X

গোপনীয়তাৰ নীতি

উদ্দেশ্য আৰু সুযোগ
www.vishvasnews.com (“আমি”, “আমাক”, “আমাৰ”, “বিশ্বাস নিউজ”)-এ সেই সকল ডেটা ছাবজেক্ট (“আপুনি”, “আপোনাৰ”, “ব্যৱহাৰকাৰী”, “গ্ৰাহক”)-ক সন্মান জনাওঁ যিসকলে আমাৰ উপৰত বিশ্বাস ৰাখিছে আৰু সেই কাৰণে, আমি সেই তথ্যসমূহক সুৰক্ষিত কৰিবলৈ উচ্চ মানৰ গোপনীয়তা নীতি মানি চলোঁ যিবোৰ তথ্য আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰে।

এই গোপনীয়তা নীতিয়ে সেইবোৰ তথ্য ব্যৱহাৰৰ কথা বৰ্ণনা কৰে যিবোৰ MMI অনলাইন লিমিটেড (বিশ্বাস নিউজ) আৰু/বা ইয়াৰ সহায়কে/সহায়কসকলে আৰু/বা সহযোগীয়ে/সহযোগীসকলে প্ৰদান কৰে বা সংগ্ৰহ কৰে, আৰু বিভিন্ন মোবাইল এপ্লিকেশ্বন লগতে অন্যান্য সেৱা যেনে যি কোনো মোবাইল বা ইণ্টাৰনেট সংযোগ থকা ডিভাইচ বা অন্যথা তথ্য আৰু কনটেণ্ট ইত্যাদি তথা ইয়াৰ বাহিৰে আৰু বহুতো বস্তু প্ৰদান কৰে (যৌথ ভাৱে “সেৱাসমূহ”) চলায়। আমি এই গোপনীয়তা নীতিক মানি চলোঁ সেই ঠাইৰ প্ৰযোজ্য আইন অনুসৰি যি ঠাইত আমি কাম কৰোঁ। কিছুমান ক্ষেত্ৰত আমি হয়তো অতিৰিক্ত ডেটা গোপনীয়তাৰ জাননী দিব পাৰোঁ যিবোৰ বিশেষ কিছুমান সেৱা বা অঞ্চলৰ ক্ষেত্ৰত নিৰ্দিষ্ট হয়। সেই চৰ্তসমূহকো এই নীতিৰ সৈতে একেলগে পঢ়িব লাগিব।

www.vishvasnews.com হ’ল MMI অনলাইন লিমিটেডৰ সম্পত্তি, এইটো কোম্পানী আইন, 1956-ৰ অধীনত ৰেজিষ্টাৰ্ড এটা ভাৰতীয় কোম্পানী হয়। ইয়াৰ কৰ্পৰেট কাৰ্যালয়ৰ ঠিকনা হ’ল ৱৰ্ল্ড ট্ৰেড টাৱাৰ, ছেক্টৰ-16, নইডা, উত্তৰ প্ৰদেশ। বিশ্বাস নিউজে নিজৰ ইউজাৰসকলক সৰ্বাধিক চহকী তথা সৰ্বাংগীণ ইণ্টাৰনেটৰ অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্যেৰে বিভিন্ন ধৰণৰ সেৱা প্ৰদান কৰি থাকে। বিশ্বাস নিউজ সম্বন্ধে অধিক জানিবলৈ আপোনালোকে ‘About us’ পঢ়ি চাব পাৰে। 

এই গোপনীয়তা নীতিক আপোনালোকে ব্যৱহাৰ কৰা বিশ্বাস নিউজ সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য ব্যৱহাৰৰ চৰ্তৰ সৈতে সংযুক্ত কৰি আৰু তাৰ লগতে পঢ়িব লাগিব।

এই গোপনীয়তা নীতি কি হয়?

এই গোপনীয়তা নীতিৰ উদ্দেশ্য হ’ল আপোনালোকক আপোনালোকৰ সেইবোৰ ব্যক্তিগত তথ্যৰ প্ৰক্ৰিয়াকৰণৰ সম্বন্ধে অৱগত কৰা যিবোৰ তথ্য আপোনালোকে আমাৰ ৱেবছাইট চোৱাৰ সময়ত সংগ্ৰহ কৰা হয়। এই নীতি এই ৱেবছাইটৰ সেই সকল বৰ্তমান আৰু প্ৰাক্তন ভিজিটৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, যিসকলে বিশ্বাস নিউজৰ সেৱাসমূহক ব্যৱহাৰ কৰাৰ কাৰণে লগ ইন কৰে বা অন্যথা যাৰ তথ্য বিশ্বাসনিউজে নিজৰ সেৱাৰ বিষয়ত লাভ কৰে, কিন্তু এয়া বিশ্বাস নিউজৰ সৈতে যুক্ত ব্যক্তিসকলৰ ব্যক্তিগত তথ্যৰ মাজতে সীমিত নহয়। 

I. ব্যক্তিগত তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ

ব্যক্তিগত তথ্য (PI)-ৰ অৰ্থ চিনাক্ত বা চিনাক্ত হোৱাৰ যোগ্য জীৱিত ব্যক্তি (‘ডেটা ছাবজেক্ট’-ক ইয়াত আপুনি/আপোনাৰ বুলি উল্লেখ কৰা হৈছে) সম্বন্ধীয় যি কোনো তথ্য। বিশেষকৈ এটা সাধাৰণ চিনাক্তকৰ্তা যেনে নাম, চিনাক্তকৰণ সংখ্যা, ল’কেশ্বন ডেটা, অনলাইন চিনাক্তকৰ্তা অথবা এক বা একাধিক দিশ যিবোৰ সেই স্বাভাৱিক ব্যক্তিৰ শাৰীৰিক, মনস্তাত্ত্বিক, জিন সম্বন্ধীয়, মানসিক, অৰ্থনৈতিক, সাংস্কৃতিক বা সামাজিক পৰিচয়ৰ ক্ষেত্ৰত বিশেষ হয় সেইবোৰ ব্যৱহাৰ কৰা হয়।  

এই কোম্পানীয়ে এই সেৱাৰ ইউজাৰসকলৰ গোপনীয়তাক সন্মান জনায় আৰু ইয়াক সকলো দিশৰপৰা যথোপযুক্ত ভাৱে ৰক্ষা কৰাৰ বাবে দায়বদ্ধ হয়। ইউজাৰৰ যিবোৰ তথ্য কোম্পানীয়ে সংগ্ৰহ কৰে সেইবোৰ হ’ল:

  1. যিবোৰ তথ্য আপুনি আমাক প্ৰদান কৰে

আপুনি আমাৰ ৱেবছাইট ব্যৱহাৰ কৰাৰ সময়ত সংগ্ৰহ কৰা তথ্য

আপোনাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ আৰু আমাৰ সেৱাসমূহ আপোনাক ক্ৰমাগত দি থাকিবলৈ, আমি ব্যক্তিগত তথ্য বিচাৰোঁ। আমি তলত উল্লেখ কৰা তথ্যসমূহ লগতে উল্লেখ নথকা আন বহুতো তথ্য সংগ্ৰহ কৰোঁ –

  • নাম
  • ল’কেশ্বন
  • ইমেইল ID
  • বাতৰি বা নিবন্ধ সম্বন্ধীয় ইউজাৰৰ মন্তব্য/প্ৰশ্ন/উত্তৰ
  • যোগাযোগৰ নম্বৰ
  • লিংগ পৰিচয়
  • ছবি
  • ল’কেশ্বন

গ্ৰাহক-ভুক্তি সম্বন্ধীয় সেৱাৰ কাৰণে আমি পেমেণ্ট সম্বন্ধীয় তথ্যও হয়তো সংগ্ৰহ কৰিব পাৰোঁ, অৱশ্যে আমাৰ পৰিমণ্ডলত আমি কোনো কাৰ্ডৰ ডেটা মজুত কৰি নথওঁ।  

যিবোৰ তথ্য আপুনি স্বেচ্ছাত আমাক প্ৰদান কৰে

অইন সময়তো আমি অতিৰিক্ত তথ্য হয়তো সংগ্ৰহ কৰিব পাৰোঁ, যেনে ধৰক যেতিয়া আপুনি কোনো প্ৰতিক্ৰিয়া জনোৱাৰ সময়ত, আপোনাৰ কনটেণ্ট ইমেইল সম্বন্ধীয় অগ্ৰাধিকাৰ পৰিৱৰ্তন কৰাৰ সময়ত, সমীক্ষাত সঁহাৰি দিয়াৰ সময়ত, বা কোনো আমাৰ ৱেবছাইটত কোনো মন্তব্য পোষ্ট কৰি বা ই-মেইলৰ জৰিয়তে আমাক কোনো প্ৰশ্ন সোধাৰ বাবে আপুনি আমাৰ সৈতে যোগাযোগ কৰাৰ সময়ত। এই তথ্য হ’ব পাৰে আপোনাৰ নাম, ই-মেইল id, মোবাইল নম্বৰ, মন্তব্য, বাৰ্তা ইত্যাদি তথা আন বহুতো ধৰণৰ ব্যক্তিগত তথ্য।     

  • কুকিজ নেভিগেট কৰাৰ সময়ত স্বয়ংক্ৰিয় ভাৱে তথ্য সংগৃহীত/ট্ৰেক হোৱা

আমাৰ ইউজাৰসকলৰ বাবে ‘সেৱাসমূহ’-ৰ গ্ৰহণযোগ্যতা উন্নত কৰিবলৈ, আমি হয়তো ‘কুকিজ’ (এটা সৰু টেক্সট ফাইল যিটোক ব্যৱহাৰ কৰা হ’ব পাৰে, যেনে আপোনাৰ ৱেবছাইট/এপ্লেকেশ্বন ব্যৱহাৰ সম্বন্ধীয় তথ্য সংগ্ৰহ কৰাৰ কাৰণে। কিছুমান কুকিজ আৰু অইন প্ৰযুক্তিয়ে ইউজাৰে আগতে সূচিত কৰা ব্যক্তিগত তথ্য মনত পেলোৱাৰ কামটো হয়তো কৰিব পাৰে) বা অনুৰূপ ইলেকট্ৰনিক টুল্স আমি হয়তো ব্যৱহাৰ কৰিব পাৰোঁ চিনাক্ত কম্পিউটাৰ ব্যৱহাৰ কৰি ইউজাৰৰ নিজৰ আগ্ৰহক বুজি পাবলৈ প্ৰতিজন ভিজিটৰক এটা অভিন্ন তথা যি কোনো সংখ্যাক ইউজাৰ চিনাক্তকৰণ (“ইউজাৰ ID”) হিচাপে দিব পাৰোঁ তথ্য সংগ্ৰহ কৰাৰ কাৰণে। আমাৰ বিজ্ঞাপনদাতাসকলেও আপোনাৰ ব্ৰাউজাৰক/ব্ৰাউজাৰসমূহক তেওঁলোকৰ নিজা কুকিজ হয়তো দিব পাৰে (যদি আপুনি তেওঁলোকৰ বিজ্ঞাপনত ক্লিক কৰে তেতিয়া), এই প্ৰক্ৰিয়াক আমি নিয়ন্ত্ৰণ নকৰোঁ। আপুনি যেতিয়াই নিজৰ কম্পিউটাৰ/লেপটপ/নোটবুক/টেবলেট/পেড/হেণ্ডহেল্ড ডিভাইচ বা ইণ্টাৰনেটৰ সৈতে সংযুক্ত হ’ব পৰা অইন ইলেকট্ৰনিক ডিভাইচৰ জৰিয়তে ৱেবছাইট/ৱেবছাইটসমূহ, বা সেৱাসমূহৰ মাধ্যমত আমাৰ সৈতে যোগাযোগ কৰে তেতিয়াই নিৰ্দিষ্ট কিছুমান তথ্য লাভ কৰোঁ আৰু মজুত কৰোঁ। 
আপুনি সৰহ ভাগ ব্ৰাউজাৰত এইটো ছেট কৰি থ’ব পাৰে যে যদি আপোনাৰ ওচৰত কোনো কুকিজ আহে তেন্তে আপোনাক যেন অৱগত কৰা হয়, বা আপুনি নিজৰ ব্ৰাউজাৰত কুকিজ-ক ব্লক কৰি দিয়াৰ বিকল্পও বাছি ল’ব পাৰে, কিন্তু অনুগ্ৰহ কৰি মনত ৰাখিব যে আপুনি যদি আপোনাৰ কুকিজ-ক মচি পেলায় বা ব্লক কৰি দিয়ে, তেতিয়া সেই ৱেবছাইটৰ কিছুমান অংশত প্ৰৱেশ কৰাৰ কাৰণে আপুনি পুনৰ নিজৰ আচল ইউজাৰ ID আৰু পাছৱৰ্ড দিব লাগিব লগতে সেই ছাইটৰ কিছুমান বিভাগ/বৈশিষ্ট্য হয়তো কাম নকৰিবও পাৰে।


অধিক জানিবলৈ আপুনি আমাৰ কুকি পলিচি চাব পাৰে

লগ ফাইল তথ্য

আপুনি যেতিয়াই আমাৰ ৱেবছাইটত/ৱেবছাইটসমূহ, এপ্লিকেশ্বনত/এপ্লিকেশ্বনসমূহত বা সেৱা/সেৱাসমূহত ভিজিট কৰিব, তেতিয়াই আমি ইণ্টাৰনেটৰ সৈতে আপোনাৰ কম্পিউটাৰৰ সংযোগ, মোবাইল নম্বৰ সম্বন্ধীয় সীমিত তথ্য আৰু লগতে আপোনাৰ IP এড্ৰেছ, ব্ৰাউজাৰ ছফ্টৱেৰ, অপাৰেটিং ছিষ্টেমৰ প্ৰকাৰসমূহ; ক্লিকষ্ট্ৰিম পেটাৰ্ণ; কোন তাৰিখ আৰু সময়ত আমাৰ ছাইটত আহিছে সেই তথ্য ইত্যাদিৰ লগতে আৰু বহুতো তথ্য আমি স্বয়ংক্ৰিয় ভাৱে সংগ্ৰহ কৰি লওঁ।  

ক্লিয়েৰ GIFs

আপুনি যেতিয়াই আমাৰ ৱেবছাইট ব্যৱহাৰ কৰিব, তেতিয়াই আমি হয়তো “ক্লিয়েৰ GIFs” (ৱেব বিকন্স) ব্যৱহাৰ কৰিব পাৰোঁ। আমি এইটো বেনামী ভাৱে আৰু ইউজাৰক ব্যক্তিগত ভাৱে চিনাক্ত নকৰাকৈ অনলাইন ইউজেজ পেটাৰ্ণক ট্ৰেক কৰাৰ কাৰণে কৰি থাকোঁ। আমাৰ ইউজাৰসকলক HTML ভিত্তিক যিবোৰ ই-মেইল পঠোৱা হয় সেইবোৰত কি-কি ই-মেইল খোলা হৈ আছে সেইবোৰক ট্ৰেক কৰাৰ কাৰণে HTML ভিত্তিক ই-মেইলসমূহত আমি হয়তো ক্লিয়েৰ GIFs ব্যৱহাৰ কৰিব পাৰোঁ। আপোনাৰ আমাৰ ৱেবছাইট ব্যৱহাৰ সম্বন্ধীয় তথ্য সংগ্ৰহ কৰাৰ কাৰণে নিষ্ক্ৰিয় ভাৱে গুগল এনালিটিক্স আৰু গুগল ছাৰ্চ ব্যৱহাৰ কৰিও আমি আপোনাৰ তথ্য সংগ্ৰহ কৰোঁ।    

ইউজেজ আৰু লগ ডেটাৰ জৰিয়তে অনুমান কৰা তথ্য

বিশ্বাস নিউজত আপোনাৰ আচৰণৰ উপৰত ভিত্তি কৰি আমি আপোনাৰ বিষয়ে নিৰ্দিষ্ট কিছুমান তথ্য হয়তো সংগ্ৰহ আৰু ট্ৰেক কৰিব পাৰোঁ। এই তথ্যক আমাৰ ইউজাৰসকলক অধিক ভালকৈ বুজিবলৈ, তেওঁলোকক অধিক সুৰক্ষা দিবলৈ আৰু সেৱা প্ৰদান কৰিবলৈ আমাৰ ইউজাৰসকলৰ জনগাঁথনি, ডিভাইচ, আগ্ৰহ, আচৰণক লৈ আভ্যন্তৰীণ গৱেষণা কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ।  

আভ্যন্তৰীণ বিশ্লেষণ আৰু গৱেষণাৰ কাৰণে ইউজাৰৰ আচৰণ আৰু অগ্ৰাধিকাৰ ট্ৰেক কৰিবলৈ আমি হয়তো আপোনাৰ তথ্য সংগ্ৰহ কৰিব পাৰোঁ।

আপুনি যদি ছ’চিয়েল মিডিয়া একাউণ্ট, মেছেজ ব’ৰ্ড, চেট ৰুম বা অইন মেছেজ এৰিয়াত মেছেজ পোষ্ট কৰিব বিচাৰে বা কোনো প্ৰতিক্ৰিয়া দিব বিচাৰে, তেন্তে আমি সেইবোৰ তথ্য সংগ্ৰহ কৰি ল’ম যিবোৰ আপুনি আমাক দিব।

আমি এই তথ্যক আইনৰ অনুমোদন অনুসৰি বিবাদ নিষ্পত্তি কৰিবলৈ, গ্ৰাহকক সহায়তা কৰিবলৈ আৰু সমস্যাক ট্ৰাবলশ্বুট কৰিবলৈ প্ৰয়োজন অনুসৰি নিজৰ লগত ৰাখিম।
আপুনি যদি আমালৈ ই-মেইল বা চিঠি ইত্যাদি দি ব্যক্তিগত ভাৱে যোগাযোগ কৰে বা বিশ্বাস নিউজত আপোনাৰ এক্টিভিটি বা পোষ্ট সম্বন্ধে অইন ইউজাৰে বা তৃতীয় পক্ষই আমালৈ কোনো চিঠি ইত্যাদি পঠালে, আমি হয়তো তেনেকুৱা তথ্য সংগ্ৰহ কৰি মজুত কৰি থ’ব পাৰোঁ।   

অইন উৎসৰপৰা প্ৰাপ্ত তথ্য

আমি অইন অনলাইন উৎসৰপৰাও আপোনাৰ বিষয়ে হয়তো তথ্য লাভ কৰিব পাৰোঁ। আমি হয়তো সেইটোক আমাৰ একাউণ্ট ইনফৰ্মেশ্বন ছিষ্টেমত যোগ কৰি দিব পাৰোঁ আৰু ইয়াক এই নীতি অনুসৰি বিবেচনা কৰিম। আমি যি প্লেটফৰ্ম প্ৰ’ভাইডাৰ বা অইন অংশীদাৰক আমাৰ সেৱা প্ৰদান কৰি থাকোঁ, আপুনি সেই প্লেটফৰ্ম প্ৰভাইডাৰ বা অংশীদাৰক কোনো তথ্য প্ৰদান কৰিলে, আপোনাৰ একাউণ্ট সম্বন্ধীয় তথ্য যেনে আপোনাৰ নাম, ই-মেইল ID ইত্যাদি তথা আন বহুতো তথ্য আমাৰ ওচৰত আহি পাব পাৰে। আমাৰ ৰেকৰ্ডক শুদ্ধ কৰিবলৈ আৰু আমাৰ সেৱাসমূহ প্ৰদান কৰিবলৈ বা আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ বা যি কোনো তৃতীয় পক্ষৰ সৈতে তথ্য ভগাই লোৱাৰ কাৰণে আমি হয়তো তৃতীয় পক্ষৰপৰা আপডেট হোৱা তথ্য সংগ্ৰহ কৰিব পাৰোঁ।   

আপুনি যদি গুগল বা ফেচবুকৰ দৰে তৃতীয় পক্ষৰ সেৱাৰ সৈতে আপোনাৰ বিশ্বাস নিউজৰ সেৱাক লিংক কৰে বা যুক্ত কৰে, তেতিয়া তেওঁলোকে হয়তো উপৰত উল্লিখিত সেৱাৰপৰা আপোনাৰ ৰেজিষ্টাৰ্ড ই-মেইল id আৰু পাবলিক প্ৰ’ফাইল ইনফৰ্মেশ্বন আমালৈ প্ৰেৰণ কৰিব।    

আপুনি যদি ৱেবছাইটসমূহত ব্যক্তিগত তথ্য জমা নিদিয়াৰ বিকল্প বাছি লয়, তেন্তে আমি হয়তো আপোনালৈ সেই ৱেবছাইটবোৰ কিছুমান সেৱা প্ৰদান কৰিব নোৱাৰিম। আপুনি যেতিয়া নিজৰ একাউণ্ট খুলিব তেতিয়া আপোনাক সেৱা প্ৰদান কৰিব নোৱাৰাৰ কথাটো জনাবলৈ আমি যথোপযুক্ত প্ৰয়াস কৰিম। আপুনি প্ৰয়োজনীয় ব্যক্তিগত তথ্য প্ৰদান নকৰাৰ কাৰণে আপোনাৰ কিছুমান সেৱা প্ৰদান কৰা নহ’লে কোনো অৱস্থাতে আমি দায়বদ্ধ নাথাকিম বা ইয়াত আমাৰ কোনো দায়িত্ব নাথাকিব। 

II. ব্যক্তিগত তথ্যৰ প্ৰক্ৰিয়াকৰণ

আপোনাৰ য’ত আইনী ভিত্তি আছে কেৱল তাতে হে আমি আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰি প্ৰক্ৰিয়া কৰিম। যি আইনী ভিত্তিত আমি আপোনাৰ ব্যক্তিগত তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰিম তাৰ ভিতৰত আছে আপোনাৰ ব্যক্তিগত তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰাৰ বাবে আপোনাৰপৰা স্পষ্ট সন্মতি গ্ৰহণ কৰা বা আপোনাৰ সেৱা প্ৰদান কৰাৰ কাৰণে প্ৰক্ৰিয়াকৰণৰ প্ৰয়োজনীয়তা থকা “বৈধ স্বাৰ্থ”-ৰ কাৰণে প্ৰক্ৰিয়াকৰণ (যেনে আমাৰ গ্ৰুপ কোম্পানী/সহযোগীৰ দ্বাৰা আপোনাৰ তথ্যৰ প্ৰক্ৰিয়াকৰণ)।

  • আপুনি যদি নিৰ্দিষ্ট কোনো নিউজলেটাৰ আৰু পাব নিবিচাৰে, তেন্তে প্ৰত্যেক নিউজলেটাৰৰ তলৰ অংশৰ কাষতে “unsubscribe” সম্বন্ধীয় যি নিৰ্দেশসমূহ আছে সেইবোৰ অনুসৰণ কৰক।
  • আমাৰ ইউজাৰসকলক অধিক ভাল অভিজ্ঞতা দিবলৈ আৰু আমাৰ সেৱাসমূহক সামগ্ৰিক মান ভাল কৰিবলৈ আমি কুকিজ আৰু অইন প্ৰযুক্তি যেনে পিক্সেল টেগ্স, গুগল এড্স ইত্যাদিৰপৰা সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ। আমি আপোনাক যেতিয়া টেলৰ্ড এড দেখুৱাওঁ, তেতিয়া কুকিজ বা অনুৰূপ প্ৰযুক্তিৰপৰা কোনো চিনাক্তকৰ্তাক সংবেদনশীল দিশসমূহক যেনে জাতি, ধৰ্ম, যৌন অভিমুখিনতা বা স্বাস্থ্য ইত্যাদিৰ সৈতে যুক্ত নকৰোঁ।  
  • আপোনালৈ আপোনাৰ হেণ্ডহেল্ড ডিভাইচত নোটিফিকেশ্বন/নোটিফিকেশ্বনসমূহ প্ৰেৰণ কৰোঁ (নোটিফিকেশ্বন বন্ধ কৰিবলৈ, অনুগ্ৰহ কৰি আপোনাৰ একাউণ্ট ছেটিংছ-ত যাওঁক)।
  • আমাৰ সেৱাৰ বিষয়ে আপোনাৰ সৈতে যোগাযোগ কৰোঁ (যেনে ইমেইল, পুশ্ব নোটিফিকেশ্বনৰ জৰিয়তে), এই কাৰণে যে আমি যেন বিশ্বাস নিউজৰ বিষয়ে বাতৰি, বিশ্বাস নিউজত উপলব্ধ নতুন ফিচাৰ আৰু কনটেণ্টৰ বিষয়ে বিতং তথ্য প্ৰেৰণ কৰিব পাৰোঁ।
  • অধিক ভাল ফিচাৰ আৰু সেৱা প্ৰদান কৰাৰ কাৰণে আমাৰ ৱেবছাইট আৰু ইয়াৰ কনটেণ্টক উন্নত কৰোঁ।
  • আমাৰ পণ্য আৰু সেৱাক উন্নত কৰাৰ লক্ষ্য লৈ বজাৰক লৈ গৱেষণা আৰু সমীক্ষা চলাই আছোঁ।
  • বিচাৰ বিভাগৰ এক্তিয়াৰত থকা যি কোনো এলাকাত অপৰাধ (যেনে প্ৰতাৰণা আৰু অইন বিত্তীয় অপৰাধ ইত্যাদিৰ লগতে অইন বহুতো ধৰণৰ অপৰাধ) প্ৰতিৰোধ, চিনাক্ত, তদন্ত কৰি আছোঁ আৰু অপৰাধৰ বিচাৰ প্ৰক্ৰিয়া চলাই আছোঁ, চিনাক্ত কৰি আছোঁ, সত্যতা পৰীক্ষা কৰি আছোঁ, চৰকাৰ অনুমোদিত অনুসন্ধান চলাই আছোঁ আৰু যথা বিহিত কঠোৰ পৰীক্ষণ চলাই আছোঁ।
  • আইনী বিচাৰ প্ৰক্ৰিয়াৰ (লগতে সম্ভাৱ্য আইনী বিচাৰ প্ৰক্ৰিয়া) সৈতে যুক্ত আইনী অধিকাৰ প্ৰতিষ্ঠা কৰি আছোঁ, মানি আছোঁ বা ৰক্ষা কৰি আছোঁ আৰু সেই ধৰণৰ আইনী বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে পেছাদাৰী বা আইনী পৰামৰ্শ বিচাৰি আছোঁ।
  • আপোনাৰ কাষ্টমাইজড ছাৰ্চ ৰেজাল্ট, চুপাৰিচ আৰু নিৰ্দিষ্ট প্ৰম’শ্বন আৰু অফাৰ প্ৰদান কৰিবলৈ আমাৰ অট’মেটেড ছিষ্টেমে আপোনাৰ কনটেণ্টক বিশ্লেষণ কৰে।
  • আমাৰ দৰ্শকক ভাল দৰে বুজিবলৈ আৰু আমাৰ ৱেবছাইটত বিজ্ঞাপন দিয়াৰ গুৰুত্ব নিশ্চিত কৰিবলৈ বিজ্ঞাপনদাতাসকলক সহায়তা কৰা (অৱশ্যে এইটো আমাৰ ছাইটৰ ভিতৰতে বিভিন্ন পেজত হৈ থকা ট্ৰাফিক সম্বন্ধীয় গড় পৰিসংখ্যাৰ ৰূপতে সাধাৰণতে কৰা হয়)
  • সেৱা বা গোপনীয়তা নীতিৰ চৰ্তত কোনো পৰিৱৰ্তন হ’লে আপোনাৰ জনোৱা হয়
  • আমাৰ সেৱাৰ জৰিয়তে প্ৰদান কৰা ইণ্টাৰেক্টিভ ফিচাৰ, লগতে প্ৰতিযোগিতা আৰু সমীক্ষাত আপোনাৰ অংশগ্ৰহণ কৰিবলৈ দিয়া হয়।
  • আপোনাৰ অধিকাৰ আৰু আপোনালৈ প্ৰদত্ত সেৱা সম্বন্ধে আপোনাৰ জিজ্ঞাসা/উদ্বেগ নিষ্পত্তি কৰিবলৈ আমাৰ গ্ৰাহক সহায়তা টিমৰ সৈতে শ্বেয়াৰ কৰা হয়।

III. তৃতীয় পক্ষৰ সেৱাসমূহ

তৃতীয় পক্ষৰ যি সকল ছাৰ্ভিচ প্ৰ’ভাইডাৰে অনুষ্ঠান, পণ্য, তথ্য আৰু সেৱা পৰিৱেশন কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰে তেওঁলোকক বিশ্বাস নিউজে হয়তো তথ্য প্ৰদান কৰিব পাৰে, সেইবোৰ তথ্যও প্ৰদান কৰিব পাৰে যিবোৰ বিশ্বাস নিউজে ৱেবছাইটৰপৰা সংগ্ৰহ কৰে। বিশ্বাস নিউজৰ কাৰণে ছাৰ্ভিচ প্ৰ’ভাইডাৰসকলেও এটা গুৰুত্বপূৰ্ণ মাধ্যম হয় কিয়নো ইয়াৰ জৰিয়তে হে বিশ্বাস নিউজে নিজৰ ৱেবছাইট আৰু মেইলিং লিষ্টসমূহক চলাই আছে। তৃতীয় পক্ষৰ এইসকল ছাৰ্ভিচ প্ৰ’ভাইডাৰে বিশ্বাস নিউজৰ হৈ যেন ব্যক্তিগত তথ্যক সুৰক্ষিত ৰাখিবলৈ দায়বদ্ধ হৈ থাকে সেয়া নিশ্চিত কৰিবলৈ বিশ্বাস নিউজে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।

যিসকল তৃতীয় পক্ষই বিশ্বাস নিউজৰ হৈ কাম কৰাৰ বাবে বাধ্য নহয় তেওঁলোকক আপোনাৰ সন্মতি অবিহনে ব্যক্তিগত তথ্য হস্তান্তৰ কৰাৰ কোনো উদ্দেশ্য বিশ্বাস নিউজৰ নাই। যদি হে কোনো আইনী উদ্দেশ্যত বা আনুষংগিক সেৱা প্ৰদান কৰাৰ কাৰণে তথ্য দিবলগীয়া হয় তেতিয়া হে দিয়া হ’ব। অনুৰূপ ভাৱে, সন্মতি অবিহনে অনলাইনত সংগৃহীত ব্যক্তিগত তথ্যক বিক্ৰী কৰাটো ‘বিশ্বাস নিউজ’-ৰ নীতি নহয়। 

আপুনি যেতিয়া বিশ্বাস নিউজৰ সৈতে সম্পৰ্কত থাকিব, তেতিয়া আপোনাৰ ব্যক্তিগত তথ্যক ইউৰোপীয়ান ইক’নমিক এৰিয়া (EEA) বা EEA-ৰ বাহিৰত হস্তান্তৰ কৰা হ’ব পাৰে, এই নীতিত উল্লিখিত উদ্দেশ্যসমূহৰ বাবে বা সেই উদ্দেশ্যসমূহ পূৰণ কৰাৰ কামত সহায় কৰিবলৈ তেওঁলোকৰ স্থানীয় ছাৰ্ভিচ প্ৰ’ভাইডাৰসকলক হস্তান্তৰ কৰা হ’ব পাৰে। EEA আৰু EEA-ৰ বাহিৰত হস্তান্তৰৰ বিষয়টো মানদণ্ড সম্পন্ন ডেটা সুৰক্ষা আইনৰ অন্তৰ্ভুক্ত হয়।    

আমাৰ দৰ্শকক ভাল দৰে বুজিবলৈ সহায় কৰাৰ কাৰণে আৰু আমাৰ ৱেবছাইটত বিজ্ঞাপন দিয়াৰ গুৰুত্ব নিশ্চিত কৰিবলৈ আমি আমাৰ বিজ্ঞাপনদাতাসকলক তথ্য দিওঁ। এই কাম আমাৰ ছাইটৰ ভিতৰতে বিভিন্ন পেজত হৈ থকা ট্ৰাফিক সম্বন্ধীয় গড় পৰিসংখ্যাৰ ৰূপতে সাধাৰণতে কৰা হয় 

আপুনি যেতিয়া আমাৰ ৱেবছাইট ভিজিট কৰে তেতিয়া বিজ্ঞাপন পৰিৱেশন কৰাৰ কাৰণে আমি তৃতীয় পক্ষৰ বিজ্ঞাপন কোম্পানীসমূহক ব্যৱহাৰ কৰোঁ। এই কোম্পানীসমূহে আপোনাৰ পছন্দৰ পণ্য আৰু সেৱা সম্বন্ধীয় বিজ্ঞাপন দিয়াৰ কাৰণে তথ্য (যেনে আপোনাৰ ডিভাইচত থকা ছবি/মিডিয়া/ফাইল, ল’কেশ্বন, ইয়াত আৰু অইন ৱেবছাইটত/এপ্লিকেশ্বনত আপোনাৰ ভিজিট সম্বন্ধীয় অডিঅ’) হয়তো ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে, আমাৰ পৰিমণ্ডলত আমি এই তথ্য মজুত কৰি নাৰাখোঁ।

অনুগ্ৰহ কৰি মনত ৰাখিব যে আপুনি যেতিয়া তৃতীয় পক্ষৰ ছাইট বা প্লেটফৰ্মত (যেনে ছ’চিয়েল মিডিয়া লগ ইন-ৰ দৰে আমাৰ ছাইটসমূহ হৈ) আমাৰ বাবে তথ্য প্ৰদান কৰে তেতিয়া আমি আমাৰ ছাইটসমূহৰ সৈতে লিংক-ত থকা এইবোৰ তৃতীয় পক্ষৰ ছাইটৰপৰা যি তথ্য সংগ্ৰহ কৰোঁ সেয়া এই গোপনীয়তা নীতিৰ অন্তৰ্ভুক্ত হয়, আৰু তৃতীয় পক্ষৰ ছাইট বা প্লেটফৰ্মে যি তথ্য সংগ্ৰহ কৰে সেয়া তৃতীয় পক্ষৰ ছাইট বা প্লেটফৰ্মৰ গোপনীয়তা ৰীতি-নীতিৰ সাপেক্ষ হয়। তৃতীয় পক্ষৰ ছাইট বা প্লেটফৰ্মত গোপনীয়তাৰ যি বিকল্প আপুনি বাছনি কৰিব সেয়া সেইবোৰ তথ্য ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব যিবোৰ আমি পোনপটীয়াকৈ আমাৰ ছাইটসমূহৰপৰা সংগ্ৰহ কৰিছোঁ। অনুগ্ৰহ কৰি এয়াও লক্ষ্য ৰাখিব যে আমাৰ ছাইটত অইন এনেকুৱা কিছুমান ছাইটৰ লংক থাকিব পাৰে যিবোৰ আমাৰ মালিকানাধীন বা নিয়ন্ত্ৰণাধীন নহয় আৰু সেইবোৰ ছাইটৰ গোপনীয়তা নীতিৰ ক্ষেত্ৰত আমাৰ কোনো দায়িত্ব নাই। আমি আপোনাক এই উদগনি দি আছোঁ যে অইন যিবোৰ ছাইটে আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিব পাৰে আপুনি তেওঁলোকৰ গোপনীয়তা নীতি পঢ়ি লওঁক। ইয়াত যিবোৰ চৰ্তৰ কথা নিৰ্দিষ্ট ভাৱে উল্লেখ কৰা হোৱা নাই সেইবোৰৰ অৰ্থ ব্যৱহাৰৰ চৰ্তৰ অধীনত প্ৰদত্ত চৰ্তসমূহৰ অৰ্থৰ দৰেই হ’ব।

আপুনি যেতিয়া এটা টাৰ্গেটেড বিজ্ঞাপনৰ মুখামুখি হয় বা দেখা পায় তেতিয়া বিশ্বাস নিউজে সেই বিজ্ঞাপনদাতাক কোনো ব্যক্তিগত তথ্য নিদিয়ে। অৱশ্যে আপুনি যেতিয়া এনেকুৱা বিজ্ঞাপনৰ সন্মুখত পৰে যাৰ বিজ্ঞাপনদাতাৰ এই সম্ভাৱনাক আপুনি এই সন্মতি দি থৈছে যে যাৰ ফলত বিজ্ঞাপনদাতাই অনুমান কৰিব পাৰিব যে আপুনি টাৰ্গেটিং ক্ৰাইটেৰিয়া পূৰণ কৰি আছে নে নাই তেওঁলোকে বিজ্ঞাপন প্ৰদৰ্শন কৰিব পাৰিব।

IV. শিশু

এই ছাইট ব্যৱহাৰ কৰাৰ বাবে সন্মত হোৱাৰ অৰ্থ হ’ল আপোনাৰ ন্যূনতম বয়স (এই পেৰাগ্ৰাফৰ তলত বৰ্ণনা কৰা হৈছে) অৱশ্যেই থাকিব লাগিব বা তাৰ অধিক বয়স হ’ব লাগিব।


এই উদ্দেশ্যসমূহৰ বাবে ন্যূনতম বয়স হ’ব 16 বছৰ। অৱশ্যে, ছাইটত বিশ্বাস নিউজে আইনী প্ৰণালীত সেৱা প্ৰদান কৰিব পৰাকৈ স্থানীয় আইন অনুসৰি আপোনাৰ ন্যূনতম বয়স 16-ৰ অধিক হ’ব লাগিব। ইউৰোপীয় সংঘৰ বাহিৰত বিচাৰ প্ৰক্ৰিয়াৰ এক্তিয়াৰভুক্ত ঠাইত আপুনি যদি বিশ্বাস নিউজ চাব বিচাৰে, তেতিয়া আপোনাৰ বয়স 18 বা আপুনি থকা বিচাৰ বিভাগীয় এক্তিয়াৰৰ এলাকাত প্ৰাপ্তবয়স্ক হোৱাৰ বয়সৰ তুলনাত কম হয় তেন্তে আপোনাক নিজৰ পিতৃ/মাতৃ, আইনী অভিভাবক বা দায়িত্বশীল প্ৰাপ্তবয়স্কৰ তদাৰকীৰ অধীনত থাকি বিশ্বাস নিউজ ব্যৱহাৰ কৰিব লাগিব।

V. তথ্য আদান-প্ৰদান

যি সকল কৰ্মীৰ আমাৰ পণ্য বা সেৱা প্ৰদান কৰাৰ, চালনা কৰাৰ, গঢ়ি তোলাৰ বা উন্নত কৰাৰ কামটোক সম্পূৰ্ণ কৰাৰ কাৰণে যথোপযুক্ত ভাৱে আপোনাৰ ব্যক্তিগত তথ্য জনাটো প্ৰয়োজন হয় বুলি আমি ভাবিলে কেৱল তেওঁলোকৰ কাৰণে সেই তথ্য ব্যৱহাৰৰ অধিকাৰ আমি সীমিত ৰাখিম।

আন মানুহক বা অ-সহযোগী কোম্পানীক বিশ্বাস নিউজে আপোনাৰ ব্যক্তিগত তথ্য ভাড়া নিদিয়ে, বিক্ৰী নকৰে, বা তেওঁলোকৰ সৈতে ভগাই নলয়। অৱশ্যে ইয়াৰ ব্যতিক্ৰম হ’ব তেতিয়া হে যেতিয়া আপোনাক কোনো পণ্য বা সেৱা প্ৰদান কৰাৰ বাবে তাৰ প্ৰয়োজন হ’ব, আমাৰ ওচৰত আপোনাৰ অনুমতি থাকিব, বা তলত উল্লেখ কৰা পৰিস্থিতি দেখা দিলে:

  • চমন, ন্যায়ালয়ৰ নিৰ্দেশ, বা আইনী প্ৰক্ৰিয়াত আমি সঁহাৰি দিয়াৰ ক্ষেত্ৰত, বা আমাৰ আইনী অধিকাৰ প্ৰতিষ্ঠা বা পালন কৰাৰ ক্ষেত্ৰত বা আইনী দাবীৰ বিৰুদ্ধে আত্মপক্ষ সমৰ্থনৰ ক্ষেত্ৰত;
  • আমি বিশ্বাস কৰোঁ যে অবৈধ কাৰ্যকলাপ, সন্দিগ্ধ প্ৰতাৰণা, কোনো ব্যক্তিৰ শাৰীৰিক সুৰক্ষাৰ প্ৰতি আশংকাৰ তদন্ত, প্ৰতিৰোধ বা তাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ, বিশ্বাস নিউজৰ ব্যৱহাৰৰ চৰ্ত লংঘন হ’লে, বা অন্যথা আইনৰ দ্বাৰা প্ৰয়োজন হ’লে তথ্য জনাব লাগে। 
  • যদি বিশ্বাস নিউজ আন কোম্পানীৰ অধীনত গুচি যায় বা আন কোম্পানীৰ সৈতে সংযুক্ত হৈ যায় তেন্তে আমি আপোনাৰ তথ্য হস্তান্তৰ কৰিম। সেই ক্ষেত্ৰত আপোনাৰ তথ্য হস্তান্তৰ কৰাৰ আগতে আৰু সেই তথ্য বেলেগ গোপনীয় নীতিৰ সাপেক্ষ হোৱাৰ আগতে বিশ্বাস নিউজে আপোনাক সেয়া অৱগত কৰিব।  

VI. ব্যক্তিগত তথ্য ৰখা

বিশ্বাস নিউজে আপোনাৰ যি ব্যক্তিগত তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰে সেইবোৰক এনেকৈ ৰখা হয় যে য’ত এই অনুমোদন দিয়া থাকে যে প্ৰযোজ্য আইন, নিয়ম, চুক্তি বা বিধিবদ্ধতা অনুসৰি যি উদ্দেশ্যত ব্যক্তিগত তথ্যৰ যি প্ৰক্ৰিয়াকৰণ কৰা হয় সেই উদ্দেশ্য পূৰণ হোৱাৰ সময়সীমা পাৰ হৈ গ’লে তথ্য ৰাখি দিয়াৰ কোনো প্ৰয়োজন নাই।

সেই ম্যাদ শেষ হোৱাৰ পাছত, আইনী/চুক্তিৰ কাৰণে তথ্য ৰাখি দিয়াৰ বিধি অনুসৰণ কৰাৰ কাৰণে বা প্ৰযোজ্য বিধিবদ্ধ সময়সীমা অনুসৰি আপোনাৰ ব্যক্তিগত তথ্যক মচি পেলোৱা হ’ব বা আৰ্কাইভত প্ৰেৰণ কৰা হ’ব। 

VII. নিৰীক্ষণ

বিশ্বাস নিউজৰ সৈতে আপুনি যোগাযোগ কৰিলে আমাৰ আইনী আৰু নিয়ামক বিধি আৰু আমাৰ আভ্যন্তৰীণ নীতিক মানি চলাৰ দিশটোক নিশ্চিত কৰিবলৈ আইনৰ দ্বাৰা অনুমোদিত পৰিসৰত বিশ্বাস নিউজে সেই যোগাযোগসমূহক ৰেকৰ্ড বা নিৰীক্ষণ কৰিব পাৰে।  

VIII. আপোনাৰ নিয়ন্ত্ৰণ আৰু পছন্দ (GDPR-ৰ অধীনত প্ৰযোজ্য অনুসৰি)

আপোনাৰ ব্যক্তিগত তথ্য এক্সেছ কৰা আৰু শুদ্ধিকৰণ

আপুনি যেতিয়া আমাৰ ৱেবছাইট (বা অইন যি কোনো ছাব ছাইট)-ৰ সেৱাসমূহ ব্যৱহাৰ কৰে, তেতিয়া আপুনি নিজৰ ব্যক্তিগত তথ্য এক্সেছ কৰিব বিচাৰিলে আপোনাক সেই সুবিধা প্ৰদান কৰিবলৈ আমি যথোপযুক্ত প্ৰয়াস কৰোঁ আৰু এয়াও নিশ্চিত কৰি আছোঁ যে যদি কোনো ব্যক্তিগত তথ্য বা সংবেদনশীল ব্যক্তিগত তথ্য দি ভুল থাকে বা নাথাকে তেন্তে সেইটোকো সম্ভৱপৰ ভাৱে শুদ্ধ বা সংশোধন কৰিব পৰা যাব। আমি ব্যক্তি ইউজাৰক কওঁ তেনেকুৱা আৱেদনৰ প্ৰক্ৰিয়াকৰণ কৰাৰ আগতে তেওঁলোকে যেন নিজক আৰু যিবোৰ তথ্য এক্সেছ কৰিব বিচাৰে বা শুদ্ধ কৰিব বিচাৰে সেইবোৰক চিনাক্ত কৰি লয়। যিবোৰ আৱেদন অযৌক্তিক ভাৱে বাৰে-বাৰে কৰা হয় বা প্ৰণালীবদ্ধ ভাৱে কৰা হয়, যিবোৰৰ কাৰণে সামঞ্জস্য নথকা কাৰিকৰী প্ৰয়াস কৰিবলগীয়া হয়, যিবোৰৰ কাৰণে আনৰ গোপনীয়তা বিপন্ন হৈ যায়, বা যিবোৰ অত্যধিক অবাস্তৱ হয় (যেনে বেক আপ টেপত থকা তথ্য সম্বন্ধীয় আৱেদন), যিবোৰ তথ্যৰ অন্যথা প্ৰয়োজন নাই, সেইবোৰ তথ্যৰ প্ৰক্ৰিয়াকৰণক আমি অস্বীকাৰ কৰিব পাৰোঁ। যি কোনো অৱস্থাত, আমি যদি তথ্য এক্সেছ বা শুদ্ধ কৰাৰ সুবিধা প্ৰদান কৰোঁ, তেন্তে সেয়া আমি নিঃশুল্ক ভাৱে কৰিম। ইয়াৰ ব্যতিক্ৰম হ’ব তেতিয়া হে যেতিয়া সেই কামৰ বাবে সামঞ্জস্য নোহোৱাকৈ প্ৰয়াস কৰিবলগীয়া হয়। আপুনি এই ধৰণৰ আৱেদন ইমেইল প্ৰেৰণ কৰি জনাব পাৰে।    

শুদ্ধ কৰাৰ অধিকাৰ

আমাৰ ওচৰত আপডেট কৰিব পৰা যিবোৰ ভুল বা অসম্পূৰ্ণ ডেটা থাকে সেইবোৰ শুদ্ধ কৰাৰ অধিকাৰ আপোনাৰ আছে। অনতিপলমে আপুনি নিজৰ সম্বন্ধীয় যি কোনো অসম্পূৰ্ণ বা ভুল তথ্যক বিশ্বাস নিউজৰপৰা লৈ শুদ্ধ কৰিব পাৰে। 

ডেটা প’ৰ্টেবিলিটি

আপুনি আমাক গাঁথনি থকা, সাধাৰণ ভাৱে ব্যৱহৃত, আৰু মেশ্বিনে পঢ়িব পৰা যি ফৰ্মেটত ব্যক্তিগত তথ্য দিছে সেইবোৰৰ প্ৰতিলিপি পোৱাৰ আৱেদন আপুনি জনাব পাৰে, আৰু য’ত সম্ভৱপৰ হয় তাত অইন নিয়ন্ত্ৰকলৈ তথ্য সঞ্চাৰ কৰাৰ অধিকাৰো আছে। 

ডেটা নিশ্চয়তা

আপোনাক সেৱা প্ৰদান কৰাৰ কাৰণে আমাৰ ওচৰত যিমান দিনলৈ আপোনাৰ ব্যক্তিগত তথ্য ৰখাৰ প্ৰয়োজন হ’ব সিমান দিনলৈ বা আপুনি যিদিনা আমাক ক’ব যে আপোনাৰ ব্যক্তিগত তথ্য ৰাখিব নালাগে সেই দিনলৈ আমি আপোনাৰ ব্যক্তিগত তথ্য লগত ৰাখিম। আপুনি যদি বিচাৰে যে আমি যেন আপোনাৰ তথ্য আৰু ব্যৱহাৰ নকৰোঁ তেন্তে আপুনি এই বুলি আৱেদন জনাব পাৰে যে আমি যেন আপোনাৰ ব্যক্তিগত তথ্য মচি পেলাওঁ। অনুগ্ৰহ কৰি মনত ৰাখিব যে যদি আপুনি আপোনাৰ ব্যক্তিগত তথ্য মচি পেলোৱাৰ আৱেদন জনায় তেন্তে;

  • আমি হয়তো আমাৰ বৈধ ব্যৱসায়িক স্বাৰ্থৰ বাবে প্ৰয়োজন অনুসৰি আপোনাৰ কিছুমান ব্যক্তিগত তথ্য নিজৰ লগত ৰাখি দিব পাৰোঁ। ব্যৱসায়িক স্বাৰ্থ যেনে প্ৰতাৰণা চিনাক্তকৰণ আৰু প্ৰতিৰোধ আৰু সুৰক্ষা বৃদ্ধি।
  • আমি হয়তো আপোনাৰ ব্যক্তিগত তথ্যক নিজৰ লগত ৰাখি ব্যৱহাৰ কৰিম আমাৰ আইনী বিধিবদ্ধ নিয়মক মানি চলাৰ প্ৰয়োজন অনুসৰি।
  • আপুনি আনক যিবোৰ তথ্য দিছে (যেনে মন্তব্য, বাতৰি/নিবন্ধৰ পোষ্ট), সেইবোৰ আপোনাৰ একাউণ্ট বাতিল হৈ যোৱাৰ পাছতো বিশ্বাস নিউজ সেৱাসমূহত ৰাজহুৱা ভাৱে দৃশ্যমান হৈ থাকিব। অৱশ্যে, তেনে তথ্যৰ লগত যুক্ত আপোনাৰ তথ্য আঁতৰাই দিয়া হ’ব। লগতে, আপোনাৰ তথ্যৰ কিছুমান প্ৰতিলিপি (যেনে লগ ৰেকৰ্ড) আমাৰ ডেটাবেছতে থাকি যাব পাৰে, কিন্তু সেইবোৰ ব্যক্তিগত চিনাক্তকাৰকৰপৰা বিযুক্ত হৈ যাব।
  • আমি যেনেকৈ আমাৰ কিছুমান সেৱা চলাই যাওঁ, তাৰ বাবে আপুনি নিজৰ তথ্য মচি পেলোৱাৰ পাছতো, অৱশিষ্ট প্ৰতিলিপিসমূহ আমাৰ সক্ৰিয় ছাৰ্ভাৰৰপৰা মচি যাবলৈ কিছু সময় ল’ব আৰু আমাৰ বেক আপ ছিষ্টেমত সেইবোৰ থাকি যাব পাৰে।

সন্মতি প্ৰত্যাহাৰ আৰু প্ৰক্ৰিয়াকৰণত বিধিনিষেধ

আপুনি আমাৰ সেৱা লাভ কৰাৰ ম্যাদৰ ভিতৰত যি কোনো সময়ত আপুনি যদি নিজৰ সন্মতি প্ৰত্যাহাৰ কৰিব বিচাৰে, তেন্তে আপুনি আমালৈ এটা ই-মেইল প্ৰেৰণ কৰি সেই বিকল্প গ্ৰহণ কৰিব পাৰে।

প্ৰক্ৰিয়াকৰণত আপত্তি জনোৱাৰ অধিকাৰ

আইন অনুসৰি অত্যন্ত বিশেষ ক্ষেত্ৰৰ বাহিৰে আন যিকোনো ক্ষেত্ৰত আপুনি নিজৰ বিশেষ পৰিস্থিতিৰ ভিত্তিত আপোনাৰ লগত সম্বন্ধীয় ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণত আপত্তি জনোৱাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে যি কোনো সময়ত। আপোনাৰ ব্যক্তিগত তথ্যক প্ৰত্যক্ষ বিপণনৰ কামৰ বাবে প্ৰক্ৰিয়াকৰণ কৰা হ’লে আপুনি যি কোনো সময়ত আপত্তি কৰাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। 

আপত্তি কৰাৰ অধিকাৰ কেৱল অট’মেটেড প্ৰক্ৰিয়াকৰণ ভিত্তিক সিদ্ধান্ত, লগতে প্ৰ’ফাইলিং-ৰ সাপেক্ষ হয়  

আপোনাৰ উপৰত আইনী প্ৰভাৱ পেলাব পৰা বা আপোনাক গুৰুতৰ ভাৱে প্ৰভাৱিত কৰা কেৱল অট’মেটেড প্ৰক্ৰিয়াকৰণ, লগতে প্ৰ’ফাইলিং-ৰ উপৰত নিৰ্ভৰশীল সিদ্ধান্তৰ সাপেক্ষ হৈ নথকাৰ অধিকাৰ আপোনাৰ আছে। আইন অনুসৰি বিশেষ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ’ব।  

উপৰত উল্লেখ কৰা অধিকাৰ সম্বন্ধীয় কোনো আৱেদনৰ ভিত্তিত যি পদক্ষেপ গ্ৰহণ কৰা হ’ব সেই সম্বন্ধীয় তথ্য বিশ্বাস নিউজে অযৌক্তিক বিলম্ব নকৰাকৈ প্ৰদান কৰিব আৰু যি কোনো অৱস্থাত আৱেদন লাভ কৰাৰ এ মাহৰ ভিতৰত সেয়া জনাব। অৱশ্যে আৱেদনৰ জটিলতা আৰু সংখ্যাৰ কথা বিবেচনা কৰি সেই সময়টো প্ৰয়োজন অনুসৰি আৰু দুই মাহ বাঢ়ি যাব পাৰে। আৱেদন লাভ কৰাৰ পাছত বিশ্বাস নিউজে এমাহৰ ভিতৰতে সেই সময় বৃদ্ধিৰ কথা আৰু লগতে বিলম্ব হোৱাৰ কাৰণ ডেটা ছাবজেক্টক অৱগত কৰিব।

অভিযোগ

আপোনাৰ ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণক লৈ আপোনাৰ কোনো অভিযোগ থাকিলে আপুনি contact@vishvasnews.com-ত আমাৰ গোপনীয়তা সম্বন্ধীয় বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। বিশ্বাস নিউজে ডেটা প্ৰক্ৰিয়াকৰণৰ যি কাম কৰে সেই বিষয়ে উপযুক্ত ডেটা সুৰক্ষা বিষয়াৰ ওচৰত অভিযোগ জনোৱাৰ অধিকাৰ আপোনাৰ আছে।

IX. নিৰাপত্তা আৰু আইন মানি চলা

ডেটাক অনুমোদনহীন ভাৱে এক্সেছ কৰা বা অনুমোদনহীন ভাৱে পৰিৱৰ্তন কৰা, প্ৰকাশ কৰা বা নষ্ট কৰাক ৰোধ কৰিবলৈ আমি উপযুক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰোঁ। এই ব্যৱস্থাৰ ভিতৰত আছে আমাৰ ডেটা সংগ্ৰহ, মজুতকৰণ আৰু প্ৰক্ৰিয়াকৰণ নীতি আৰু নিৰাপত্তা ব্যৱস্থাৰ আভ্যন্তৰীণ পৰ্যালোচনা, লগতে আমি য’ত ব্যক্তিগত তথ্য মজুত কৰোঁ সেই ছিষ্টেমক অনুমোদনহীন এক্সেছৰপৰা ৰক্ষা কৰিবলৈ উপযুক্ত এনক্ৰিপশ্বন আৰু ফিজিকেল ছিকিউৰিটিৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। যিবোৰ তথ্য একত্ৰিত কৰা হয় সেইবোৰক সুৰক্ষিত ভাৱে কোম্পানীৰ দ্বাৰা নিয়ন্ত্ৰিত ডেটাবেছত মজুত কৰি থোৱা হয়। ডেটাবেছক মজুত ৰখা হয় ক্লাউডত এটা ফায়াৰৱালৰ পিছ ফালে সুৰক্ষিত ভাৱে থকা ছাৰ্ভাৰসমূহত। সেই ছাৰ্ভাৰসমূহক এক্সেছ কৰিবলৈ হ’লে পাছৱৰ্ডৰ প্ৰয়োজন হয় আৰু সেয়া সকলক দিয়া নহয়। এই নিয়ম কঠোৰ ভাৱে মানি চলা হয়। আপুনি যদি গম পায় বা আপোনাৰ মনত যদি এনেকুৱা কোনো ভাৱ দেখা দিয়াৰ উপযুক্ত কাৰণ থাকে যে আপোনাৰ বিশ্বাস নিউজ একাউণ্টৰ ক্ৰেডেনশ্বিয়েলবোৰ হেৰাই গৈছে, চুৰ হৈছে, পৰিৱৰ্তন কৰা হৈছে, বা অন্যথা বিকৃত কৰা হৈছে বা আপোনাৰ একাউণ্টক সঁচাকৈ অনুমোদনহীন ভাৱে ব্যৱহাৰ কৰা হৈছে বা এই সন্দেহ দেখা দিছে, তেন্তে অনুগ্ৰহ কৰি আমাৰ গ্ৰাহক সহায়তা টিমৰ সৈতে যোগাযোগৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰক।

X. চিয়েল মিডিয়া

আপোনাক তথ্য অৱগত কৰিবলৈ, সহায়তা কৰিবলৈ আৰু আপোনাৰ সৈতে যুক্ত হৈ থাকিবলৈ বিশ্বাস নিউজে কিছুমান ছ’চিয়েল মিডিয়া ছাইট চেনেল, পেজ আৰু একাউণ্ট চলায়। বিশ্বাস নিউজে নিজৰ সেৱাসমূহক উন্নত কৰাৰ বাবে সেই চেনেলবোৰত কোনোবাই কিবা মন্তব্য বা পোষ্ট কৰিলে সেইবোৰক বিশ্বাস নিউজে নিৰীক্ষণ কৰে আৰু ৰেকৰ্ড কৰে।


অনুগ্ৰহ কৰি মনত ৰাখিব যে তেনেকুৱা ছ’চিয়েল মিডিয়া ছাইটবোৰৰ জৰিয়তে তলৰ তথ্যবোৰ বিশ্বাস নিউজক নজনাব:

  • সংবেদনশীল ব্যক্তিগত তথ্য যেনে (i) ব্যক্তিগত তথ্যৰ বিশেষ শ্ৰেণী অৰ্থাৎ এনেকুৱা যি কোনো তথ্য যি বৰ্ণ বা জাতিগত উৎস, ৰাজনৈতিক মত, ধৰ্মীয় বা দাৰ্শনিক বিশ্বাস, বা শ্ৰমিক সংঘৰ সদস্যতাক প্ৰকাশ কৰে, আৰু স্বাভাৱিক এজন ব্যক্তিক অভিন্ন ভাৱে চিনাক্ত কৰাৰ উদ্দেশ্যত যিবোৰ তথ্যৰ সহায়ত জিন সম্বন্ধীয় তথ্য, বায়’মেট্ৰিক তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰিব পৰা যায়, স্বাস্থ্য সম্বন্ধীয় তথ্য বা স্বাভাৱিক ব্যক্তিৰ যৌন জীৱন বা যৌন অভিমুখিনতা সম্বন্ধীয় তথ্য আৰু (ii) অন্যান্য সংবেদনশীল তথ্য যেনে ফৌজদাৰী দণ্ডাজ্ঞা আৰু অপৰাধ আৰু ৰাষ্ট্ৰীয় চিনাক্তকৰণ সংখ্যা;
  • কোনো ব্যক্তিৰ বিৰুদ্ধে অতিপাত, অনুপযুক্ত, আপত্তিজনক বা অপমানজনক তথ্য।

বিশ্বাস নিউজৰ কৰ্মীসকলে সেইবোৰ ছাইটত যিবোৰ তথ্য পোষ্ট কৰিব সেইবোৰৰ বাহিৰে পোষ্ট হোৱা আন কোনো তথ্যৰ দায়িত্ব বিশ্বাস নিউজে নল’ব। তেনেকুৱা ছাইটৰপৰা প্ৰাপ্ত ব্যক্তিগত তথ্যক বিশ্বাস নিউজে নিজৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত হে দায়িত্ব ল’ব।

XI. নীতিত পৰিৱৰ্তন

যি কোনো সময়ত এই নীতিক আপডেট, পৰিৱৰ্তন বা কিঞ্চিত সলনি কৰাৰ অধিকাৰ বিশ্বাস নিউজৰ আছে। তেনেকুৱা আপডেট, পৰিৱৰ্তন বা কিঞ্চিত সলনি হোৱাৰ তাৰিখৰপৰা এই নীতি কাৰ্যকৰী হ’ব।

XII. যোগাযোগৰ তথ্য

সহায়তা

আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰক লৈ বা এই গোপনীয়তা নীতিক লৈ আপোনাৰ কোনো তথ্য বা স্পষ্টীকৰণ জানিবলগীয়া হ’লে বা আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰক লৈ কোনো অভাৱ-অভিযোগ থাকিলে, অনুগ্ৰহ কৰি আমাক ইমেইল কৰক ইয়াত: contact@vishvasnews.com.

ডাক ঠিকনা

MMI অনলাইন লি.
প্লট নং.- C-1, 2001

21 সংখ্যক মহলা, টাৱাৰ B, WTT
ছেক্টৰ-16, নইডা, উত্তৰ প্ৰদেশ 201301

XIII. অস্বীকৰণ

বিশ্বাস নিউজে বাধ্যতামূলক ভাৱেই হওক বা ঐচ্ছিক ভাৱেই হওক আপোনাৰপৰা কোনো ব্যক্তিগত তথ্য নিবিচাৰিলেও সেই তথ্য আপুনি যদি দিয়ে তেন্তে তাৰ বাবে বিশ্বাস নিউজ দায়বদ্ধ নাথাকিব; সেইটোক ইচ্ছাকৃত আৰু উদ্দেশ্যপ্ৰণোদিত ভাৱে দিয়া হৈছে বুলি ধৰি লোৱা হ’ব; তেনেকুৱা তথ্য লংঘন হ’লে বিশ্বাস নিউজ তাৰ বাবে দায়বদ্ধ নাথাকিব। 

রিসেন্ট পোস্টস