X
X

Fact Check: ৰীৱাত পুজাৰীক পিটন দিয়াৰ ঘটনা পাঁচ বছৰ আগৰ হয়, সাম্প্ৰদায়িক দাবীৰ সৈতে সেয়াই ভাইৰেল হৈছে

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে পুজাৰীক প্ৰহাৰ কৰি থকা আৰক্ষীৰ ছবিক লৈ যি দাবী কৰা হৈ আছে সেয়া ভুল হয়। সেই ঘটনাত কোনো সাম্প্ৰদায়িক প্ৰসংগ নাছিল। ভাইৰেল ভিডিঅ’টো আচলতে শেহতীয়াও নহয়। সেয়া 2020-ৰ ঘটনা হয়। কোভিড লকডাউনৰ সময়ত পুজাৰীয়ে মন্দিৰত মানুহৰ ভীৰৰ মাজত থাকি পূজা কৰি আছিল। সেই কাৰণত আৰক্ষী থানাৰ ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰাই তাত গৈ মানুহৰ ভীৰ আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়া তেওঁ পুজাৰীৰ উপৰত লাঠি চাৰ্জ কৰিছিলে। তাৰ পাছতে সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছিল আৰু আৰক্ষী থানাৰ ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি তেওঁক লাইন এটাচ কৰা হৈছিল।

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত কিছুমান ছবি ভাইৰেল হৈ আছে। সেইবোৰত দেখা পোৱা গৈ আছে যে, এজন ব্যক্তিক আৰক্ষীয়ে পিটি আছে। সেই ছবিবোৰক সাম্প্ৰদায়িকতাৰ ৰং সানি শ্বেয়াৰ কৰি দাবী কৰা হৈ আছে যে মধ্য প্ৰদেশৰ ৰীৱাৰ মন্দিৰত নৱৰাত্ৰিৰ দিনা এজন পুজাৰীয়ে চাকি জ্বলাবলৈ আহিছিল, সেই সময়ত ৰীৱাৰ এছপি আৱিদ খান মন্দিৰত পুজাৰীক অকলে থকা দেখা পাই তেওঁক পিটিবলৈ আৰম্ভ কৰিছিল। 

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰি গম পাইছে যে সেই দাবী ভুল হয়। সেই ঘটনাত সাম্প্ৰদায়িকতাৰ কোনো প্ৰসংগ নাছিল। ভাইৰেল ভিডিঅ’টো আচলতে শেহতীয়াও নহয়। সেয়া আচলতে 2020-ৰ হয়। কোভিড লকডাউনৰ সময়ত পুজাৰীয়ে মানুহৰ ভীৰত থাকি পূজা কৰি আছিল। সেই কাৰণে আৰক্ষী থানাৰ তদানীন্তন ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰা তাত গৈ মানুহৰ ভীৰ আঁতৰাবলৈ চেষ্টা কৰিছিলে। সেই সময়ত তেওঁ পুজাৰীৰ উপৰত লাঠি চাৰ্জ কৰি বৰ্বৰতা পূৰ্ণ পদক্ষেপ কৰিছিলে। তাৰ পাছতে ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হৈছিল। আৰক্ষী থানাৰ তদানীন্তন ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি তেওঁক লাইন এটাচ কৰা হৈছিল। 

কি ভাইৰেল হৈ আছে ?

ফেচবুক ইউজাৰ ইউজাৰ ‘হৰীশ কুমাৰ লালৱানী’ 7 এপ্ৰিল 2020 তাৰিখে ভাইৰেল ছবিবোৰ শ্বেয়াৰ কৰি কেপচনত লিখিছিলে, “মাতাৰ নৱৰাত্ৰিৰ অন্তিম দিন আছিল আজি, চাকি জ্বলাবলৈ আহিছিলোঁ চাহাব। ৰাম নৱমী হয় ছাৰ। মধ্য প্ৰদেশেৰ ৰীৱাৰ মন্দিৰত পুজাৰীক অকলে পূজা কৰা দেখা পাই তেওঁক নিৰ্দয় ভাৱে প্ৰহাৰ কৰা হৈছে। পানী ভৰ্তি হৈ থকা বাচনক গোৰ মাৰি পেলাই দিয়া হৈছে আৰু পূজাৰ ক্ষেত্ৰক জোতা পিন্ধা ভৰিৰে ভাঙি পেলোৱা হৈছে। এই গুণ্ডাটো হ’ল ৰীৱা আৰক্ষীৰ এছপি আৱিদ খান। প্ৰত্যেক হিন্দুৱে এই কৰ্তব্য পালন কৰিব লাগিব যে, এইজন অভিযুক্তক নিলম্বিত কৰাৰ কাৰণে আগুৱাই আহিব লাগিব, এই পোষ্টটো ভাইৰেল কৰক।”

পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰে।

অনুসন্ধান 

ভাইৰেল দাবীৰ সত্যতা গম পোৱাৰ কাৰণে আমি গুগল ৰিভাৰ্ছ ইমেজৰ সহায়ত ছবিবোৰ ছাৰ্চ কৰিছিলোঁ। আমি সেই দাবী সম্বন্ধীয় এটা ৰিপোৰ্ট নৱভাৰত টাইমছ-ৰ ৱেবছাইটত দেখা পালোঁ। ৰিপোৰ্টটো 3 এপ্ৰিল 2020-ত প্ৰকাশ পাইছিল। সেই ৰিপোৰ্ট অনুসৰি, ঘটনাটো ৰীৱা জিলাৰ ঢেকহাত অৱস্থিত দেৱী মন্দিৰৰ চৌহদৰ হয়। তাত লকডাউনৰ নিয়ম লংঘন কৰা হৈছিল কাৰণে আৰক্ষীয়ে পুজাৰীৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰিছিল সেয়া বৰ্বৰতা পূৰ্ণ আছিল। আৰক্ষী থানাৰ তদানীন্তন ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰাই পুজাৰীক নিৰ্দয় ভাৱে প্ৰহাৰ কৰিছিলে। তাৰ পাছত মানুহে এই বৰ্বৰতা পূৰ্ণ পদক্ষেপৰ অভিযোগ তদানীন্তন ডিজিপি বিবেক জোহৰিৰ ওচৰত দাখিল কৰিছিলে।

দৈনিক ভাস্কৰৰ ৱেবছাইটত 3 এপ্ৰিল 2020 তাৰিখে প্ৰকাশ পোৱা ৰিপোৰ্ট অনুসৰি, পুজাৰীক প্ৰহাৰ কৰাৰ ছবি ভাইৰেল হোৱাৰ পাছত তদানীন্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিঙ উক্ত ঘটনাক গুৰুত্ব দি উপযুক্ত পদক্ষেপ গ্ৰহণৰ আদেশ দিছিলে। তেতিয়া তদানীন্তন আইজি চঞ্চল শেখৰে ৰাজকুমাৰ মিশ্ৰাক লাইন এটাচ কৰিছিলে।  

অনুসন্ধান কৰি থাকোঁতে ভাইৰেল দাবীৰ সৈতে যুক্ত আন এটা ৰিপোৰ্ট আমি দি লল্লনটপ-ৰ ৱেবছাইটতো দেখা পালোঁ। সেই ৰিপোৰ্ট 3 এপ্ৰিল 2020-ত ওলাইছিল। সেই ৰিপোৰ্ট অনুসৰি, পুজাৰী মন্দিৰত অকলে নাছিল। তেওঁৰ লগতে কেইজমান মানুহো আছিল। ৰিপোৰ্টত সেই মানুহবোৰৰ ছবিও প্ৰকাশ কৰা হৈছে। 

ইটিভি ভাৰতৰ ৱেবছাইটতো 3 এপ্ৰিল 2020 তাৰিখে প্ৰকাশ পোৱা ৰিপোৰ্ট অনুসৰি, পুজাৰীক প্ৰহাৰ কৰা ব্যক্তিজন চিভিল লাইন আৰক্ষী থানা ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰা হয়। সেই সময়ত অৱশ্যে ৰীৱাৰ এছপি আছিলে আৱিদ খান। তেওঁ পুজাৰীক প্ৰহাৰ কৰা নাছিল। ৰীৱাৰ আইজি-ৰ পক্ষৰপৰা তেনেকুৱা সকলো দাবী খণ্ডন কৰা হৈছিল।

আলোচ্য দাবীৰ সৈতে যুক্ত পোষ্ট আমি মধ্য প্ৰদেশৰ জন সংযোগৰ অফিচিয়েল এক্স একাউণ্টতো দেখা পাইছোঁ। সেইটো পোষ্ট 3 এপ্ৰিল 2020 তাৰিখে কৰা হৈছিল। তাত থতা তথ্য অনুসৰি, “ৰীৱাৰ ঘটনাৰ বিষয়ে ৰীৱাৰ আইজিয়ে তথ্য যুগত কৰিছিলে। ছবিত যিজন আৰক্ষীক দেখা পোৱা গৈছে তেওঁ ৰীৱাৰ এছপি আৱিদ খান নহয়। লকডাউনৰ সময়ত মানুহৰ ভীৰ লাগিছে বুলি গম পোৱাৰ পাছত পদক্ষেপ গ্ৰহণ কৰা হৈছিল। কিন্তু অনুপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আৰক্ষী থানাৰ ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰাক লাইন এটাচ কৰা হৈছিল।”

অধিক তথ্যৰ বাবে আমি নঈ দুনিয়া ৰীৱাৰ সাংবাদিক শ্যাম সুন্দৰৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে ঘটনাটো লকডাউনৰ সময়ৰ হয়। সেই সময়ত যিজনক এছপি আৱিদ খান বুলি কোৱা হৈছিল, তেওঁ আচলতে আৰক্ষী থানাৰ ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰা আছিল। কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ ৰাখি মন্দিৰ আৰু ৰাজহুৱা ঠাইত ভীৰ নিষিদ্ধ কৰা হৈছিল।”

সদৌ শেষত আমি সেই ইউজাৰৰ একাউণ্ট স্কেন কৰি চালোঁ যিজনে ভুল দাবীৰ সৈতে ভাইৰেল ছবি শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে এইজন ইউজাৰ বিশেষ এটা ভাৱধাৰা সম্বন্ধীয় পোষ্ট শ্বেয়াৰ কৰি থাকে।  

সিদ্ধান্ত: বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে পুজাৰীক প্ৰহাৰ কৰি থকা আৰক্ষীৰ ছবিক লৈ যি দাবী কৰা হৈ আছে সেয়া ভুল হয়। সেই ঘটনাত কোনো সাম্প্ৰদায়িক প্ৰসংগ নাছিল। ভাইৰেল ভিডিঅ’টো আচলতে শেহতীয়াও নহয়। সেয়া 2020-ৰ ঘটনা হয়। কোভিড লকডাউনৰ সময়ত পুজাৰীয়ে মন্দিৰত মানুহৰ ভীৰৰ মাজত থাকি পূজা কৰি আছিল। সেই কাৰণত আৰক্ষী থানাৰ ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰাই তাত গৈ মানুহৰ ভীৰ আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়া তেওঁ পুজাৰীৰ উপৰত লাঠি চাৰ্জ কৰিছিলে। তাৰ পাছতে সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছিল আৰু আৰক্ষী থানাৰ ইন চাৰ্জ ৰাজকুমাৰ মিশ্ৰাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি তেওঁক লাইন এটাচ কৰা হৈছিল।

  • Claim Review : ৰীৱাত মুছলমান এছপি আৱিদ খান মন্দিৰত পুজাৰীক বেয়াকৈ পিটিছে।
  • Claimed By : FB User Sutinder Chhabra
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later