X

Quick Fact Check : লক্ষ্ণৌৰ পুৰণি ভিডিঅ’ আকৌ এবাৰ হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক বিষয়েৰে ভাইৰেল

উপসংহাৰ: সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হোৱা পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। কেইবছৰমান পুৰণি লক্ষ্ণৌৰ এটা ভিডিঅ’ এতিয়া সাম্প্ৰদায়িক দাবীৰ সৈতে পুনৰ ভাইৰেল হৈ পৰিছে।

  • By Vishvas News
  • Updated: July 17, 2021

বিশ্বাস নিউজ (নতুন দিল্লী) । ইনষ্টাগ্ৰামত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ আছে। তেজৰ পুখুৰীত এজন যুৱক আৰু এগৰাকী যুৱতীক ইয়াত দেখা যায়। ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’টোৰ জৰিয়তে সাম্প্ৰদায়িক ভুৱা দাবী ভাইৰেল কৰি আছে। দাবী কৰা হৈছে যে কিছুমান মুছলমান যুৱকে হিন্দু ছোৱালীজনীক ধৰ্ষণ কৰিব নোৱাৰিলে আৰু দুয়োকে বেয়াকৈ প্ৰহাৰ কৰিলে। ভিডিঅ’টো আগতে এবাৰ ভুৱা দাবীৰ সৈতে ভাইৰেল হৈ পৰিছিল। সেইটোও আমাৰ এটা অনুসন্ধান আছিল। আমি জানিব পাৰিছিলো যে অভিযুক্ত আৰু ভুক্তভোগী দুয়োএকে সম্প্ৰদায়ৰ আছিল। ইয়াত কোনো সাম্প্ৰদায়িক কোণ নাছিল।

কি এই ভাইৰেল পোষ্ট?

ইনষ্টাগ্ৰাম ইউজাৰ hindunationbjpnamo য়ে সমগ্ৰ দেহ ৰক্তৰঞ্জিত হৈ থকা এহাল ভাতৃ-ভগ্নীৰ এটা ভিডিঅ’ পোষ্ট কৰি এটা ভুৱা দাবী কৰি লিখিছে: ‘এই ভিডিঅ’টো যোগী বাবাৰ ওচৰলৈ যাব লাগে, এই ভিডিঅ’টো ইমানেই শ্বেয়াৰ কৰক যে ইউপিৰ বাবাৰ ওচৰলৈ গৈ পায়। আজি ছ’চিয়েল মিডিয়াৰ শক্তি দেখুওৱাৰ সময় হৈছে৷ অন্ততঃ আপোনাৰ এটা শ্বেয়াৰে এওলোকক ন্যায় দিব পাৰিব। আপোনালোক সকলো হিন্দু হৈ এগৰাকী হিন্দু ভাতৃক সহায় কৰক। লক্ষ্ণৌৰ এই ঘটনা ইণ্টেজা থানা এলেকাৰ। এই কাম এচাম শান্তিপ্ৰিয় লোকৰ, ইচলামৰ। চাৰি-পাচজনীয়া এটা দলে এই ছোৱালীজনীক বলাৎকাৰ কৰিবলৈ আহিছিল, কিন্তু তেওঁৰ ভাতৃয়ে ইয়াত বাধা দিয়াত দুয়োকে নিৰ্মমভাৱে প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে। এই বাতৰি কতো প্ৰকাশ নাপায়, কিন্তু সংবাদ মাধ্যমত বাতৰিটো তেতিয়াহে চলিব যেতিয়া হত্যাকাৰী এজন হিন্দু হ’ব আৰু পীড়িতজন মুছলমান!’

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক।

অনুসন্ধান

বিশ্বাস নিউজেও ২৬ জুন, ২০১৯ তাৰিখে একেটা ভিডিঅ’ পৰীক্ষা কৰিছিল। গুগল চাৰ্চত নিউজ ১৮ ৱেবছাইটৰ এটা বাতৰি আমি লাভ কৰিছিলোঁ। খবৰ অনুসৰি তেজৰে লুতুৰি-পুতুৰি হৈ থকা শ্বাহৰুখে তেওঁৰ আঘাতপ্ৰাপ্ত ভগ্নী শ্ববনমক চম্ভালি থকা অৱস্থাত ৰাজধানীৰ ইটোঞ্জা আৰক্ষী থানাৰ মাহাংৱা আৰক্ষী চকীত উপস্থিত হৈছিল। ইয়াত থকা আউটপ’ষ্টত তেওঁলোকৰ বিপদৰ কথা শুনাৰ পৰিৱৰ্তে চিপাহীসকলে কৈছিল, “আৰক্ষী চকীলৈ যাওঁক।” ঘটনাটো লক্ষ্ণৌৰ ইটোঞ্জা অঞ্চলত সংঘটিত হৈছিল। আৰক্ষীয়ে পিছত এটা গোচৰ ৰুজু কৰিছিল আৰু আটাইকেইজন অভিযুক্তক আটক কৰিছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

গোটেই ঘটনাটো লক্ষ্ণৌ আৰক্ষীয়ে সামাজিক মাধ্যমত স্পষ্ট কৰিছিল।

অভিযুক্তজনক আটক কৰাৰ পিছত খবৰটো লক্ষ্ণৌ আৰক্ষীয়েও প্ৰকাশ কৰিছিল।

https://twitter.com/lkopolice/status/1143398009310470146

https://www.vishvasnews.com/society/fact-check-no-communalism-in-lucknows-viral-video-both-accused-and-victim-belongs-to-the-same-community/

অনুসন্ধানৰ শেষত, আমি ভুৱাটো পোষ্ট কৰা ব্যৱহাৰকাৰীজনৰ ছ’চিয়েল স্কেন কৰাত আমি জানিব পাৰিছিলো যে ইনষ্টাগ্ৰামত hindunationbjpnamo ৰ ৩৮১৬ জন অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হোৱা পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। কেইবছৰমান পুৰণি লক্ষ্ণৌৰ এটা ভিডিঅ’ এতিয়া সাম্প্ৰদায়িক দাবীৰ সৈতে পুনৰ ভাইৰেল হৈ পৰিছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later