
নতুন দিল্লী (বিশ্বাস টীম)| চছিয়েল মিডিয়াত এটা মন্দিৰ আৰু ভঙা প্ৰতিমাৰ ছবি ভাইৰেল হৈ আছে | এইটোক সম্প্ৰদায়িক বুলি দাবীসহ প্ৰকাশ কৰা হৈছে|
বিশ্বাস নিউজৰ পৰীক্ষাত এই দাবী ভ্ৰান্ত বুলি পোৱা গ’ল| যিবোৰ ফটোক সম্প্ৰদায়িক দৃষ্টিৰে ভাইৰেল কৰা গৈছে| এই মন্দিৰত হোৱা ভঙা -ভাঙিবোৰ সম্প্ৰদায়ৰ কোনো সম্বন্ধ নাই বৰং চুৰ কৰাৰ সময়তহে হৈছিল|
ফেচবুক ইউজাৰে ফটোবোৰ ছেয়াৰ কৰোঁতে লিখিছে, ” গেট বজাৰ কালী মন্দিৰ, শিলিগুড়ীৰ, পশ্চিম বেংগলত মা কাল ীৰ মূৰ্ত্তি ভাঙি পেলোৱা হৈছে| কোনো চেকুলাৰ, বামী বা মিডিয়াই কিবা ক’বনে ?”
কেইবা গৰাকী অন্য চছিয়েল মিডিয়া ইউজাৰ্চে এই ফটোবোৰ একে মিলাজুলা দাবীৰ সৈতে চেয়াৰ কৰিছে|
দৈনিক জাগৰণৰ শিলিগুড়ী সংস্কৰণত আমি এই খবৰটো পালোঁ| 22 জানুৱাৰীৰ বাতৰিকাকতত ছপা হোৱা বাতৰিৰ মতে শিলিগুড়ীৰ নগৰ নিগমৰ 33 নম্বৰ ৱাৰ্ডৰ সুকান্ত পল্লীত স্থিত শিৱ কালী মন্দিৰত অস্তম বাৰ চুৰি কাৰ্য্যৰ ঘটনা ঘটে|
বাতৰিটোৰ অনুসাৰে ,চুৰিৰ ঘটনাত এই এলেকাত হূলস্থুল লগাইছে| এইবাৰতো বদমাচবোৰে গহনা চুৰ কৰিবলৈ মা কালীৰ প্ৰতিমাকো থান-বান কৰিলে| খবৰ পায়েই নিউ জলপাইগুড়ীৰ থানাৰ পুলিচ হাজিৰ হ’লহি| পুলিচ ৰাইজৰ বিৰোধিতা সম্ভালিব লগাত পৰিল| ইয়াৰ আগতে সাতবাৰ চুৰি কাণ্ড হোৱাৰ পাচতো কাকো গেপ্তাৰ নকৰাত ৰাইজ পুলিচৰ ওপৰত ক্ষোপ| পুলিচৰ ভূমিকাৰ ওপৰত স্থানীয় ৰাইজে প্ৰশ্ন উঠালে| ‘
জাগৰণৰ বাতৰিৰ অনুসাৰে ,মঙ্গলবাৰে স্থানীয় লোক সকলে পূৱা যেতিয়া সদায় কৰাৰ দৰে মাৰ দৰ্শণ কৰিবলৈ মন্দিৰ আহি প্ৰতিমাৰ মুখৰ স্থানচ্যুতহৈ পৰি থকা দেখি জঠৰ হৈ পৰিল| মন্দিৰৰ ওচৰতেই কেইডালমান বাঁহ পৰি আছিল| লোহাৰ পাইপো পৰি থকা দেখিলে| মন্দিৰৰ অৱস্থা দেখি বুজিবলৈ দেৰি নালাগিলে যে চোৰে তাত পাণ্ডৱ মচাইছে| মন্দিৰত পুনৰ চুৰি হোৱা খবৰ অঞ্চলটোত বনজুইৰ দৰে বিয়পিলে| চাওঁতে চাওঁতে যথেষ্ট মানুহ গোট খাই গ’ল|
মন্দিৰৰ প্ৰবন্ধনৰ ফালৰ পৰা জনোৱা হ’ল যে এইটো অষ্টম চুৰি কৰা ঘটনা| বাঁহ আৰু লোহাৰ পাইপেৰে প্ৰতিমাৰ পৰা গহনা সোলোকাবলৈ চেষ্টা কৰিছিল হয়তো, যাৰ ফলত প্ৰতিমা বাগৰি পৰি ভাঙি গ’ল| ইয়াৰ আগেয়ে হোৱা ঘটনা পুলিচ থানাত গোচৰ ৰজু কৰা হৈছিল| তাৰ পাচত আজি পৰ্য্যন্ত কানো গেপ্তাৰ নহ’ল| এতিয়া লৈকে মন্দিৰৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ নহ’ল|
ভাইৰেল হৈ থকা ফটোবোৰ গুগুলৰিভাৰ্চ ইমেইজ কৰাত আমি হিন্দুস্তান টাইমচ্ বাংলাৰ এটা খবৰৰ লিংক পোৱা গ’ল| সেইটোৰ অনুসাৰে শিলিগুড়ীৰ কালী মন্দিৰত বদমাছে আভূষণ চুৰ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাকে কৰোঁতে কালী দেৱীৰ প্ৰতিমাক ভাঙি নষ্ট কৰিলে|
বিশ্বাস নিউজৰ ওচৰত এই ঘটনাৰ লগত পুলিচক দিয়া FIR ৰ প্ৰতিলিপি আছে ,সেইখনৰ মতে ঘটনাৰ তাৰিখ আৰু অন্য বিবৰণ চাবলৈ পোৱা যাব|
আমাৰ সহযোগী দৈনিক জাগৰণৰ শিলিগুড়ী ব্যুৰোই এই ঘটনাৰ কথা জনাই কয় যে এইটো সাম্প্ৰদায়িক ঘটনা নহয়| এই মন্দিৰত আগতেও সাতবাৰ চুৰিৰ চেষ্টা কৰিছিল| এই ঘটনাটো কাভাৰ কৰা জনে আমাৰ শিলিগুড়ীৰ ৰিপোৰ্টাৰ মোহন ঝায়ে জনালালে যে এই ঘটনাত ৰাজু দাস গেপ্তাৰ হৈছে| আৰোপী নিউ জলপাইগুড়ী থানাৰ এলেকাৰ মমতা পাড়াৰ নিবাসী|
পুলিচৰ পৰা প্ৰাপ্ত কৰা খবৰৰ মতে বাঁহেৰে কালীৰ প্ৰতিমাৰ ডিঙিৰ পৰা অলংকাৰ সোলোকোৱাৰ সময়তে প্ৰতিমাজনা বাগৰি পৰি খণ্ডিত হৈ গ’ল|
বিশ্বাস নিউজে সেই অঞ্চলৰ পুলিচ থানাৰ সৈতেও যোগাযোগ কৰে| থানাৰ দায়িত্বত থকা এচিচটেন্ট ইন্সপেক্টৰ মজুমদাৰেও মন্দিৰৰ প্ৰতিমাৰ চূৰ্ণ বিচূৰ্ণ হোৱা ঘটনাত কোনো সাম্প্ৰদায়িক দৃষ্টি খণ্ডিত কৰে| তেওঁ কয় যে এই ঘটনাটো চুৰিৰ , আৰু অনুসন্ধান চলি আছে|
নিষ্কৰ্ষঃ পশ্চিম বংগৰ শিলিগুড়ীৰ কালী মন্দিৰৰ ফটোবোৰ সাম্প্ৰদাত্র্ক দৃষ্টিৰে ভাইৰেল কৰা হৈছে| বাস্তৱতে এই ঘটনা মন্দিৰত হোৱা ভাঙাফোৰাৰ লগত সাম্প্ৰদাত্রৰ নহয় বৰং চুৰি কায্যৰ কাৰণেহে হৈছে|
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.