X

Fact Check : অমিত শ্বাহ আৰু যোগী আদিত্যনাথৰ প্ৰয়াগৰাজৰ পুৰণি ছবি এতিয়া হৰিদ্বাৰৰ নামত ভাইৰেল

  • By Vishvas News
  • Updated: April 22, 2021

বিশ্বাস নিউজ (নতুন দিল্লী) দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ফটো শেহতীয়াকৈ ভুৱা দাবীৰে ভাইৰেল হৈ আছে। ইউজাৰসকলে দাবী কৰিছে যে দুয়োজন নেতাই হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলাত উপস্থিত হৈছিল। বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট পৰীক্ষা কৰাত জানিব পৰা গৈছে যে এয়া সম্পূৰ্ণ ভুৱা পোষ্ট। ২০১৯ চনৰ প্ৰয়াগৰাজৰ ছবিখন এতিয়া কিছুলোকে ইচ্ছাকৃতভাৱে ভাইৰেল কৰিবলৈ লৈছে।

কি এই ভাইৰেল পোষ্ট

১৬ এপ্ৰিলত অমিত শ্বাহ আৰু যোগী আদিত্যনাথৰ এখন ফটো আপলোড কৰি টুইটাৰ হেণ্ডেল Rinse Kurian এ লিখিছে, “মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে মাস্ক অবিহনে ধৰা পৰিলে চৰকাৰে ১০,০০০ টকা চালান কাটিব, আনহাতে যোগী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিন পূৰ্বে কুম্ভমেলা পৰিদৰ্শন কৰিছিল এনেকৈ।” পোষ্টটোত এইটোও ব্যংগাত্মকভাৱে লিখা হৈছিল যে দুয়োকে ৩ দিন আগতে ৰাজকীয় স্নান কৰা দেখা গৈছিল।

টুইটাৰৰ এই আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই সৰ্বপ্ৰথমে গুগল ৰিভাৰ্চ ইমেজত ভাইৰেল হোৱা ফটোখন আপলোড কৰি বিচাৰিবলৈ আৰম্ভ কৰে। অনুসন্ধানৰ ফলাফলত, আমি কেবাটাও ৱেবছাইটত মূল ছবিখন দেখিবলৈ পাইছিলো। আমি বহুতো ভিডিঅ’ও লাভ কৰিছিলো। এই সমগ্ৰ তথ্যৰ পৰাই এটা কথা আমি জানিব পাৰো যে এই ছবিখন ফেব্ৰুৱাৰী ২০১৯ ৰহে, শেহতীয়া নহয়।

আনকি আমি হিন্দুস্তান টাইমছৰ ৱেবছাইটত মূল ছবিখনো বিচাৰি পাইছিলো। ছবিখনৰ উৎস হিচাপে অমিত শ্বাহৰ টুইটাৰ হেণ্ডেলত ১৩ ফেব্ৰুৱাৰী, ২০১৯ ত প্ৰকাশিত বুলি বাতৰিত উল্লেখ কৰা হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে অমিত শ্বাহে প্ৰয়াগৰাজত চলি থকা কুম্ভমেলাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কুম্ভত ডুব মাৰিছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

আমাৰ অনুসন্ধান অব্যাহত ৰাখি, আমি অমিত শ্বাহৰ টুইটটো বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ বাবে, টুইটাৰত উন্নত সন্ধান সঁজুলিৰো সহায় লোৱা হৈছিল। প্ৰাসঙ্গিক কী-ৱৰ্ড আৰু তাৰিখক আধাৰ হিচাপে লৈ, আমি এই টুইটটো লাভ কৰিলো। চাৰিখন ছবি আপলোড কৰি অমিত শ্বাহে কৰা টুইটটোৰ বিৱৰণত কোৱা হৈছে যে সংগম নগৰী প্ৰয়াগৰাজত অনুষ্ঠিত সনাতন সংস্কৃতিৰ প্ৰাচীনতা, মহিমা আৰু ঐক্যৰ প্ৰতীক কুম্ভমেলাত বিভিন্ন সাধু মহাত্মাৰ সৈতে কুম্ভত গা ধোৱাটো এক সৌভাগ্যৰ বিষয়।

এই টুইটটো ১৩ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে কৰা হৈছিল। সেয়া তলত চাব পাৰিব।

আমি ইণ্ডিয়া টিভিৰ ইউটিউব চেনেলতো ইয়াৰ এটা ভিডিঅ’ পাইছিলোঁ। ইয়াক ১৩ ফেব্ৰুৱাৰী ২০১৯ ত আপলোড কৰা হৈছিল। আপুনি ইয়াত সম্পূৰ্ণ বাতৰিটো চাব পাৰে।

আমাৰ অনুসন্ধানৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বাস নিউজে জুনা আখৰাৰ মুখ্য পৃষ্ঠপোষক তথা সৰ্বভাৰতীয় আখৰা পৰিষদৰ সাধাৰণ সম্পাদক মহন্ত হৰি গিৰিৰ সৈতে যোগাযোগ কৰে। তেওঁ আমাক জনায় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে চলিত বৰ্ষত এতিয়ালৈ হৰিদ্বাৰৰ কুম্ভ ভ্ৰমণ কৰিবলৈ অহা নাই। এই ফটোখন ২০১৯ চনত প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাৰ। অমিত শ্বাহে তেতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে প্ৰয়াগৰাজলৈ আহিছিল। ময়ো সেই সময়ছোৱাত অমিত শ্বাহ আৰু যোগীৰ সৈতে আছিলোঁ।

নিষ্কৰ্ষঃ উপসংহাৰ: ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। অমিত শ্বাহ আৰু যোগী আদিত্যনাথে প্ৰয়াগৰাজৰ কুম্ভ ভ্ৰমণ কৰাৰ এখন পুৰণি ছবি ইচ্ছাকৃতভাৱে ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later