Fact Check: অসমত সম্পূৰ্ণৰূপে মাদ্ৰাছা বন্ধ কৰিবলৈ উচ্চ ন্যায়ালয়ে দিয়া নাই ৰায়, ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ
বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ সকলো মাদ্ৰাছা বন্ধ কৰাৰ ৰায় দিয়া নাই। কেৱল ৰাজ্য চৰকাৰৰ পুঁজিৰে চলা প্ৰাদেশীকৃত মাদ্ৰাছাসমূহহে বন্ধ কৰা হ’ব। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।
- By Vishvas News
- Updated: February 14, 2022

গুৱাহাটী (বিশ্বাস নিউজ): শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত সম্পূৰ্ণৰূপে মাদ্ৰাছা বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলি ছ’চিয়েল মিডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰা দেখা গৈছে। এই ভাইৰেল পোষ্টক সঁচা বুলি গণ্য কৰি বিভিন্ন ছ’চিয়েল মিডিয়া ইউজাৰে শ্বেয়াৰ কৰিছে। আনকি একাংশ সংবাদ মাধ্যমেও এই বাতৰি প্ৰকাশ কৰিছে। কিন্তু, বিশ্বাস নিউজৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত ৰাজ্য চৰকাৰৰ ধনেৰে চলি থকা মাদ্ৰাছাবোৰ বন্ধ কৰাৰ সপক্ষে ৰায় প্ৰদান কৰিছে। এই ৰায়ৰ ফলত কেৱল ৰাজ্যৰ প্ৰাদেশীকৃত মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ পৰ্যবসিত কৰা হ’ব। “Community Madrasas” বা “Qawmi Madrasas” আৰু “Maktabs” বোৰ পূৰ্বৰ দৰেকৈ চলি থাকিব। তাত এই আইনে কোনো বাধাৰ সৃষ্টি নকৰে। গতিকে ভাইৰেল হোৱা এই পোষ্ট বিভ্ৰান্তিকৰ।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক পেজ অসমৰ খবৰ-এ ০৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখে এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে –
সম্পূৰ্ণৰূপে বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছা সমূহ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তত উচ্চ ন্যায়ালয়ৰ ছীল মোহৰ।
ইয়াৰ লগতে এখন ব্ৰেকিং নিউজ প্লেটৰ ফটো শ্বেয়াৰ কৰা হৈছে। য’ত একেখিনি কথাই লিখা হৈছে আৰু ফটোখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফটো সন্নিৱিষ্ট কৰা হৈছে। একেধৰণৰ পোষ্ট আন ছ’চিয়েল মিডিয়া ইউজাৰসকলেও বিভিন্নধৰণে শ্বেয়াৰ কৰিছে। তলত তেনে এক লিংক দিয়া হৈছে –
পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত ক্লিক কৰি চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই গুগলত প্ৰাসঙ্গিক কী-ৱৰ্ডেৰে ছাৰ্ছ কৰোতে বিভিন্ন বাতৰিৰ লিংক দেখিবলৈ পাইছিলো। এই বাতৰিবোৰতো এতিয়াৰে পৰা অসমত ৰাজ্য চৰকাৰৰ ধনেৰে চলি থকা প্ৰাদেশীকৃত মাদ্ৰাছাসমূহ বন্ধ কৰি সাধাৰণ বিদ্যালয়ত পৰিণত কৰা হ’ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে বুলি উল্লেখ কৰা হৈছে। আমাৰ অনুসন্ধানৰ সময়ত আমি LiveLaw ৱেবছাইটত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ ৰায় আৰু বাতৰিৰ বিৱৰণী লাভ কৰো। ইয়াত উল্লেখ কৰা হৈছে যে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ পুঁজিৰে চলি থকা মাদ্ৰাছাসমূহ বন্ধ কৰি দিয়া হ’ব। ২০২০ চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে অসম চৰকাৰে অনা Assam Repealling Act 2020 ক প্ৰত্যহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰা হৈছিল। ১৪ জন লোকে দাখিল কৰিছিল এই লেখ আবেদনত উল্লেখ আছিল যে ৰাজ্যত মাদ্ৰাছা শিক্ষা অব্যাহত ৰাখিব লাগে। কিন্তু শুনানিৰ অন্তত এই লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ সোমিত্ৰ শইকীয়াৰ বিচাৰপীঠে খাৰিজ কৰে। ইয়াত ক্লিক কৰি এই বাতৰি পঢ়িবলৈ পাব –

এই Judgement টো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।
এই বাতৰিটোত অসমৰ মহাধিবক্তা দেবজিৎ শইকিয়াই কয় যে, ৰাজ্য চৰকাৰে অনা এই পৰিৱৰ্তনে কেৱল ৰাজ্যৰ প্ৰাদেশীকৃত মাদ্ৰাছাসমূহকহে সামৰি ল’ব। ইয়াৰ বাবে ৰাজ্যত থকা সমুদায় মাদ্ৰাছা বা কৌমী মাদ্ৰাছা বা মোক্তাবসমূহ কোনোধৰণে প্ৰভাৱিত নহয়। এই প্ৰতিষ্ঠানবোৰ পূৰ্বৰ দৰেকৈয়ে চলি থাকিব।
আমি এই ভাইৰেল পোষ্ট সন্দৰ্ভত বাতৰি বিচাৰোতে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ Verified টুইটাৰ প্ৰ’ফাইলত এটা পোষ্ট দেখিবলৈ পাও। ইয়াতো উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰে অনা Act of 2020 to repeal Madrassa Education Procincialisation Act ক গুৱাহাটী উচ্চ ন্যায়ালয়ে মান্যতা প্ৰদান কৰিছে আৰু ৩৯৭ খন প্ৰাদেশীকৃত মাদ্ৰাছাক সাধাৰণ বিদ্যালয়লৈ পৰ্যবসিত কৰাৰ ৰায় দিছে।
আগশাৰীৰ সংবাদ গোষ্ঠী The Economic Times ৰ এটা নিউজ লিংক –
বিশ্বাস নিউজে এই সন্দৰ্ভত আনন্দ বাজাৰ পত্ৰিকাৰ উত্তৰ পূৱৰ Principal Correspondent ৰাজীবাক্ষ ৰক্ষিতৰ সৈতে যোগাযোগ কৰিছিল আৰু এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰিছিল। তেওঁ আমাক কৈছিল যে এয়া সামান্য বিভ্ৰান্তিকৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ সকলো মাদ্ৰাছা বন্ধ কৰাৰ ৰায় দিয়া নাই। কেৱল ৰাজ্য চৰকাৰৰ পুঁজিৰে চলা প্ৰাদেশীকৃত মাদ্ৰাছাসমূহহে বন্ধ কৰা হ’ব। সমুদায় ভিত্তিত চলি থকা মাদ্ৰাছাসমূহ আগৰ দৰেকৈয়ে চলি থাকিব। অনুসন্ধানৰ অন্তিম পৰ্যায়ত যেতিয়া আমি ফে’চবুকত এই বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰা অসমৰ খবৰ নামৰ পেজটোৰ ফেচবুক প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে পেজটো ৬৮৫৯২ গৰাকী লোকে অনুসৰণ কৰে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ সকলো মাদ্ৰাছা বন্ধ কৰাৰ ৰায় দিয়া নাই। কেৱল ৰাজ্য চৰকাৰৰ পুঁজিৰে চলা প্ৰাদেশীকৃত মাদ্ৰাছাসমূহহে বন্ধ কৰা হ’ব। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।
- Claim Review : সম্পূৰ্ণৰূপে বন্ধ হ'ব ৰাজ্যৰ মাদ্ৰাছা সমূহ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তত উচ্চ ন্যায়ালয়ৰ ছীল মোহৰ।
- Claimed By : অসমৰ খবৰ
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com