X
X

Fact Check: দিল্লীৰ নামত ভাইৰেল হৈ থকা আৰক্ষীৰ লাঠিচাৰ্জৰ এই ভিডিঅ’ ৰাজকোটৰ হয়

বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে আৰক্ষীৰ লাঠিচাৰ্জৰ এই ভিডিঅ’টো দিল্লীৰ নহয়। এই ভিডিঅ’টো আচলতে ৰাজকোটৰ হয়। সেই ঠাইত 2025-ৰ জানুৱাৰীত আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত সংঘৰ্ষৰ ঘটনা ঘটিছিল। এতিয়া সেই ঘটনাৰ ভিডিঅ’ক দিল্লীৰ বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে। 

  • By: Jyoti Kumari
  • Published: Apr 29, 2025 at 03:53 PM
  • Updated: Apr 29, 2025 at 06:24 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত মানুহৰ ভীৰৰ এটা ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈ আছে। ভিডিঅ’ত দেখা পোৱা গৈ আছে যে, আৰক্ষীয়ে হাতত লাঠি লৈ মানুহৰ ভীৰক আঁতৰাই আছে। এতিয়া কেইজনমান ইউজাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰি আছে যে এয়া দিল্লীত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ হয়।

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল দাবী ভুল হয়। ভিডিঅ’টোৰ সৈতে দিল্লীৰ কোনো সম্বন্ধ নাই। আচলতে ভিডিঅ’টো ৰাজকোটৰ হয়। 2025-ত সেই ঠাইত আৰক্ষী আৰু মানুহৰ মাজত সংঘৰ্ষ হৈছিল। এতিয়া সেই ঘটনাৰ ভিডিঅ’ক দিল্লীৰ বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে। 

কি ভাইৰেল হৈ আছে ?

ফেচবুক ইউজাৰ  ‘Ramkishor Prajapati ’ 28 এপ্ৰিল 2025-ত ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “দিল্লীত হ’ল আটাইতকৈ ডাঙৰ দুৰ্ঘটনা।”

ছচিয়েল মিডিয়াত বহু কেইজন ইউজাৰে একে দাবী কৰি ভিডিঅ’টো শ্বেয়াৰ কৰি আছে। এই পোষ্টৰ আৰ্কাইভ লিংক  ইয়াত চাব পাৰে।

অনুসন্ধান

पूरी खबर यहां देखें। ভাইৰেল দাবীৰ সত্যতা জানিবলৈ আমি ভিডিঅ’টোৰ বহু কেইখন কী-ফ্ৰেম উলিয়াইছিলোঁ আৰু সেইবোৰক গুগল ৰিভাৰ্ছ ইমেজৰ সহায়ত ছাৰ্চ কৰিছোঁ। তেতিয়া আমি ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত বাতৰি গুজৰাটী দৈনিক জাগৰণৰ ৱেবছাইটত দেখা পালোঁ। এই ৰিপোৰ্ট  6 জানুৱাৰী 2025-ত প্ৰকাশ পাইছিল। তাত থকা তথ্য অনুসৰি, ৰাজকোট জিলাৰ বিঞ্চিয়াৰ থোৰিয়ালী গাঁওত মাটি বেদখল কৰাৰ অভিযোগ জনোৱা এজন ব্যক্তিক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছিল। তাৰ পাছত আৰক্ষীয়ে সাতজন মানুহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। সেই সাতজনৰ ভিতৰত ছয় জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে যেতিয়া অভিযুক্তসকলক লগত লৈ ঘটনাস্থলত গৈ পাইছিলে, তেতিয়া আৰক্ষী থানাৰ বাহিৰত মানুহৰ ভীৰ জমা হৈ গৈছিল। মানুহে দাবী জনাইছিল যে অভিযুক্তসকলক লৈ বিঞ্চিয়া অঞ্চলত শোভাযাত্ৰা উলিয়াব লাগিব। কিন্তু আৰক্ষীয়ে সেয়া কৰা নহ’ব বুলি জনাইছিলে। তাৰ পাছত কেইজনমান মানুহে আৰক্ষী থানাৰ উপৰত পাথৰ দলিয়াইছিল। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল। বাতৰিত কোৱা হৈছে যে কন্দুৱা গেছো প্ৰয়োগ কৰৈ হৈছিল।

ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত ৰিপোৰ্ট Zee News-ৰ অফিচিয়েল ইউটিউব চেনেলত পোৱা গৈছে। ভিডিঅ’টোক 7 জানুৱাৰী 2025-ত আপলোড কৰা হৈছিল। প্ৰাপ্ত তথ্য মতে, ভিডিঅ’টো ৰাজকোটৰ হয়। তাত হত্যাৰ ঘটনাত অভিযু্ক্ত লোকসকলৰ পেৰেড চোৱাৰ কাৰণে মানুহৰ ভীৰ জমা হৈছিল। কিন্তু আৰক্ষীয়ে সেয়া কৰা নহ’ব বুলি কৈ দিছিলে। তাৰ পাছত মানুহে ক্ষিপ্ত হৈ আৰক্ষীৰ উপৰত পাথৰ দলিয়াবলৈ আৰম্ভ কৰে। তেতিয়া আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ লগতে কন্দুৱা গেছো প্ৰয়োগ কৰিছিল।

ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত বাতৰি দৈনিক ভাস্কৰৰ ৱেবছাইট –তো পোৱা গৈছে। 4 মাহ আগতে প্ৰকাশ পোৱা সেই বাতৰিত কোৱা হৈছে যে ঘটনাটো ৰাজকোটৰ হয়।

ভাইৰেল ভিডিঅ’টোৰ সৈতে যুক্ত  অন্যান্য বাতৰি ইয়াত পঢ়ি  চাব পাৰে।

আমি ভিডিঅ’টো গুজৰাটী দৈনিক জাগৰণৰ এছছিয়েট এডিটৰ জীৱন কপুৰিয়াৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক কৈছে, “ৰাজকোট জিলাৰ থোৰিয়ালী গাঁৱত মাটি বেদখলৰ অভিযোগ জনোৱা এজন ব্যক্তিৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছিল। তাৰ পাছত আৰক্ষীয়ে সাতজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু সেই সাতজনৰ ভিতৰত ছয় জন অভিযুক্ত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলক ঘটনাস্থলত লৈ যোৱা হৈছিল ঘটনা ৰিক্ৰিয়েট কৰাৰ কাৰণে। তেতিয়া এটা পক্ষৰ বিপুল সংখ্যক মানুহ একত্ৰিত হৈ গৈছিল। তাৰ পৰিণাম স্বৰূপ সংঘৰ্ষৰ ঘটনা ঘটিছিল। মানুহৰ ভীৰ আঁতৰাবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলৈ বাধ্য হৈছিল আৰু লগতে কন্দুৱা গেছো এৰিছিল।”

সদৌ শেষত আমি সেই ইউজাৰ জনৰ প্ৰফাইল স্কেন কৰি চালোঁ যিজনে ভিডিঅ’টোক দিল্লীৰ বুলি কৈ শ্বেয়াৰ কৰিছিল। তেতিয়া গম পালোঁ, এই ইউজাৰ জনক 56 হাজাৰ মানুহে ফলো কৰে।

সিদ্ধান্ত: বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে আৰক্ষীৰ লাঠিচাৰ্জৰ এই ভিডিঅ’টো দিল্লীৰ নহয়। এই ভিডিঅ’টো আচলতে ৰাজকোটৰ হয়। সেই ঠাইত 2025-ৰ জানুৱাৰীত আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত সংঘৰ্ষৰ ঘটনা ঘটিছিল। এতিয়া সেই ঘটনাৰ ভিডিঅ’ক দিল্লীৰ বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে। 

  • Claim Review : এই ভিডিঅ’টো দিল্লীত হোৱা দুৰ্ঘটনাৰ হয়।
  • Claimed By : ফেচবুক ইউজাৰ -Ramkishor Prajapati
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later