে সি লশ্কৰ-এ তৈবাৰ কেম্পৰপৰা প্ৰশিক্ষণ লাভ কৰিছে। সি লশ্কৰৰ লগত থাকি সিহঁতৰ গাড়ি চলোৱাৰ কামো কৰিছিল। সন্দীপ শৰ্মাই স্বীকাৰ কৰিছে যে সি জম্মু-কাশ্মীৰত তিনিটা ঘটনা সংঘটিত কৰিছে। সন্দীপে 3 জুন 2017-ত কাজীগুণ্ডত আৰ্মিৰ ইউনিটৰ উপৰত আক্ৰমণ চলাইছিল, দ্বিতীয়তে, 13 জুন 2017-ত অনন্তনাগৰপৰা জাষ্টিছ নিবাস গাৰ্ড পোষ্টৰ অস্ত্ৰ লুঠ কৰাৰ ঘটনাত যুক্ত আছিল আৰু তৃতীয়তে, 16 জুন 2017-ত অচ্ছবালত আৰক্ষী পাৰ্টিৰ উপৰত হোৱা আক্ৰমণত সি গাড়ি চলোৱাৰ কাম কৰাৰ লগতে ফায়াৰিং কৰাৰ কামতো যুক্ত আছিল বুলি স্বীকাৰ কৰিছে।”

নিউজ18  আৰু জনসত্তা-ৰ ৱেবছাইটত 14 জুলাই 2017-ত প্ৰকাশ পোৱা ৰিপোৰ্ট অনুসৰি, আদিল ওৰফে সন্দীপ শৰ্মাই কৈছে যে সি অৱসৰ প্ৰাপ্ত আৰক্ষী ইন্সপেক্টৰৰ জীয়ৰীৰ প্ৰেমত পৰি প্ৰথমতে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিছিল আৰু তাৰ পাছত সন্ত্ৰাসবাদী হৈছে। কিন্তু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কৈছে এয়া সঠিক তথ্য নহয়।

27 এপ্ৰিলত ৰাষ্ট্ৰীয় তদন্ত এজেঞ্চী (এনআইএ)-ৰ অফিচিয়েল এক্স হেণ্ডলৰপৰা পোষ্ট কৰি এই তথ্য দিয়া হৈছে যে গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশৰ পাছত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এনআইএ-ক দিয়া হৈছে। 22 এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 26 জনৰ মৃত্যু হৈছে।

অধিক তথ্যৰ বাবে আমি দৈনিক জাগৰণ, জম্মু-কাশ্মীৰৰ ব্যুৰ’ চীফ নৱীন নৱাজৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কৈছে যে ভিডিঅ’টো আঠ বছৰ আগৰ হয়। 

সদৌ শেষত আমি সেই ইউজাৰৰ একাউণ্ট স্কেন কৰি চাইছোঁ যিজনে ভুল দাবীৰ সৈতে ভিডিঅ’টো শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে এই ইউজাৰ জন এটা ভাৱধাৰাৰ সৈতে যুক্ত পোষ্ট শ্বেয়াৰ কৰি থাকে। এই ইউজাৰক 5 হাজাৰ মানুহ ফলো কৰে। 

সিদ্ধান্ত: বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে সন্ত্ৰাসবাদী গ্ৰেপ্তাৰৰ ভাইৰেল ভিডিঅ’ক লৈ যি দাবী কৰা হৈ আছে সেয়া ভুল হয়। এই ভিডিঅ’ৰ সৈতে পেহেলগাম আক্ৰমণৰ কোনো সম্বন্ধ নাই। ভিডিঅ’টো প্ৰায় আঠ বছৰ আগৰ হয়, সেইটোক এতিয়া অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যৰে পেহেলগাম আক্ৰমণৰ সৈতে যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে।

  • Claim Review : পেহেলগাম আক্ৰমণৰ পাছত কাশ্মীৰত হিন্দু সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।
  • Claimed By : FB User Barish Pathan
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later