X

Fact Check: বাংলাদেশৰ হিংসাত্মক কাৰ্যকলাপৰ ফটো বুলি পশ্চিমবঙ্গৰ ইস্কন মন্দিৰৰ পুৰণি ফটো ভাইৰেল

বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ অনুসন্ধান কৰিছিল আৰু জানিব পাৰিছিল যে দাবীটো বিভ্ৰান্তিকৰ। ইস্কনৰ পুৰোহিত বুলি বৰ্ণনা কৰি ভাইৰেল কৰা ছবিখন ২০১৬ চনত পশ্চিম বংগত তোলা এখন ফটোহে, বাংলাদেশৰ নহয়।

  • By Vishvas News
  • Updated: October 31, 2021

নতুন দিল্লী (বিশ্বাস নিউজ)। বাংলাদেশত, হিন্দুসকলৰ বিৰুদ্ধে হোৱা সাম্প্ৰদায়িক হিংসা সম্পৰ্কীয় বহুতো প্ৰতিবেদন শেহতীয়াকৈ ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এখন ছবি ভাইৰেল হৈ পৰিছে, য’ত এজন পুৰোহিতক কিছুমান মুছলমানক ইফতাৰী কৰিবলৈ লোৱা দেখা গৈছে। এতিয়া একেটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে বাংলাদেশৰ ইস্কন মন্দিৰত সংঘটিত হিংসাত্মক ঘটনাত স্বামী নীতাই দাসজী নিহত হৈছে। বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ অনুসন্ধান কৰিছিল আৰু জানিব পাৰিছিল যে দাবীটো বিভ্ৰান্তিকৰ। ইস্কনৰ পুৰোহিতৰ ফটো বুলি উল্লেখ কৰি ভাইৰেল কৰা ছবিখন ২০১৬ চনত তোলা পশ্চিম বংগৰ এখন ফটো, বাংলাদেশৰ নহয়।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক পেজত এই বাইৰেল ফটোখন আপলোড কৰি লিখা হৈছে, “এয়া হৈছে বাংলাদেশৰ ইস্কন মন্দিৰৰ নিতাই দাস জী, ৰমজানৰ ৰোজাৰ পিছত ইফতাৰী কৰাই থকা অৱস্থাত…
প্ৰতি বছৰে, তেওঁলোকে হাজাৰ হাজাৰ মুছলমানক ঈশ্বৰৰ প্ৰসাদ খুৱাইছিল আৰু প্ৰতি ৰমজানত উপবাস ৰখাৰ প্ৰস্তাৱ দিছিল। পাঁচ দিন আগতে, তেওঁক জেহাদীসকলে হত্যা কৰিলে আৰু মন্দিৰৰ সকলো মূৰ্তি ভাঙি পেলালে আৰু লগতে মন্দিৰটো জ্বলাই দিয়া হ’ল। 👎👎👎ইয়াকে কোৱা হয় নেকি – “সাপক গাখীৰ খুওৱা বুলি?”


পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান

আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি প্ৰথমে গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে এই ভাইৰেল ফটোখন বিচাৰিছিলো। একেটা অনুসন্ধানত, আমি UCA News নামৰ এটা ৱেবছাইটৰ লিংক পাইছিলো। ইয়াত ভাইৰেল ছবিখন বাতৰিটোত দেখা গৈছে। ৪ জুলাই, ২০১৬ তাৰিখে প্ৰকাশিত প্ৰতিবেদন অনুসৰি, “ইণ্টাৰনেচনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনাৰ এজন সন্ন্যাসীয়ে ২২ জুনত মায়াপুৰৰ হিন্দু গোট মন্দিৰত ইফতাৰৰ সময়ত মুছলমানসকলক মিঠাই খুৱাইছিল। (ছবি ৰঘু নাথৰ)। বাতৰিটোত আৰু কোৱা হৈছে, “মুছলমানসকলে সন্ধিয়া কলকাতাৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ উত্তৰে মায়াপুৰৰ চান্দ্ৰোদয় মন্দিৰৰ চৌহদৰ ভিতৰত প্ৰাৰ্থনা কৰিছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত চাওক।

এতিয়ালৈকে কৰা অনুসন্ধানে প্ৰমাণ কৰিছিল যে ছবিখন পশ্চিমবংগৰ আছিল আৰু বাংলাদেশৰ ISKCON মন্দিৰত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

টুইটাৰ এডভান্স ছাৰ্ছ কৰোতে দেখিবলৈ পাইছিলো যে ইস্কনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ১৫ অক্টোবৰ ২০২১ তাৰিখে কৰা এটা টুইটত বাংলাদেশৰ নোৱাখলীৰ ইস্কন মন্দিৰত হোৱা আক্ৰমণৰ সৈতে জড়িত তথ্য দিয়া হৈছে।

https://twitter.com/iskcon/status/1449029665578831873?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1449029665578831873%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fpolitics%2FFact Check: iskon monk photo of west bengal falsely linked with bangladesh violence%2F

বাতৰি অনুসন্ধান আমি ইস্কনৰ ৱেবছাইটত একেটা ঘটনা সম্পৰ্কীয় এটা বাতৰিও পাইছিলোঁ। ইয়াত দিয়া তথ্য অনুসৰি, “চৌমোনিৰ গৌৰ নিত্যানন্দ জিউ মন্দিৰৰ ইস্কন শ্ৰী শ্ৰী ৰাধা কৃষ্ণক আক্ৰমণ কৰা হৈছিল আৰু আক্ৰমণৰ সময়ত প্ৰদেশ চন্দ্ৰ দাস (যাৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হৈছিল) আৰু যতন চন্দ্ৰ সাহা নামৰ দুজন ভক্ত নিহত হৈছিল। আন এজন ভক্ত নিমাই চন্দ্ৰ দাসক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সকলো আৱাসিক ভক্তক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছিল আৰু তেওঁলোক আঘাতপ্ৰাপ্ত হৈছিল। এই গোটেই বাতৰিটোত, আমি স্বামী নীতাই দাসৰ নাম ক’তো পোৱা নাছিলো।

বিশ্বাস নিউজে বাংলাদেশৰ বাতৰি কাকত নিউজ এজ বিডিৰ সাংবাদিক মিথুন চাদিক ৰহমানৰ সৈতে এই খবৰৰ নিশ্চিতিৰ বাবে যোগাযোগ কৰে আৰু ভাইৰেল পোষ্টটো তেওঁৰ সৈতে শ্বেয়াৰ কৰে। তেওঁ আমাক কৈছিল, “এই হিংসাত দুজন ইস্কন ভক্তৰ মৃত্যু হৈছে। নোৱাখালীত থকা তেওঁৰ এজন আত্মীয়ৰ ঘৰলৈ যাওঁতে এজন ভক্ত প্ৰদেশ চন্দ্ৰ সাহাৰ মৃত্যু হয়। তেওঁৰ গৃহ চহৰ আছিল চুবুৰীয়া জিলা কামিলা। কিন্তু যিজনৰ মৃত্যু হৈছিল তেওঁ সন্ন্যাসী নাছিল।’

আমি ভাইৰেল পোষ্টটো নিশ্চিত কৰিবলৈ বুমৰ বাংলাদেশৰ তথ্য পৰীক্ষক ছোৱেব আব্দুল্লাৰ সৈতেও যোগাযোগ কৰিছিলো আৰু টুইটাৰৰ জৰিয়তে তেওঁৰ সৈতে ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰিছিলো। তেওঁ আমাক কৈছিল, “সেই নোৱাখালী ঘটনাত দুজন ভক্ত (সন্ন্যাসী নহয়) প্ৰদেশ চন্দ্ৰ দাস (২৬) আৰু জাটন চন্দ্ৰ সাহা (৪২) নিহত হৈছিল। বিভিন্ন উৎস আৰু স্থানীয় সাংবাদিকে নিশ্চিত কৰিছে। ‘

আমি নিশ্চিতকৰণৰ বাবে ইমেইল যোগে ইস্কনৰ সৈতেও যোগাযোগ কৰিছো। এই বাতৰি লিখাৰ সময়লৈ তেওঁলোকৰ পৰা কোনো তথ্য লাভ কৰা নাই।

বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজটোৰ এক সামাজিক স্কেনিংত আমি দেখিছিলো যে এই পৃষ্ঠাটো ৪৯৪৫ জন লোকে অনুসৰণ কৰিছে। ইয়াৰ উপৰিও, এই পৃষ্ঠাটো ২৩ জুন ২০১৭ তাৰিখে সৃষ্টি কৰা হৈছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ অনুসন্ধান কৰিছিল আৰু জানিব পাৰিছিল যে দাবীটো বিভ্ৰান্তিকৰ। ইস্কনৰ পুৰোহিত বুলি বৰ্ণনা কৰি ভাইৰেল কৰা ছবিখন ২০১৬ চনত পশ্চিম বংগত তোলা এখন ফটোহে, বাংলাদেশৰ নহয়।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later