
নতুন দিল্লী (বিশ্বাস টীম)| চোচিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে| এই পোষ্টত দাবী কৰা হৈছে যে ব্ৰইলাৰ চিকেনত কোৰোনাৰ ভাইৰাচ পোৱা গৈছে| এই পোষ্টত মীট আৰু চিকেনৰ কিছু ফটোও আছে|.বিশ্বাস নিউজৰ অনুসন্ধানত এইটো ভ্ৰমিত বুলি পোৱা গৈছে| ফটোৰ কোৰোনা ভাইৰাচৰ সৈতে কোনো সম্বন্ধ নাই|
ফেচবুকত ” Joyee Riya Das Fernandez ( জয়ী ৰিয়া দাস ফাৰ্নেনডাজ) নামৰ ইউজাৰে এই পোষ্টটো ছেয়াৰ কৰিছে| ইয়াত লিখা আছে ,’ ব্ৰইলাৰ মূৰ্গীত পোৱা গৈছে কোৰোনাৰ ভাইৰাচ| সকলো সাৱধান| ‘
এই পোষ্টৰ লগত মীট আৰু চিকেনৰ কিছু ফটোও আছে| এই ফটোবোৰৰ আৰ্কাইড ভাৰচনত ইয়াত দেখা পাব পাৰে|
বিশ্বাস নিউজে এই বিষয়ে চেন্ট্ৰেল পোল্টী ডেভেলপমেন্ট অৰগেনাইজেচন, মুম্বাইৰ এচিচটেন্ট ডাইৰেক্টৰ ডক্টৰ সত্যনাৰায়ণ স্টিভেনৰ সৈতে কথা হ’ল| তেখেতে ক’লে,’ এই দাবী মিছা| ব্ৰইলাৰ চিকেনক হাইজিনিক প্ৰকাৰে পালন কৰা হয়| চোছিয়েল মিডিত্রাত এই মিচইনফৰমেচন বিয়পোৱা হৈছে যে ব্ৰইলাৰ চিকেনত কোৰোনাৰ ভাইৰাচ পোৱা গৈছে| ইয়াৰ কোনো প্ৰমান নাই|
বিশ্ব স্বাস্থ্য সংগঠন (WHO) ৰ মতে, এই কথা কোনো সাক্ষ্য নাই যে কুকুৰ আৰু মেকুৰীৰ দৰে ঘৰুৱা পালিত জন্তু এই নতুন প্ৰকাৰে কোৰোনা ভাইৰাসৰে প্ৰভাবিত হ’ব পাৰে| তথাপিওঁ পালিত জন্তুৰ সংস্পৰ্শলৈ অহাৰ পাচত নিজৰ হাত ভাল দৰে চাবোন পানীৰে ধুই লোৱাটো ভাল| ই আপোনাক E.coli আৰু Salmonella নামৰ সাধাৰণ বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰিব যিবোৰ পোহনীয়া জন্তুৰ পৰী মানুহৰ গালৈ আহিব পাৰে|
আমি ভাইৰেল পোষ্টত থকা চিকেনৰ ফটো Google Reverse Image ত চাৰ্চ কৰিলোঁ|
আমি ৰিচাৰ্চৰ আধাৰিত ৱেবচাইটত এটা ৰিপোৰ্ট পালোঁ| সেই ৰিপোৰ্টৰ হেডলাইন ‘ An Outbreak of Colibacillosis in a Broiler Farm’ (ব্ৰইলাৰ ফাৰ্মত কোলিবাচিল ৰ প্ৰকোপ)| ভাইৰেল পোষ্টৰ চিকেনৰ ফটো তাতো An outbreak of Colibacillosis in Broiler Farm কেপচন ৰ সৈতে আপলোড কৰা গৈছে|.
আমি ভাইৰেল পোষ্টৰ চিকেনৰ দ্বিতীয় ফটোৰো Google Reverse Image চাৰ্চ কৰিলোঁ|
আমি এই ফটোৰ আন এটা ৱেবচাইটত পালোঁ , তাত জনাইছে যে চিকেন এচপাৰগিলোচিচ (aspergillosis) নামৰ বেমাৰৰে পীড়িত| এই বেমাৰৰ কাৰণ এক মাটিৰ ফাংগাচ,যি লেতেৰা মাটিত, বিচনাত আৰু চিকেন ফীডৰ দ্বাৰা বিয়পে|
ভাইৰেল পোষ্টত ব্যৱহাৰ কৰা ফটোৰ কোৰোনা ভাইৰাচৰ লগত কোনো লেনা-দেনা নাই|. প্ৰথম ফটো ব্ৰইলাৰ ফাৰ্মত কোলিবাচিচ নামৰ ৰোগৰ|আনখন ফটো এচপৰগিলোচিচ নামৰ ৰোগৰ দ্বাৰা পীড়িত চিকেনৰ ভাইৰেল পোষ্টত চিকেনৰ ফটোৰ ওপৰিও আন এখন ফটো ছেয়াৰ কৰা গৈছিল, য’ত এজন ৰোগীৰ ওচৰতজ্ঞকিছু ডাক্তৰক দেখা গৈছিল|
আপোনাক জনাও যে এই ভাইৰেল ফটোখন উত্তৰ প্ৰদেশৰ পীলীভীতৰ য’ত কোৰোনা ভাইৰাচৰ সংক্ৰামণৰ শংকা কৰা ৰোগীক পৰীক্ষা কৰি থকা হৈছে| এই ভাইৰেল ফটোলৈ আমাৰ সহযোগী দৈনিক জাগৰণৰ সংবাদ সহযোগী (পূৰনপুৰ) উমেশ শৰ্মাই জনালে যে, ভাইৰেল হৈ থকা ফটোবোৰ পূৰনপুৰৰ|’ এই ফটো তদন্ত আপুনি ইয়াত ক্লিক কৰি পঢ়িব পাৰে|
বিশ্বস নিউজে কে সীএচআই আৰ – ইন্টিটিউট অব মাইক্ৰোবিয়েল টেকনোলজীৰ ভাইৰোলজী ডিপাৰ্টমেন্টৰ প্ৰিন্সিপাল চায়েন্টিষ্ট মনোজ কুমাৰৰ সতে কথা পাতে| এই ইন্টিটিইট ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰৌদ্যোগিকী মন্ত্রালয়ৰ অধীনত পৰে| তেওঁ জনালে, ‘ কোৰোনা ভাইৰাচ কাঁহ আৰু হাঁচিৰ দৰে উশাহ সম্বন্ধীয় লক্ষণ সহ এই ৰোগত পীড়িত ব্যক্তিৰ ঘনিষ্টলৈ অহা সম্পৰ্কৰে বিয়পে| এই দাবী সঁচা নহয় যেন লাগিছে| এই দাবীৰ ক্ষেত্রত কোনো প্ৰমান নাই|
হাইদ্ৰবাদ মিনিউচিপাল কৰপোৰেচন (GHMC) য়েও ৰাইজক আপিল কৰিছে যে ব্ৰইলাৰ মূৰ্গী খালে কোৰোনা ভাইৰাচ বিয়পাৰ উৰাবাতৰিত ধ্যান নিদিয়ে যেন| GHMCৰ ৰিটায়াৰ্ড চীফ ভেটেনেৰী অফিচাৰ ভেংকেশ্বৰ ৰেড্ডীয়ে জনাই যে ভাৰতত কোনো পক্ষীৰ কোৰোনা ভাইৰাচৰে সংক্ৰামিত হোৱাৰ কোনো ঘটনা নাই হোৱা|
2016 চনত প্ৰকাশিত এটা ৰিপোৰ্টৰ মতে, সংক্ৰামক ব্ৰমকাইটিচ ভাইৰাচ (IBV) চিকেনত তীব্ৰতাৰে বিয়পা উশাহ জনিত ৰোগৰ কাৰণ হয়| ইয়াৰ কাৰণে উৎপাদনত কম, কনীত অসামান্যতা আৰু কনীৰ গুণবত্তা নিম্ন হয়| এই ৰোগ কোৰোনা ভাইৰাচৰ কাৰণে হয়| যেতিয়ালৈকে ই কাৰ্বনিক পদাৰ্থৰ নহয় তেতিয়ালৈকে (IBV) কীটাণুনাশকৰ দ্বাৰা দুনাই সহজতে মাৰিব পাৰা যায়| জীৱনত সোনকালে সংক্ৰামিত হোৱা মূৰ্গীৰ পোৱালীবোৰৰ ডিম্ববাহিনীক স্থায়ীভাৱে হানি হ’ব পাৰে| তেনে ক্ষেত্রত ই কনী পাৰিব নোৱাৰে| তথাপি, আইভীপী যথষ্ট সংক্ৰামিক| ইয়াৰ কাৰণে বহুতো পক্ষী ওচৰ পাজৰৰ তাপমান বঢ়োৱা আৰু পানীৰ সলনি গাখীৰ দিয়াৰ দৰে উপচাৰৰ দ্বাৰা ঠিক হৈ যাব|
এই ৰিপোৰ্ট 2016 চনত ছেয়াৰ কৰা গৈছিল, যদিও ভাইৰেল পোষ্ট টো কোৰোনা বিয়পোৱা বৰ্তমানৰ ঘটনাৰ সময়ত কৰিছে|
বিশ্বাস নিউজে ইয়াৰ আগতে কোৰোনা ভাইৰাচৰ সৈতে জড়িত এটা অসত্য পোষ্টৰ খোলোচা কৰিছিল| তাত কোৰোনা ভাইৰাচৰ নামত এটা ভিডিও ভাইৰেল কৰা গৈছিল|
বিশ্বাস নিউজে কথিত ৰূপে স্বাস্থ্য মন্ত্রালয়ৰ এডভাইজৰীৰ আধাৰত ভাইৰেল হৈ থকা কোৰোনা ভাইৰাচৰ লগত জড়িত আৰু এটা জালি পোষ্টৰ খোলোচা কৰিছিলে|
ভাইৰেল পোষ্টটো Joyee Riya Das Fernandez নামৰ ইউজাৰে ছেয়াৰ কৰিছিলে| একাউন্টৰ চছিয়েল স্কেনিং কৰোতে আমি পালো যে ইউজাৰ পেচাত গ্ৰাফিক ডিজাইনাৰ আৰু বেংগলৰ নিবাসী| এই একাউন্ট জুলাই 2015 ত কৰা|
নিষ্কৰ্ষঃ ভাইৰেল পোষ্টৰ এই দাবী মিছা যে ব্ৰইলাৰ চিকেনত কোৰোনা ভাইৰাচ পোৱা গৈছে| এই পোষ্টত ব্যৱহৃত ফটোৰ কোৰোনা ভাইৰাচৰ কোনো লেন-দেন নাই|
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.