X

Fact Check: সকলো ধৰ্ষণকাৰীকে ফাঁচী দিয়াৰ অধ্যাদেশ জাৰিৰ ভাইৰেল দাবী ভুৱা

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত সকলো ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ আইনৰ দাবী মিছা বুলি তথ্য লাভ কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে সকলো ধৰ্ষণকাৰীকে ফাঁচী দিয়া সম্পৰ্কীয় এনে কোনো অধ্যাদেশ গৃহীত কৰা নাই। বিশেষজ্ঞ আৰু বিদ্যমান আইন অনুসৰি, কেৱল ১২ বছৰৰ তলৰ ছোৱালীক ধৰ্ষণ বা ধৰ্ষণৰ বিৰল ঘটনাতহে মৃত্যুদণ্ড প্ৰদান কৰা হয়।

  • By Vishvas News
  • Updated: June 23, 2021

নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভালেমান পোষ্ট দেখা গৈছে য’ত উল্লেখ কৰা হৈছে যে মোডী চৰকাৰে সকলো ধৰ্ষণকাৰীক ফাঁচী দিবলৈ এখন অধ্যাদেশ গৃহীত কৰিছে। দাবী অনুসৰি, বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও এই অধ্যাদেশত অনুমোদন জনাইছে। বিশ্বাস নিউজৰ তদন্তত এই দাবী মিছা বুলি প্ৰমাণিত হৈছে। সকলো ধৰ্ষণকাৰীকে ফাঁচী দিয়া সম্পৰ্কীয় এনে কোনো অধ্যাদেশ গৃহীত হোৱা নাই। বিশেষজ্ঞ আৰু বিদ্যমান আইন অনুসৰি, কেৱল ১২ বছৰৰ তলৰ ছোৱালীক ধৰ্ষণৰ ক্ষেত্ৰত বা ধৰ্ষণৰ বিৰল ঘটনাতহে মৃত্যুদণ্ড প্ৰদান কৰা হয়।

কি এই ভাইৰেল পোষ্ট

বিশ্বাস নিউজে ইয়াৰ নিজস্ব ফেক্টচেকিং হোৱাটছএপ্প চাটব’টত (+91 95992 99372) এই দাবীটোৰ সত্যতা পৰীক্ষা কৰিবৰ বাবে অনুৰোধ লাভ কৰিছিল। কীৱৰ্ডৰ সৈতে অনুসন্ধান কৰাৰ পিছত, আমি ফে’চবুকত একেটা দাবী ভাইৰেল পাইছিলো। ফে’চবুক ইউজাৰ বিবেক কৈলাশ নাথ যাদৱে ২০ জুন, ২০২১ তাৰিখে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ এখন ছবিৰ সৈতে এই ভাইৰেল দাবীটো পোষ্ট কৰি লিখিছিল, “দেশবাসীয়ে যি অপেক্ষা কৰি আছিল সেয়াই দিলে মোডী চৰকাৰে, এতিয়া প্ৰতিজন বলাৎকাৰীকে ফাঁচী দিয়া হ’ব, ৰাষ্ট্ৰপতিয়েও অধ্যাদেশটোত অনুমোদন জনাইছে। এই পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে গুগলত মুকলি অনুসন্ধানৰ জৰিয়তে ভাইৰেল দাবীটোৰ অনুসন্ধান কৰিছিল। আমি প্ৰয়োজনীয় কী-ৱৰ্ডৰ সহায়ত জানিব বিচাৰিছিলো যে ৰাষ্ট্ৰপতিয়ে শেহতীয়াকৈ এনে কোনো অধ্যাদেশ অনুমোদন কৰিছে নেকি। আমি শেহতীয়াকৈ কোনো প্ৰমাণিক প্ৰতিবেদন লাভ নকৰিলো, যিয়ে নিশ্চিত কৰে যে ভাৰতৰ সকলো ধৰ্ষণকাৰীকে মৃত্যুদণ্ড দিয়া হ’ব বা হৈছে। ইয়াৰ বিপৰীতে, আমি ২০১৮ চনৰ কিছু প্ৰতিবেদন পাইছিলো য’ত কোৱা হৈছিল যে ৰাষ্ট্ৰপতিয়ে ফৌজদাৰী আইন (সংশোধনী) বিধেয়ক, ২০১৮ লৈ অনুমোদন জনাইছে।

২২ এপ্ৰিল, ২০১৮ তাৰিখে NDTV ৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অনুমোদনৰ পিছত মহিলাক ধৰ্ষণ কৰাৰ বাবে নিম্নতম শাস্তি ৭ বছৰৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও, ১২ বছৰৰ তলৰ ছোৱালীক ধৰ্ষণ কৰাৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰা হৈছে। এই প্ৰতিবেদনটো ইয়াত ক্লিক কৰি বিতংভাৱে পঢ়িব পাৰিব।

PRS India ৰ ৱেবছাইটত থকা এক প্ৰতিবেদনত ফৌজদাৰী আইন (সংশোধনী) অধ্যাদেশ, ২০১৮ ৰ বিষয়েও বৰ্ণনা কৰা হৈছে। ইয়াৰ মতে, “১২ বছৰৰ তলৰ ছোৱালীৰ ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ গোচৰত নিম্নতম ২০ বছৰ কাৰাবাস হ’ব, যাক আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডলৈ বৃদ্ধি কৰিব পাৰি। অৰ্থাৎ, ইয়াতো মৃত্যুদণ্ড সৰ্বাধিক শাস্তিৰ ৰূপতহে আছে।

বিশ্বাস নিউজে এতিয়ালৈকে কৰা অনুসন্ধানত, আমি এনে কোনো দৃঢ় তথ্য পোৱা নাই যিয়ে সূচায় যে সকলো ধৰ্ষণৰ দোষীক ফাঁচী দিয়াৰ বাবে শেহতীয়া অধ্যাদেশ গৃহীত হৈছে। একে সময়তে, সম্প্ৰতি থকা আইনত এনে কোনো ব্যৱস্থা নাই য’ত সকলো ধৰ্ষণৰ দোষীক মৃত্যুদণ্ড ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আমি এই ভাইৰেল দাবীটো দীন দয়াল উপাধ্যায়গোৰখপুৰ বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ সহকাৰী আচাৰ্য ড০ হৰিশ চন্দ্ৰ পাণ্ডেৰ সৈতে ভাগ বতৰা কৰিছিলো। তেওঁ আমাক কৈছিল যে ৰাষ্ট্ৰপতিৰ অনুমতিৰ পিছত এনে কোনো বিধেয়ক আইনৰ ৰূপলৈ অহা নাই, য’ত সকলো ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ ব্যৱস্থা আছে। বিষয়টোৰ বিষয়ে অধিক তথ্যৰ বাবে, আমি এই সন্দৰ্ভত HAQ Centre for Child Rights ৰ অপৰাধ অধিবক্তা আৰু আইনী পৰামৰ্শদাতা স্নেহা সিঙৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনাইছিল, ‘এইপর্যন্ত কোনো নতুন আইন অহা নাই। এইটো কোৱাটো ভুল হ’ব যে সকলো ধৰ্ষণৰ ঘটনাত মৃত্যুদণ্ড আৰোপ কৰিব পাৰি। যদিও ধৰ্ষণৰ ঘটনাবোৰত মৃত্যুদণ্ড প্ৰদান কৰা হয়, তথাপি প্ৰায়ে এনে ক্ষেত্ৰত যিবোৰক বিৰলতম বুলি গণ্য কৰা হয়, তেনেক্ষেত্ৰতহে প্ৰযোজ্য হয়। উদাহৰণ স্বৰূপে, POCSO আইনত ধাৰা 6 বা ধাৰা 376 DA, 376DB, 376E, কিন্তু এই সকলো বোৰ শাখাতে মৃত্যুদণ্ডও সৰ্বাধিক শাস্তিৰ শ্ৰেণীৰহে অন্তৰ্গত। এইটো কোৱা টো ভুল হ’ব যে যদি ধৰ্ষণৰ বাবে দোষী সাব্যস্ত হয়, সকলোকে মৃত্যুদণ্ড দিয়া হ’ব। ‘

বিশ্বাস নিউজে ভাইৰেল দাবীটো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী বিবেক কৈলাশ নাথ যাদৱৰ প্ৰ’ফাইল স্কেন কৰিছিল। এই প্ৰফাইলটো ২০১০ চনৰ জুলাইত সৃষ্টি কৰা হৈছিল। ব্যৱহাৰকাৰী এটা নিৰ্দিষ্ট দলৰ সৈতে সম্পৰ্কিত।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত সকলো ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ আইনৰ দাবী মিছা বুলি তথ্য লাভ কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে সকলো ধৰ্ষণকাৰীকে ফাঁচী দিয়া সম্পৰ্কীয় এনে কোনো অধ্যাদেশ গৃহীত কৰা নাই। বিশেষজ্ঞ আৰু বিদ্যমান আইন অনুসৰি, কেৱল ১২ বছৰৰ তলৰ ছোৱালীক ধৰ্ষণ বা ধৰ্ষণৰ বিৰল ঘটনাতহে মৃত্যুদণ্ড প্ৰদান কৰা হয়।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later