X

Fact Check: চিকু ফলেৰে ক’ৰোনা ভাইৰাছৰ পৰা উপশম পোৱাৰ দাবী আৰু নিউজ-ক্লিপ দুয়োটাই ভুৱা

  • By Vishvas News
  • Updated: April 3, 2021

নতুন দিল্লী (বিশ্বাস নিউজ) | ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা বিশেষ নিউজ ক্লিপ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে, য’ত একেবাৰে ওপৰত বৰ বৰ হৰফেৰে টাইমছ অৱ ইণ্ডিয়া লিখা আছে আৰু ভিতৰত থকা খবৰত উল্লেখ আছে যে ক’ৰোনা ভাইৰাছৰ চিকিৎসাৰ উপায় চিকু ফলৰ ভিতৰত পোৱা গৈছে আৰু এই চিকু ফলে ক’ৰোনা ভাইৰাছ ধ্বংস কৰিব পাৰে। এতিয়া এই পোষ্টটোকেই সত্য বুলি মানি লৈ বিভিন্নজনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ লৈছে।

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ অনুসন্ধান কৰি উমান পায় যে এইপৰ্যন্ত এনে কোনোধৰণৰ প্ৰমাণ হোৱা নাই যে চিকু ফল খোৱাৰ ফলত ক’ৰোনা ভাইৰাছৰ পৰা উপশম পাব পাৰি। আনহাতে টাইমছ অৱ ইণ্ডিয়াৰ নামত ভাইৰেল হৈ থকা নিউজ ক্লিপটোও ভুৱা বুলি প্ৰমাণ হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ ‘Manoj Tidke’ নামৰ লোকগৰাকীয়ে টাইমছ অৱ ইণ্ডিয়াৰ ভুৱা নিউজক্লিপ শ্বেয়াৰ কৰিছে, য’ত লিখা আছে ‘CHIKOO THE COVID KILLER’. ইফালে বাতৰিৰ ভিতৰভাগত লিখা আছে যে ক’ৰোনা ভাইৰাছৰ চিকিৎসা চিকু ফলৰ মাজত পোৱা গৈছে, আৰু চিকু ফলে ক’ৰোনা ভাইৰাছ ধ্বংস কৰিব পাৰে।

পোষ্ট টোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

 

অনুসন্ধান

ভাইৰেল পোষ্টটোৰ অনুসন্ধানৰ বাবে সৰ্বপ্ৰথমে আমি এই কথা জানিবলৈ চেষ্টা কৰিলো যে সঁচাকৈয়ে চিকু ফল খালে ক’ৰোনা ভাইৰাছৰ পৰা উপশম পাব পাৰি নেকি। আমি নিউজ ছাৰ্ছ কৰোতে এনেধৰণৰ কোনো লেখা বা প্ৰবন্ধ বা বাতৰি আমি লাভ নকৰিলো, যিয়ে এই দাবীক সত্য প্ৰমাণিত কৰিব পাৰে।

বিশ্বাস নিউজে ইন্দ্ৰপ্ৰস্থত এপ’লো হাস্পতালৰ পাল্মোনোল’জিষ্ট ডাঃ নিখিল মোদীৰ সৈতে যোগাযোগ কৰে। ডাঃ মোদীয়ে আমাক জনায় যে এই ভাইৰেল পোষ্টত উল্লেখ কৰা দাবী সম্পূৰ্ণ ভুল। চিকু ফল খালে ক’ৰোনা ভাইৰাছৰ পৰা উপশম পাব পাৰি বুলি কোনো প্ৰমাণ এই পৰ্যন্ত কোনেও লাভ কৰা নাই।

WHO ৰ ৱেবছাইটত থকা তথ্য অনুসৰি এনে কোনো প্ৰমাণ নাই যিয়ে ক’ভিড-১৯ কোনোধৰণৰ ফল, শাক-পাচলি বা খাদ্য পৰিপূৰকৰ ব্যৱহাৰেৰে ধ্বংস হয় বা ইয়াক প্ৰতিৰোধ কৰিব পাৰি।

এতিয়া এয়া স্পষ্ট হৈ পৰিল যে চিকুৰ সৈতে জড়িত এই ভাইৰেল কৰি থকা পোষ্ট সম্পূৰ্ণ ভুৱা। এতিয়া আমি এই কথা জানিবলৈ চেষ্টা কৰিলো যে টাইমছ অৱ ইণ্ডিয়াত এনেধৰণৰ কোনো বাতৰি প্ৰকাশ হৈছিল নেকি? আমাৰ অনুসন্ধান আৰম্ভ কৰিয়েই আমি প্ৰয়োজনীয় কী-ৱৰ্ডেৰে গুগল নিউজ ছাৰ্ছ কৰিবলৈ ললো। আমাৰ অনুসন্ধানত এনেধৰণৰ কোনো খবৰ লাভ নকৰিলো।

আমি মন কৰিছো যে টাইমছ অৱ ইণ্ডিয়াৰ যিটো পোষ্ট ভাইৰেল হৈছে তাত থকা মাষ্টহেডৰ সৈতে বৰ্তমানৰ টাইমছ অৱ ইণ্ডিয়াৰ মাষ্টহেডৰ আকাশ-পাতাল পাৰ্থক্য। তলত দিয়া ফটো ক’লাজত ভাইৰেল পোষ্টৰ তুলনা কৰা হৈছে টাইমছ অৱ ইণ্ডিয়াৰ ১ এপ্ৰিল ২০২১ তাৰিখৰ বাতৰি কাকতৰ সৈতে।

বিশ্বাস নিউজে টাইমছ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক সুমিত্ৰা দেৱৰয়ৰ সৈতে যোগাযোগ কৰি এই ভাইৰেল পোষ্ট সন্দৰ্ভত তেওঁক অৱগত কৰে। তেওঁ আমাক জনায় যে এই নিউজ ক্লিপ সম্পূৰ্ণৰূপে ভুৱা। টাইমছ অৱ ইণ্ডিয়াত এনেধৰণৰ কোনো বাতৰি প্ৰকাশ হোৱা নাই।

এই ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ Manoj Tidke ৰ প্ৰ’ফাইল স্কেন কৰোতে জানিবলৈ পোৱা তথ্য অনুসৰি এই লোকগৰাকী নাগপুৰৰ বাসিন্দা আৰু এইগৰাকী ইউজাৰক ৩৬৯ গৰাকী লোকে ফ’লো কৰে। উপসংহাৰ – বিশ্বাস নিউজে এই ভাইৰেল পোষ্টৰ অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি এইপৰ্যন্ত এনে কোনো প্ৰমাণ নাই যিয়ে চিকু ফল খালে ক’ৰোনা ভাইৰাছৰ পৰা উপশম পোৱাৰ কথা সত্য বুলি প্ৰমাণ কৰিব পাৰে। টাইমছ অৱ ইণ্ডিয়াৰ নামত ভাইৰেল হৈ থকা এই ক্লিপ ভুৱা।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজে এই ভাইৰেল পোষ্টৰ অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি এইপৰ্যন্ত এনে কোনো প্ৰমাণ নাই যিয়ে চিকু ফল খালে ক’ৰোনা ভাইৰাছৰ পৰা উপশম পোৱাৰ কথা সত্য বুলি প্ৰমাণ কৰিব পাৰে। টাইমছ অৱ ইণ্ডিয়াৰ নামত ভাইৰেল হৈ থকা এই ক্লিপ ভুৱা।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later