X

Fact Check : ৰঞ্জন গগৈয়ে সংবিধান সংশোধনৰ বিষয়ে এই টুইট কৰা নাছিল

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ নামত এটা ভাইৰেল টুইট ভুৱা বুলি প্ৰমাণিত হৈছে।

  • By Vishvas News
  • Updated: June 18, 2021

বিশ্বাস নিউজ (নতুন দিল্লী) । মুখ্য ন্যায়াধীশ হিচাপে অৱসৰপ্ৰাপ্ত আৰু বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ নামত এটা ভুৱা টুইট ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। সংশ্লিষ্ট টুইটটো ভাইৰেল কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ৰঞ্জন গগৈয়ে সংবিধানৰ কিছুমান অনুচ্ছেদত সংশোধনৰ দাবী জনাইছে। বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছিল।

কি এই ভাইৰেল পোষ্ট?
ফে’চবুক ব্যৱহাৰকাৰী বিৰমা ৰাম জাটে ১৫ জুনত শ্ৰী শ্যাম প্ৰেম মণ্ডল নামৰ এটা গোটত ৰঞ্জন গগৈৰ নামত এটা ভাইৰেল ভুৱা টুইট পোষ্ট কৰিছিল। “মুছলমান”, “বৌদ্ধ” আৰু “খ্ৰীষ্টান”সকলে কেনেকৈ তেওঁলোকৰ নিজৰ “উৎসৱ” পালন কৰিব, সেয়া তেওঁলোকৰ সমাজৰ মানুহে সিদ্ধান্ত ল’ব, কিন্তু হিন্দুসকলে তেওঁলোকৰ “উৎসৱ” কেনেদৰে উদযাপন কৰিব? এইটো ভাৰতৰ আদালতৰ দ্বাৰা সিদ্ধান্ত লোৱা হ’ব! ভাৰতীয় সংবিধানৰ বৈষম্যমূলক অনুচ্ছেদ ২৫, ২৬, ২৭, ২৮, ২৯, ৩০ আৰু ৩১ এতিয়া সংশোধন কৰিব লাগে।’

অনুসন্ধান

বিশ্বাস নিউজে আটাইতকৈ গুৰুত্বপূৰ্ণ ৰঞ্জন গগৈৰ চৰ্চিত টুইটৰ সত্যতা জানিবলৈ গুগল চাৰ্চৰ সহায় লৈছিল। পিছে আমি এই সন্দৰ্ভত এটাও খবৰ পোৱা নাছিলো, আনহাতে যদি ৰঞ্জন গগৈয়ে তেনেকৈ কৈছিল, তেন্তে এইটো এটা বাতৰি নিশ্চিত ৰূপত হ’লহেঁতেন। আমাৰ তদন্তটো আগুৱাই লৈ বিশ্বাস নিউজে ভাইৰেল টুইটটোত দেখা @RanjanGogoii হেণ্ডেলটো বিচাৰিবলৈ আৰম্ভ কৰে। আমি টুইটাৰত এই নামৰ একাউণ্ট এটা বিচাৰি পোৱা নাছিলো।

তদন্তটো আগুৱাই লৈ বিশ্বাস নিউজে দৈনিক জাগৰণৰ বিশেষ সংবাদদাতা মালা দীক্ষিতৰ সৈতে যোগাযোগ কৰে। তেওঁ আমাক কৈছিল যে এইটো ৰঞ্জন গগৈৰ ভুৱা একাউণ্ট।

এতিয়া ভুৱা পোষ্টটো শ্বেয়াৰ কৰা ফে’চবুক ব্যৱহাৰকাৰীজনৰ ছ’চিয়েল স্কেনিংত, আমি জানিব পাৰিছিলো যে ফে’চবুক ব্যৱহাৰকাৰী বিৰমা ৰাম জাট ৰাজস্থানৰ দেদৱানাৰ বাসিন্দা। পিছে আমি এই একাউণ্টত বেছি তথ্য পোৱা নাছিলোঁ।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ নামত এটা ভাইৰেল টুইট ভুৱা বুলি প্ৰমাণিত হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later