Fact Check : ফিলাডেলফিয়া চহৰৰ ভিডিঅ’ক পাকিস্তানৰ বুলি ভাইৰেল কৰা হৈ আছে
বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভিডিঅ’টো পাকিস্তানৰ নহয়। ভিডিঅ’টো আচলতে ফেব্ৰুৱাৰী 2025-ৰ আমেৰিকাৰ ফিলাডেলফিয়া চহৰৰ হয়। তাত সৰু এটা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইটো ভিডিঅ’ক এতিয়া পাকিস্তানৰ বুলি শ্বেয়াৰ কৰা হৈ আছে।
- By: Jyoti Kumari
- Published: May 10, 2025 at 05:22 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। তাত চাৰিও ফালে জুই লগাৰ দৃশ্য দেখা পোৱা গৈ আছে। এতিয়া এইটো ভিডিঅ’ক শ্বেয়াৰ কৰি দাৱী কৰা হৈ আছে যে এয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পদক্ষেপৰ ভিডিঅ’ হয়। কেইজনমান ইউজাৰে আকৌ এই দাৱীক সঁচা বুলি ভাবি শ্বেয়াৰো কৰি আছে।
বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে এই দাবী ভুল হয়। ভাইৰেল হৈ থকা ভিডিঅ’টো পাকিস্তানৰ নহয়। এয়া আচলতে 2025-ৰ ফেব্ৰুৱাৰীত আমেৰিকাৰ ফিলাডেসফিয়া চহৰত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ হয়। সেইটোক হে পাকিস্তানৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈ আছে।
কি ভাইৰেল হৈ আছে?
ইনষ্টাগ্ৰাম ইউজাৰ ‘sukhnangal22’-য়ে 8 মে তাৰিখত ভাইৰেল পোষ্টটো (আৰ্কাইভ) শ্বেয়াৰ কৰিছিলে। পোষ্টত লিখা আছে, “পাকিস্তানৰ অৱস্থা চোৱা, এতিয়া মুখামুখি যুদ্ধ।”
এই পোষ্টটোক এক্স-তো বহু কেইজন ইউজাৰে অনুৰূপ দাৱীৰ সৈতে শ্বেয়াৰ কৰি আছে।
অনুসন্ধান
ভাইৰেল ভিডিঅ’ক লৈ অনুসন্ধান কৰাৰ কাৰণে সদৌ প্ৰথমতে ভিডিঅ’টোৰ বহু কেইখন কী-ফ্ৰেম উলিয়াই সেইবোৰক গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰি চাইছিলোঁ। তেতিয়া আমি ভিডিঅ’টো @HakanTuluhan01 নামৰ ইউটিউব চেনেলত দেখা পালোঁ। ভিডিঅ’টোক 1 ফেব্ৰুৱাৰী 2025-ত আপলোড কৰা হৈছিল। তাত থকা তথ্য অনুসৰি, এই ভিডিঅ’টো আমেৰিকাৰ ফিলাডেলফিয়া চহৰত হোৱা বিমান দুৰ্ঘটনাৰ হয়।
ছাৰ্চ কৰি থাকোঁতে আমি এই ভিডিঅ’ সম্বন্ধীয় ৰিপোৰ্ট দেখা পালোঁ MSNBC-ৰ অফিচিয়েল ইউটিউব চেনেল-ত। 2 ফেব্ৰুৱাৰী 2025-ত আপলোড হোৱা এই ভিডিঅ’ত বৰ্তমান ভাইৰেল হৈ থকা ভিডিঅ’ৰ দৰেই কিছুমান দৃশ্য দেখা পোৱা গৈ আছে। তাত থকা তথ্য অনুসৰি, ভিডিঅ’টো ফিলাডেলিফিয়াৰ হয়, তাত জনবসতি থকা এখন অঞ্চলত সৰু এটা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত ৰিপোৰ্টক ABC News-ৰ অফিচিয়েল ইউটিউব চেনেলতো দেখা পোৱা গৈ আছে। 2 ফেব্ৰুৱাৰী 2025-ত আপলোড হোৱা ভিডিঅ’ত কোৱা হৈছে যে এয়া ফিলাডেলফিয়াৰ ঘটনা হয়।
apnews.com-ৰ ৱেবছাইট-ত 1 ফেব্ৰুৱাৰী 2025-ত প্ৰকাশ পোৱা বাতৰিত কোৱা হৈছে, “আমেৰিকাৰ ফিলাডেলফিয়াত এখন মেডিকেল বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সৰু এই বিমানখনত 6জন যাত্ৰী আছিল। এই দুৰ্ঘটনাৰ ফলত বহু কেইখন গাড়ী আৰু ঘৰ জ্বলি গৈছে।” এই ভিডিঅ’ৰ লগত যুক্ত অন্যান্য বাতৰি ইয়াত পঢ়ি চাব পাৰে।
এই ভিডিঅ’টো আমি পাকিস্তানৰ জাৰ্ণালিষ্ট ফৰৱা ওৱাহিদৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ। তেওঁ কৈছে এইটো ভিডিঅ’ পাকিস্তানৰ নহয়।
বিশ্বাস নিউজে পাকিস্তান সম্বন্ধীয় যিবোৰ ফেক্ট চেক কৰিছে, সেইবোৰ ইয়াত পঢ়ি চাব পাৰে।
বিশ্বাস নিউজে নিজে এইটো কথাৰ নিশ্চয়তা নিদিয়ে যে, ভাইৰেল ভিডিঅ’ত ব্যৱহাৰ হোৱা অডিঅ’ কেতিয়াৰ আৰু কোন ঠাইৰ হয়। কিন্তু আমি এইটো কথা নিশ্চিত ভাৱে ক’ব পাৰোঁ যে, এই ভিডিঅ’ত বেলেগকৈ অডিঅ’ যোগ কৰা হৈছে। আচল ভিডিঅ’ত থকা ভাষা বেলেগ হয়।
মন কৰিবলগীয়া কথা এয়াই যে, পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতৰ পক্ষৰপৰা পাকিস্তান আৰু পাকিস্তানৰ দখলত থকা কাশ্মীৰ (পিঅ’কে)-ত অৱস্থিত সন্ত্ৰাসবাদী শিবিৰসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে। কোনো প্ৰকাৰ সামৰিক বা অসামৰিক গাঁথনিক লক্ষ্য কৰি আক্ৰমণ চলোৱা হোৱা নাই।
সদৌ শেষত আমি সেইজন ইউজাৰৰ প্ৰফাইল স্কেন কৰি চাইছোঁ যিজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছইলে। তেতিয়া আমি গম পালোঁ যে এইজন ইউজাৰক 78.8 হাজাৰ মানুহে ফলো কৰে।
সিদ্ধান্ত: বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভিডিঅ’টো পাকিস্তানৰ নহয়। ভিডিঅ’টো আচলতে ফেব্ৰুৱাৰী 2025-ৰ আমেৰিকাৰ ফিলাডেলফিয়া চহৰৰ হয়। তাত সৰু এটা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইটো ভিডিঅ’ক এতিয়া পাকিস্তানৰ বুলি শ্বেয়াৰ কৰা হৈ আছে।
- Claim Review : এইটো ভিডিঅ’ পাকিস্তানৰ হয়।
- Claimed By : Insta User- ‘sukhnangal22
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











