X

Fact Check: বোৰ্খা নিষিদ্ধ কৰা হোৱা নাই দিল্লী মেট্ৰ’ত

  • By Vishvas News
  • Updated: April 25, 2021

নতুন দিল্লী (Vishvas News)। শেহতীয়াকৈ দিল্লী মেট্ৰ’ত বোৰ্খা নিষিদ্ধ কৰা হৈছে বুলি এক বিশেষ পোষ্ট ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ আছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী তথা পোষ্টটো মিছা বুলি প্ৰমাণিত হৈছে। দিল্লী মেট্ৰ’ৰ দ্বাৰা বোৰ্খা নিষিদ্ধ কৰা হোৱা নাই।

কি এই ভাইৰেল পোষ্ট

বহু লোকে নিজ নিজ টুইটাৰ আৰু ফে’চবুকৰ ৱালত এই টেক্সট পোষ্টটো শ্বেয়াৰ কৰিবলৈ লৈছে, য’ত লিখা আছে – “দিল্লী মেট্ৰ’ বোৰ্খা মুক্ত হ’ল, দিল্লী মেট্ৰ’ত বোৰ্খা পিন্ধি ঘুৰা-ফুৰা কৰাটো নিষিদ্ধ কৰা হৈছে, CISF ৰ নিৰ্দেশ…!!”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াতইয়াত আৰু ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল দাবীৰ সত্যতা নিৰূপণৰ বাবে ইণ্টাৰনেটত এটা কী-ৱৰ্ডৰ অনুসন্ধান কৰিছিল। আমি এনে কোনো বাতৰি লাভ নকৰিলো, য’ত এনে ধৰণৰ কোনো নিশ্চিত তথ্য দিয়া হৈছে। কিন্তু আমি ২০১৬ চনৰ কিছুমান প্ৰতিবেদন পাইছিলো য’ত এইটো খবৰ পোৱা গৈছিল যে দিল্লী মেট্ৰ’ৰ দ্বাৰা বোৰ্খা নিষিদ্ধ কৰা হোৱা নাই।

navbharattimes.indiatimes.com ত ০৫ ছেপ্টেম্বৰ, ২০১৬ ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “ফেচবুকত শ্বেয়াৰ কৰা বাৰ্তাটো চিআইএছএফে এতিয়া দিল্লী মেট্ৰ’ত বোৰ্খা নিষিদ্ধ কৰা হৈছে বুলি দাবী কৰা উৰাবাতৰি হিচাপে খাৰিজ কৰিছিল। চিআইএছএফে কৈছিল যে এনে নিৰ্দেশনা কেতিয়াও জাৰি কৰা হোৱা নাই বা দিল্লী মেট্ৰ’ই তেনে কোনো নিয়ম প্ৰস্তুত কৰা নাই। ” আমি ডিএমআৰচিৰ সকলো অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেল পৰীক্ষা কৰিছিলোঁ। কিন্তু আমি তেনে কোনো খবৰ কতো পোৱা নাছিলো।

ডিএমআৰচিৰ ৱেবছাইটতো এনে কোনো ঘোষণা বা জাননী আমি লাভ নকৰিলোঁ।

বিষয়টো নিশ্চিত কৰিবলৈ আমি চিআইএছএফৰ জনসম্পৰ্কৰক্ষী বিষয়া অপূৰ্ব পাণ্ডেৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ এই পোষ্টটো ভুৱা বুলি একেষাৰে অভিহিত কৰিছিল। আমি এই সন্দৰ্ভত ডিএমআৰচিৰ জনসম্পৰ্কৰক্ষী বিষয়া সুষমা গৌৰৰ সৈতেও যোগাযোগ কৰিছিলো। তেওঁৱো এই ভাইৰেল দাবীটো অস্বীকাৰ কৰিছিল আৰু ইয়াক ভুৱা বুলি অভিহিত কৰিছিল। শেষত আমি ফে’চবুকত এই পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ অক্ষয় পেটেলৰ প্ৰ’ফাইল স্কেন কৰো। এই প্ৰ’ফাইলটো স্কেন কৰাৰ পিছত আমি দেখিছিলো যে ইউজাৰজন গুজৰাটৰ। ইউজাৰজনৰ ফেচবুকত ২০৮২ গৰাকী বন্ধু আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। দিল্লী মেট্ৰ’ৱে কেতিয়াও বোৰ্খা নিষিদ্ধ কৰা নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later