
নতুন দিল্লী, বিশ্বাস নিউজ। অসমৰ বানপানীৰ প্ৰকোপৰ মাজতে ছচিয়েল মিডিয়াত এজন ল’ৰাৰ ফটো ভাইৰেল হৈ আছে। ফটোখনত ল’ৰাজনে বানৰ পানীৰ পৰা হৰিণা বচাবলৈ চেষ্টা কৰা দেখা যায়। ছচিয়েল মিডিয়াত এই ফটোখনৰে দাবী কৰা গৈছে সেই ঘটনাটো অসমৰ। বিশ্বাস নিউজে নিজে অনুসন্ধান কৰি পাইছে যে এই দাবী মিছা| আচলতে হৰিণাৰ পোৱালী বচোৱা ল’ৰাজনৰ এই ফটো 2014 চনৰ বাংলাদেশৰ। এই ফটোবোৰৰ অসমত হোৱা বৰ্তমানৰ বানপানীৰ লগত কোনো সম্বন্ধ নাই।
কি ভাইৰেল হৈ আছে ?
ছোচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ছবিবোৰত এজন ল’ৰাই বানৰ পানীৰ পৰা এটা হৰিণা বচাবলৈ চেষ্টা কৰা থকা দেখা যায়। ফটোৰ লগৰ কেপ্চনত লিখা আছে Real “Bahubali of # Assam who saved a fawn from drowning”, যিটোৰ অসমীয়া অনুবাদ, ” অসমৰ প্ৰকৃত “বাহুবলী” যিজনে হৰিণাৰ পোৱালীটো ডুবি মৰাৰ পৰা বচালে”
এই পোষ্টৰ আৰৰ্কাইৱ লিংক ইয়াত চাব পাৰি।
অনুসন্ধান
আমি এই ফটোবোৰ গুগুল ৰিভাৰ্চ ইমেজৰ জড়িয়তে ছাৰ্চ কৰিলোঁ। বিচৰাৰ পাচত 2014 চনৰ বাংলাদেশত হোৱা বানৰ “ডেলী মেল” নিউজ পোৰ্টেলত এটা ৰিপোৰ্ট পোৱা গ’ল। এই খবৰটোত ল’ৰাজনে হৰিণা বচোৱা ভাইৰেল ফটোৰ দৰে পোৱা গ’ল। ৰেপোৰ্টৰ মতে, ঘটনাটো বাংগাদেশৰ নোৱাখলী এলেকাৰ। 6 ফেব্ৰুৱাৰী 2014 চনত প্ৰকাশিত খবৰৰ মতে, এজন সাহসী ল’ৰাই নিৰ্ভয় হৈ নিজৰ প্ৰাণৰ শংকাত পেলাই অসহায় হৰিণাৰ পোৱালীটোক ডুবি যোৱাৰ পৰা বচাবলৈ আশ্চৰ্যজনক সাহস দেখুৱায়। বেলাল নামৰ এই এই ল’ৰাজনে নিৰ্ভয়তাৰ পৰিচয় দিয়ে। এই ঘটনা বাংলাদেশৰ নোৱাখলীত হৈছিল, যেতিয়া মূঘলধাৰে বৰষুণ আৰু তীব্ৰগতিত বাঢ়ি অহা বানপানীত হৰিণা পোৱালীটো তাৰ পৰিয়ালৰ পৰা আঁতৰ হৈ পৰিছিল।”
আমি এই ফটোবোৰ bbncommunity.com নামৰ ৱেবচাইটতো পালোঁ। এই ৱেবচাইটত ফটোবোৰ 2014 চনৰ খবৰৰ লগত পাব্লিছ হৈছিল।
এই দুয়োটা ৱেবচাইটত থকা কথাৰ অনুসৰি, এই ফটোবোৰ বন্যজীৱ ফটোগ্ৰাফাৰ হছীবুল ৱাহাবে নোৱাখলীত 2014 চনত নোৱাখলীত হোৱা বানৰ সময়ত তুলিছিল।
এই বিষয়ে আৰু বেছি তথ্য জানিবৰ বাবে ফটোগ্ৰাফাৰ হছীবুল ৱাহাবৰ সৈতে মেইলৰে সম্পৰ্ক কৰিলোঁ। এই ফটোবোৰ কথা সোধাত তেওঁ জনালে যে, ” এই ফটোবোৰ মই 2014 চনত বাংলা দেশত তুলিছিলোঁ। “
এই ফটোবোৰ ছচিয়েল মিডিয়াত বহুলোকে ভুল কৈ দাবীৰে ছেয়াৰ কৰি আছে। তাৰ মাজৰে এজন হৈছে आदर्श कुमार নামৰ ফেচবুক ইউজাৰ।
নিষ্কৰ্ষঃ
নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ অনুসন্ধানত পায় যে এই দাবী ভুল। আচলতে হৰিণাৰ পোৱালী বচোৱা ল’ৰাজনৰ এই ফটোবোৰ 2014 চনৰ বাংলাদেশৰ। এই ফটোবোৰৰ সৈতে অসমৰ বৰ্তমানে হোৱা বানৰ কোনো সম্বন্ধ নাই।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.