X

Fact Check: মানুহক বিভ্ৰান্ত কৰিবলৈ নাল্লাম্মা দেৱীৰ মূৰ্তিত প্লাষ্টিকৰ চকু পেষ্ট কৰা হৈছিল; মানুহে প্ৰকৃত অলৌকিকতা বুজি ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি আছে

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা আছিল। প্ৰকৃত ভিডিঅ’টো ২০১৯ চনৰ, যেতিয়া হুবলিৰ মন্টুৰ ৰোডৰ কিছু বাসিন্দাই ৰে’লৱেৰ সম্পত্তিত অৱস্থিত এটা সৰু মন্দিৰ বচাবলৈ “অলৌকিক” প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল, যিটো অৱশেষত আৰক্ষীয়ে উন্মোচিত কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, নাল্লাম্মা দেৱীৰ প্ৰতিমূৰ্তিত প্লাষ্টিকৰ চকু ৰখা হৈছিল।

  • By Vishvas News
  • Updated: October 9, 2021

নতুন দিল্লী (বিশ্বাস নিউজ): এটা ভিডিঅ’ ছচিয়েল মিডিয়াত এটা শিলৰ ওপৰত চকু ৰাখি ভাইৰেল হৈ আছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাইজে দাবী কৰিছে যে কৰ্ণাটকৰ হুবলিৰ নাল্লাম্মা দেৱীয়ে চকু মুকলি কৰিছে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা আছিল। প্ৰকৃত ভিডিঅ’টো ২০১৯ চনৰ, যেতিয়া ৰে’লৱেসম্পত্তিত অৱস্থিত এটা সৰু মন্দিৰ বচাবলৈ, হুবলিৰ মন্টুৰ ৰোডৰ কিছুবাসিন্দাই এটা “অলৌকিক ঘটনা” দেখুৱাবলৈ চেষ্টা কৰিছিল, যিটো অৱশেষত আৰক্ষীয়ে উন্মোচিত কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, নাল্লাম্মা দেৱীৰ প্ৰতিমূৰ্তিত প্লাষ্টিকৰ চকু ৰখা হৈছিল।

কি এই ভাইৰেল পোষ্ট?

ছ’চিয়েল মিডিয়াত ভাইৰেল পোষ্টটোৰ সৈতে শিৰোনামটোত লিখা হৈছে: “আশ্চৰ্যজনক অলৌকিক ঘটনা😳 কৰ্ণাটকৰ হুবলি মা অম্মাভাৰুৱে চকু মেলি চাইছে! মাৰ চকু স্পষ্টকৈ দেখা গৈছে! জয় মাতা দি”

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

যেতিয়া আমি এই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ বাবে গুগল ৰিভাৰ্চ ইমেজ অনুসন্ধান কৰিছিলো, আমি এই ছবিখন দ্যা হিন্দুৰ ২০১৯ ৰ বাতৰিত পাইছিলো। প্ৰতিবেদন অনুসৰি, “দেৱীয়ে মন্দিৰটো বচাবলৈ চকু মুকলি কৰাৰ বাতৰি প্ৰচাৰ কৰা ভক্তসকলক আৰক্ষীয়ে আটক কৰে। ৰে’ল বিভাগৰ ভূমিত অৱস্থিত এটা সৰু মন্দিৰ বচাবলৈ, হুবলিৰ মন্টুৰ ৰোডৰ কিছু বাসিন্দাই এটা “অলৌকিক” দিশ সৃষ্টি কৰিবলৈ এই চেষ্টা কৰিছিল, যিটো অৱশেষত আৰক্ষীয়ে উন্মোচিত কৰিছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে যিসকলে দেৱী “শক্তিশালী” বুলি বাৰ্তা প্ৰচাৰ কৰি মন্দিৰটো বচাব বিচাৰিছিল তেওঁলোকেই এই কাৰ্য্য সংঘটিত কৰিছিল আৰু মূৰ্তিটো স্থানান্তৰ কৰাৰ যিকোনো পদক্ষেপ “বিপদজনক” হ’ব বুলি প্ৰচাৰ চলাইছিল।” সম্পূৰ্ণ বাতৰিটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

আমি এই সন্দৰ্ভত ভিণ্ডিগিৰি আৰক্ষী থানাৰ এছএইচঅ’ পৰিদৰ্শক সজ্জনৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ ২০১৯ চনত ঘটনাটোৰ সময়ত নিযুক্তি লাভ কৰা হুবলি টাউন আৰক্ষী থানাৰ হেড কনিষ্টবল সঙ্গয়া ইংলিগাই স্বামীৰ সৈতে কথা পাতিছিল। সংগয়া স্বামীয়ে কৈছিল যে ঘটনাটো ২০১৯ চনত সংঘটিত হৈছিল যেতিয়া কিছুমান লোকে মূৰ্তিসদৃশ শিলৰ ওপৰত ভুৱা চকু পেষ্ট কৰিছিল।

এই পোষ্টটো Rajiv Dixit ayurved নামৰ এটা পেজে ফে’চবুকত শ্বেয়াৰ কৰিছিল। যেতিয়া আমি পৃষ্ঠাটো স্কেন কৰিছিলো, আমি দেখিছিলো যে পৃষ্ঠাটোত ২৭৬,৮৬৫ জন অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা আছিল। প্ৰকৃত ভিডিঅ’টো ২০১৯ চনৰ, যেতিয়া হুবলিৰ মন্টুৰ ৰোডৰ কিছু বাসিন্দাই ৰে’লৱেৰ সম্পত্তিত অৱস্থিত এটা সৰু মন্দিৰ বচাবলৈ “অলৌকিক” প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল, যিটো অৱশেষত আৰক্ষীয়ে উন্মোচিত কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, নাল্লাম্মা দেৱীৰ প্ৰতিমূৰ্তিত প্লাষ্টিকৰ চকু ৰখা হৈছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later